Logo
image

ৰাজহুৱা সম্পত্তি বিক্ৰীৰ তালিকাত অসমৰ কি কি

আমাৰ অসম, ২৭ আগষ্টঃ দেশৰ ৰাজহুৱা খণ্ডৰ সম্পদ বিক্ৰী কৰি ৬ লাখ কোটি টকা আহৰণেৰে ৰাজভঁৰাল চহকী কৰাৰ পৰিকল্পনা কৰিছে মোদী চৰকাৰে৷ নেচনেল মনিটাইজেচন পাইপলাইন অৰ্থাৎ ৰাষ্ট্ৰীয় মুদ্ৰাকৰণ যোজনা নামেৰে কেন্দ্ৰীয় চৰকাৰে আদানি, আম্বানি মালিকানাধীন প্ৰতিষ্ঠানকে ধৰি ব্যক্তিগত সংস্থাক গতোৱাৰ বাবে ৰাজহুৱা খণ্ডৰ বিভিন্ন বিভাগ আৰু সংস্থাক ইতিমধ্যে তালিকাভুক্ত কৰিছে৷ বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ আদানিক গতোৱাক কেন্দ্ৰ কৰি ৰাজ্য উত্তাল হৈ থকাৰ সময়তে অসমৰ এইবাৰ আন কেইবাটাও সম্পদ নেচনেল মনিটাইজেচন পাইপলাইনত অন্তৰ্ভুক্ত কৰিছে মোদী চৰকাৰে৷ অহা চাৰি বছৰৰ ভিতৰত অসমৰ এইসমূহ ৰাজহুৱা খণ্ড তথা কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ সম্পদ ব্যক্তিগত খণ্ডক গতাই দিয়া হ’ব৷ ৰাষ্ট্ৰীয় মুদ্ৰাকৰণ যোজনাত দেশৰ ৭৬১টা কয়লা ক্ষেত্ৰ বেচৰকাৰী কৰণেৰে ২৪,৯৪৯ কোটি টকা আহৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ অৱশ্যে এই আঁচনিত তালিকাভুক্ত কৰা কল মাইনিং ব্লকসমূহৰ নাম বৰ্তমানলৈ ৰাজহুৱা কৰা নাই যদিও মাৰ্ঘেৰিটাৰ নৰ্থ ইষ্টাৰ্ণ কলফিল্ড অন্তৰ্ভুক্ত হোৱা বুলি দাবী কৰিছে কল ইণ্ডিয়াৰ শ্ৰমিক-কৰ্মচাৰী ইউনিয়নে৷ কল ইণ্ডিয়াৰ ই চি এল কৰ্মচাৰী ইউনিয়নে বুধবাৰে কলকাতাত কেন্দ্ৰীয় চৰকাৰৰ বেচৰকাৰী আঁচনিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য, মাৰ্ঘেৰিটাৰ নৰ্থ-ইষ্টাৰ্ণ কল ফিল্ডৰ উৎপাদন ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা বন্ধ কৰি ৰখা হৈছে৷ পূৰ্বতে নৰ্থ ইষ্টাৰ্ণ কলফিল্ডৰ অধীনত খননৰ দায়িত্ব দুটা বেচৰকাৰী সংস্থা ‘ডেক’ আৰু ‘এন এম ই’ক গটোৱা হৈছিল যদিও  ব্যৱসায়িক কৰ্তৃত্ব কোম্পানীৰ হাততে আছিল৷ কিন্তু এতিয়া নৰ্থ ইষ্টাৰ্ণ কল ফিল্ডৰ কয়লাখনিৰ উৎপাদনৰ পৰা আৰম্ভ কৰি বিক্ৰী তথা ব্যৱসায়লৈকে সকলো আদানিৰ হাতলৈ যাব বুলিও শ্ৰমিক-কৰ্মচাৰীসকলে আশংকা ব্যক্ত কৰিছে৷ তদুপৰি বেচৰকাৰীকৰণৰ তালিকাত প্ৰাকৃতিক গেছ পাইপলাইন আঁচনিৰ অধীনত জগদীশপুৰ-হালদিয়া আৰু বাৰাউনি-গুৱাহাটী পাইপলাইন নেটৱৰ্ক [JHBGPL] ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰা হ’ব৷ দেশৰ মুঠ ১২ টা পাইপলাইন প্ৰকল্প ব্যক্তিগতকৰণ কৰি ২৪.৪৬২ কোটি টকা আহৰণৰ পৰিকল্পনা কৰিছে৷ তদুপৰি দূৰ সংযোগৰ ক্ষেত্ৰতো ভাৰতনেট ফাইবাৰ নেটৱৰ্কৰ অসম সেৱা ক্ষেত্ৰ আৰু বি এছ এন এলৰ টাৱাৰ বিক্ৰীৰ বাবেও তালিকাভুক্ত কৰিছে৷ ৰাষ্ট্ৰীয় মুদ্ৰাকৰণ যোজনাত অধীনত গুৱাহাটীৰ পল্টন বজাৰত থকা ছাই প্ৰকল্প বেচৰকাৰী প্ৰতিষ্ঠানক গটোৱা হ’ব৷ দেশৰ এই ক্ৰীড়া প্ৰকল্পসমূহ ব্যক্তিগতকৰণৰ জৰিয়তে প্ৰায় ১১ হাজাৰ কোটি টকা আহৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ তদুপৰি অসমৰ-শ্বিলং বাইপাছৰ ৪৯ কিলোমিটাৰ ঘাইপথৰ মালিকীস্বত্ব ব্যক্তিগত কোম্পানীক গটোৱা হ’ব৷ ইয়াৰ দ্বাৰা নাগৰিকৰ যাতায়াত যে ব্যয়বহুল হৈ পৰিব সেয়া খাটাং৷ তদুপৰি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনত যাত্ৰীবাহী ৰে’লৰ ব্যক্তিগতকৰণৰ সম্ভাৱনা ব্যক্ত কৰিছে একাংশ ৰে’ল কৰ্মচাৰীয়ে৷