Logo
image

নৈঋতাকে যুৱ কংগ্ৰেছ গতোৱাৰ চিন্তা-চৰ্চা ৰাজীৱ ভৱনৰ

আমাৰ অসম, ১৯ আগষ্টঃ সুস্মিতা দেবে দল এৰি গ’ল৷ প্ৰায় একে সময়তেই ৰাজীৱ ভৱনত আহি সোমালহি এক তৰুণী৷ তৃণমূলমুখী সুস্মিতা দেবৰ পৰা কেমেৰা আৰু প্ৰচাৰ মাধ্যমৰ মুখ খন্তেকৰ বাবে হ’লেও এই সুন্দৰী গ্লেমাৰাছ তৰুণীৰ পিনে ঘূৰি গ’ল৷ মঙলবাৰে গুৱাহাটীৰ কংগ্ৰেছ মুখ্য কাৰ্যালয়ত সভাপতি ভূপেন বৰাৰ উপস্থিতিত দলত যোগ দিলে নৈঋতা জয়শুক্ল। কোন এই নৈঋতা? নৈঋতা জয়শুক্ল হৈছে বৰাক কংগ্ৰেছৰ অন্যতম  বটবৃক্ষস্বৰূপ প্ৰাক্তন সাংসদ ললিত মোহন শুক্লবৈদ্যৰ নাতিনী৷ দিল্লীৰ ৰামজছ কলেজৰ প্ৰাক্তন সাধাৰণ সম্পাদক নৈঋতাৰ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে আছে সুসম্পৰ্ক৷ পূৰ্বে ৰামজছ কলেজৰ সাধাৰণ সম্পাদক পদত থকা সুত্ৰে তেওঁৰ কংগ্ৰেছ নেতৃত্বৰ সৈতে আছে সুসম্পৰ্ক৷ শেহতীয়াভাৱে তেওঁ কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ পাছতে ৰাজীৱ ভৱনে তেওঁক বিশেষ দায়িত্ব দিব নেকি চৰ্চা হৈছে৷ কংগ্ৰেছত শেহতীয়াভাৱে যোগদান কৰা যুৱ উদ্যোগী নৈঋতা জয়শুক্লক দিয়া হ’ব নেকি যুৱ কংগ্ৰেছৰ দায়িত্ব? প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ’ৰাত ইয়াক লৈ ব্যাপক চৰ্চা হৈছে৷ বৰাকৰ শক্তিশালী কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেবৰ পদত্যাগৰ পাছতে চিন্তিত হৈ পৰিছিল কংগ্ৰেছ নেতৃত্ব৷ ৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ দায়িত্ব পালন কৰা সুস্মিতা দেবৰ আকস্মিক দল ত্যাগৰ পিছতে বিমোৰত পৰিছিল দলটো৷ কিন্তু কংগ্ৰেছ নেতৃত্বৰ দুঃচিন্তা আঁতৰ হয় যুৱ উদ্যোগী নৈঋতা জয়শুক্লৰ কংগ্ৰেছত যোগদানৰ পাছতে৷ প্ৰদেশ কংগ্ৰেছৰ এটা শীৰ্ষ সূত্ৰ মতে যুৱ কংগ্ৰেছক অধিক গতিশীল কৰাৰ বাবে নৈঋতাক যুৱ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিয়াৰ চিন্তা-চৰ্চা কৰা হৈছে৷ কংগ্ৰেছৰ সূত্ৰটোৰ মতে ৰামজছ কলেজৰ প্ৰাক্তন সাধাৰণ সম্পাদক নৈঋতাৰ প্ৰচুৰ সম্ভাৱনা আছে৷ বৰাকত যুৱ প্ৰজন্মৰ মাজত অতি জনপ্ৰিয় নৈঋতা৷ কংগ্ৰেছৰ পৰা সুস্মিতা দেৱে পদত্যাগ কৰাৰ পাছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ১৫ দিনৰ ভিতৰত সুস্মিতা দেবৰ বিকল্প বিচাৰি উলিয়াব বুলি দাবী কৰিছিল৷ কিন্তু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সুস্মিতা দেবে পদত্যাগ কৰাৰ তিনি দিন পাছতে তেওঁ বিকল্প হিচাপে বিচাৰি উলিয়ায় সম্ভাৱনাময়ী নৈঋতাক৷ নৈঋতাই কংগ্ৰেছত যোগদান কৰি দিয়া বক্তব্যতে প্ৰকাশ পাইছিল উজ্জ্বল সম্ভাৱনা৷ ইফালে কংগ্ৰেছত দুজনকৈ বিধায়ক আৰু বৰাকৰ শক্তিশালী নেত্ৰীয়ে কংগ্ৰেছ ত্যাগ কৰাৰ পাছত বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই