Logo
image

বান্ধৰ ২ মিটাৰ ওপৰেৰে বাগৰিছে পানী, ভূমিস্খলন

সোৱণশিৰিত বিষম পৰিস্থিতি

আমাৰ অসম, ২৮ আগষ্টঃ অৰুণাচল প্ৰদেশৰ গেৰুকামুখত সোৱণশিৰি নদীৰ ওপৰত নিৰ্মীয়মান বৃহৎ নদীবান্ধ প্ৰকল্পটোৰ ২ মিটাৰ ওপৰেৰে এতিয়া পানী বাগৰিবলৈ লোৱাত প্ৰকল্পস্থলীৰ লগতে নামনিত একপ্ৰকাৰে আতংকৰ সৃষ্টি হৈছে৷ ২০০০ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদনৰ লক্ষ্যৰে গেৰুকামুখৰ সোৱণশিৰি নদীত নিৰ্মীয়মান এই প্ৰকল্পটোৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ সময়তে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ ওপৰেৰে পানী বাগৰাৰ লগতে গেৰুকামুখত ভূমিস্খলন হোৱাৰ ফলত চৌদিশে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ যাৰ বাবে এতিয়া প্ৰকল্পস্থলীত কাম স্তব্ধ হৈ পৰিছে৷ ইফালে সোৱণশিৰি নদীৰে বৈ অহা অতিৰিক্ত পানীভাগ প্ৰকল্পটোৰ ৮টা ডাইভাৰ্ছন টানেলৰ জৰিয়তে উলিয়াই দিয়া হয় যদিও গেৰুকামুখ পাহাৰৰ পৰা প্ৰচণ্ড গতিৰে নামি অহা পানীৰ ঢল, বৃহৎ বৃহৎ কাঠৰ কুণ্ডা, গছ-গছনি, জাবৰ-জোথৰে ইয়াৰ একাংশ টানেল বন্ধ হৈ পৰাত মূল বান্ধৰ ওপৰেৰে পানী ববলৈ ধৰিছে৷ সোৱণশিৰি নদীৰৰ উৎসত প্ৰচণ্ড বৰষুণ হোৱাৰ ফলত বান্ধত বিপৰ্যয়ৰ সৃষ্টি হৈছে৷ যাৰ ফলত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পাৱাৰ হাউচলৈয়ো ভাবুকি নামি আহিছে৷ উল্লেখনীয় কথা যে, সোৱণশিৰি নদীৰ ওপৰত এন এইচ পি চিয়ে ১১৬ মিটাৰ উচ্ছতাৰ বান্ধ নিৰ্মাণ কৰি ২০০০ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদনৰ বাবে দিনে-নিশাই যুদ্ধকালিন প্ৰস্তুতিৰে নিৰ্মাণকাৰ্য চলাই নিয়াৰ সময়তে আৰু প্ৰকল্পটোৰ মূল বান্ধৰ নিৰ্মাণকাৰ্য আৰু ১০-১৫মিটাৰ বাকী থকা অৱস্থাত এনেদৰে কালিৰে পৰা পানী বাগৰিবলৈ ধৰাত জটিল পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ উল্লেখ্য যে, চলিত বৰ্ষৰ ভিতৰতে নদীবান্ধ প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ বাবে এন এইচ পি চি কতৃৰ্পক্ষই নিৰ্মাণকাৰ্য চলাই নিয়াৰ সময়তে শেহতীয়াকৈ প্ৰকল্পটোত এনে অথন্তৰ ঘটা কাৰ্যত কতৃৰ্পক্ষও বিমোৰত পৰিছে৷ তাৎপৰ্যপূৰ্ণ কথা যে, বৃহৎ নদীবান্ধ প্ৰকল্পটোৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, টি এম পি কে, কৃষক মুক্তি সংগ্ৰাম সমিতি আদি বহু দল-সংগঠনে এই বৃহৎ নদীবান্ধৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাই আন্দোলনৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰি অহাৰ পাছতো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সহযোগত শেহতীয়াকৈ প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য প্ৰায় ৭৫ শতাংশ সম্পূৰ্ণ হৈছে৷ বৃহৎ নদীবান্ধ প্ৰকল্পটোৰ পৰা ভৱিষ্যতে নামনিত হ’ব পৰা ক্ষয়-ক্ষতি, জীৱন-জীৱিকাৰ প্ৰতি