কংগ্ৰেছৰ খহনীয়া ৰোধৰ বাবে জিঅ’ বেগ, পাৰ্কুপাইনৰ ব্যৱস্থা কৰিবলৈ কংগ্ৰেছ নেতৃত্বক আহ্বান জনাইছে৷ কংগ্ৰেছক কাৰ্যতঃ ৰাজহুৱাভাৱে উপলুঙা কৰি প্ৰদেশ বিজেপিৰ সভাপতিজনে কয়– কংগ্ৰেছত এতিয়া ব্যাপক হাৰত খহনীয়া হৈছে৷ এই খহনীয়া ৰোধ কৰিবলৈ যদি কংগ্ৰেছে জিঅ’ বেগ, পাৰ্কুপাইনৰ ব্যৱস্থা নকৰে অসমত কংগ্ৰেছ নাথাকিব৷ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ বক্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাই৷ বুধবাৰে গুৱাহাটী ৰাজীৱ ভৱনত এখন সংবাদ মেল আয়োজন কৰি বৰাই কয়– আজিৰ পৰা কিছুদিনৰ আগতে কংগ্ৰেছৰ দুগৰাকী বিধায়ক ক্ৰমে ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোহাঁইয়ে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পাছত দুদিন পূৰ্বে কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱেও কংগ্ৰেছ দল ত্যাগ কৰাৰ পৰিপ্ৰেক্ষিতত কিছু মহলে কংগ্ৰেছ দল একেবাৰে নিঃশেষ হৈ যাব ধৰিছে বুলি অপপ্ৰচাৰ চলাই কংগ্ৰেছৰ কৰ্মীসকলৰ মনোবল ভাঙিব বিচাৰিছে৷ এইকেইজন নেতাৰ পদত্যাগ কংগ্ৰেছ দলত সাময়িকভাৱে এক ঋণাত্মক প্ৰভাৱ পেলাইছে যদিও ই অতি ক্ষণস্থায়ী৷ কিয়নো, যিকোনো ৰাজনৈতিক দলত দলৰ পৰা পদত্যাগ কৰা আৰু আন দলৰ পৰা নতুন নেতা-কৰ্মী আহি যোগদান কৰা এক নিত্য নৈমিত্তিক ঘটনা৷ কংগ্ৰেছৰ এই কেইগৰাকী নেতাৰ পদত্যাগৰ আলমত অসমত বিজেপি অতি উৎফুল্লিত হৈছে যদিও সৰ্বভাৰতীয় পৰ্যায়ত বিজেপিয়ে বৰ্তমান দুবাৰকৈ কেন্দ্ৰত চৰকাৰ গঠন কৰিছে যদিও সমগ্ৰ ভাৰতবৰ্ষত বিজেপি গা কৰি উঠিব পৰা নাই৷ ভাৰতৰ ২৮খন ৰাজ্য আৰু আঠখন  কেন্দ্ৰীয়শাসিত অঞ্চলৰ ভিতৰত মাত্ৰ এঘাৰখন ৰাজ্যতহে বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে৷ ইয়াৰ ভিতৰত মধ্য প্ৰদেশ আৰু কৰ্ণাটকত কংগ্ৰেছৰ চৰকাৰে পিছ দুৱাৰেদি ভংগ কৰিহে বিজেপিয়ে চৰকাৰ কৰিছে আৰু মণিপুৰত কংগ্ৰেছ সৰ্ব বৃহৎ দল হোৱা সত্বেও বিধায়ক কিনা-বেচা কৰিহে বিজেপি চৰকাৰ হৈছে৷ ইয়াৰ বিপৰীতে যি চাৰিখন ৰাজ্যত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ আছে সেইকেইখনত বিজেপিৰ স্থিতি এনেধৰণৰ– মেঘালয় ৬০ৰ ভিতৰত দুখন আসন, বিহাৰত ২৪৩ৰ ভিতৰত ৫৩খন আসন, জম্মু-কাশ্মীৰত ৮৭ৰ ভিতৰত ২৫খন আসন আৰু গোৱাত ৪০ৰ ভিতৰত ১৩খন আসন৷ ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ মুঠ বিধানসভা আসনৰ সংখ্যা হৈছে ৪১৩৯ আৰু বিজেপিৰ দখলত আছে ১৫১৬ খন আসন৷ অৰ্থাৎ সমগ্ৰ দেশৰ বিধানসভাৰ মুঠ আসনৰ ৬৬ শতাংশ আসনত বিজেপি পৰাজিত হৈছে৷ ইয়াৰ পৰা এইটো স্পষ্ট যে ভাৰতবৰ্ষত মাত্ৰ কেইটামান নিৰ্দিষ্ট এলেকাতহে বিজেপি সীমাৱদ্ধ৷ সমগ্ৰ দেশৰ সকলো জনসাধাৰণৰ মাজত বিজেপিয়ে তেওঁলোকৰ গ্ৰহণযোগ্যতা সাব্যস্ত কৰিব পৰা নাই৷