আহিব পৰা ভাবুকি মোকাবিলা নকৰাকৈ এনেদৰে চৰকাৰৰ সেউজ সংকটত প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য চলাই নিয়া কাৰ্যই সকলোকে আ(ৰ্য কৰি তুলিছে৷ উল্লেখ্য যে, সেউজ ন্যায়াধিকৰণৰ লগতে বিশেষজ্ঞ সমিতিয়েও গেৰুকামুখৰ দৰে ঠুনুকা পাহাৰত এনে এটা বৃহৎ নদীবান্ধ প্ৰকল্পৰ নিৰ্মাণ সন্দৰ্ভত যথেষ্ট আসোঁৱাহ আছে বুলি অৱগত কৰি অহাৰ পাছতো নামনিবাসীৰ কথা তিলমানো চিন্তা-চৰ্চা নকৰি এনেদৰে সোৱণশিৰি নদীৰ ওপৰত বৃহৎ নদীবান্ধ নিৰ্মাণ কৰা কাৰ্যই সকলোকে আচৰিত কৰি তুলিছে৷ বৃহৎ নদীবান্ধ প্ৰকল্পটোৰ বিৰুদ্ধে প্ৰথম অৱস্থাত দল-সংগঠনসমূহে যেনেদৰে প্ৰতিবাদৰ জোৱাৰ তুলিছিল শেহতীয়াকৈ এনে দল-সংগঠনসমূহে একপ্ৰকাৰে নিৰৱ ভূমিকা পালন কৰা বুলি চৰ্চিত হৈছে৷ অৱশ্যে সময়ে সময়ে দুই এটা সংগঠনে স্তিমিত ৰূপত প্ৰতিবাদ কৰি আহিছে৷ বৃহৎ জলবোমাসদৃশ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই অদূৰ ভৱিষ্যতে কেৱল ধেমাজি, লখিমপুৰ, মাজুলীয়ে নহয় সমগ্ৰ উত্তৰ অসমত বিভীষিকাৰ সৃষ্টি কৰিব বুলি বিভিন্ন লোকে মতপোষণ কৰি আহিছে৷ তেনেস্থলত বিজেপি নেতৃত্বাধীন চৰকাৰখনে বৃহৎ নদীবান্ধ প্ৰকল্পটো যিকোনো মূল্যৰ বিনিময়তে নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ বাবে উঠি-পৰি লাগিছে৷ উল্লেখ্য যে, ২৪আগষ্টত প্ৰকল্পস্থলীত কেন্দ্ৰীয় ৰাজ্যিক শক্তিমন্ত্ৰী কৃষ্ণপাল গুৰজাৰ উপস্থিত হৈ প্ৰকল্পৰ নিৰ্মাণকাৰ্যৰ বুজ লোৱাৰ লগতে ২০২২ চনৰ জুলাই মাহৰ পৰা প্ৰকল্পটোৱে যাতে শক্তি উৎপাদন কৰিব পাৰে তাৰ বাবে সকলোকে কাম আগবঢ়াই নিবলৈ নিৰ্দেশ দিয়ে৷ প্ৰাপ্ত তথ্য অনুসৰি, এন এইচ পি চিয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে ক্ৰয় কৰি অহা আন কোম্পানীৰ বিদ্যুৎ শক্তি বন্ধ কৰি নিজা প্ৰকল্পৰ পৰা উৎপাদিত বিদ্যুতেৰে প্ৰকল্প নিৰ্মাণৰ অন্তিম কাম-কাজ সম্পূৰ্ণ কৰাৰ বাবে প্ৰচেষ্টা চলাই অহাৰ সময়তে শেহতীয়াকৈ প্ৰকল্পস্থলী তথা নামনিত সৃষ্টি হোৱা প্ৰবল বানে আতংকৰ সৃষ্টি কৰাত আজি উত্তাল হৈ পৰিছে লখিমপুৰ-ধেমাজি৷ আজি লখিমপুৰ নগৰৰ মাজ মজিয়াত আছুৱে এন এইচ পি চি, কেন্দ্ৰীয় শক্তিমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব লৈ আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ধনমনি দত্ত আৰু উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি পুনমজ্যোতি বুঢ়াগোহাঁয়ে এসময়ত নদীবান্ধৰ বিৰোধিতা কৰা বৰ্তমানৰ বিধায়ক ডাঃ ৰণোজ পেগু, ভূৱন পেগু, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা মনোজ বৰুৱা, প্ৰাক্তন আছু নেতা তথা সাংসদ তপন গগৈক তীব্ৰ সমালোচনা কৰি নেতাসকলৰ দুমুখীয়া স্থিতিক সকীয়নি দিয়ে৷ বৃহৎ নদীবান্ধৰ বিৰোধিতাৰে আজিৰে পৰা আছুৱে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবী জনায়৷ 

জলবিদ্যুৎ প্ৰকল্পৰ পানীয়ে বুৰালে নামনিৰ বহু গাঁও

গেৰুকামুখত নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত কালিৰে পৰা মূল বান্ধৰ ওপৰেৰে পানী বাগৰিবলৈ লোৱাত লখিমপুৰ জিলাৰ নামনিত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ এন এইচ পি চিসৃষ্ট প্ৰবল বানে লখিমপুৰ ৰাজহ চক্ৰৰ বৃহত্তৰ ঘূনাসঁুতিৰ প্ৰায় কুৰিখনৰো অধিক গাঁও প্লাবিত কৰি পেলাইছে৷ সোৱণশিৰি নদীৰ প্ৰবল বান আৰু সোঁতে আজি ঘূনাসুঁতি গাঁও পঞ্চায়তৰ অন্তৰ্গত বালিভেটা গাঁৱৰ ক্ৰমে জয়ন্ত পাংগিং, তিলেশ্বৰ কুটুম, ৰবিৰাম দলে আৰু ৰাম তালুকদাৰ নামৰ চাৰিটা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে উটুৱাই নিয়ে৷ কালি নিশাৰে পৰা ঘূনাসুঁতিত সোৱণশিৰিৰ বাঢ়নী পানীয়ে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ আজি পুৱাৰে পৰা এই পানীৰ পৰিমাণ অধিক বৃদ্ধি পোৱাত চৌদিশে আতংকৰ সৃষ্টি হৈছে৷ শতাধিক পৰিয়ালৰ ঘৰ-বাৰী পানীত ডুব যোৱাৰ লগতে শ শ হেক্টৰ কৃষিপথাৰ বানৰ কৱলত পৰিছে৷ আজি ঘূনাসুঁতিৰ একাংশ লোকে জানিবলৈ দিয়া অনুসৰি সোৱণশিৰিৰ প্ৰবল বানত ঘূনাসুঁতি গাঁও পঞ্চায়তৰ অন্তৰ্গত উজানতলী, বালিভেটা, নাহৰণী. মাধৱপুৰ, কৃষ্ণপুৰ, বান্দৰকটা, শগুনেখোৱা, বামুণীজান, বৰচাপৰি, উৰিয়ামতলা আদি প্ৰায় কুৰিখনৰো অধিক গাঁও প্ৰবল বানৰ কৱলত পৰিছে৷ এন এইচ পি চিত মূল বান্ধৰ ওপৰেৰে পানী বাগৰাৰ ফলতে সোৱণশিৰিৰ বাঢ়নী পানীয়ে এই গাঁওসমূহ বুৰাই পেলোৱাৰ ফলত ইয়াৰ লোকসকলৰ উপৰি পশু-পক্ষীসমূহো সংকটত পৰিছে৷ ইফালে উক্ত বানে আজাদ গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং ভোগমন, নাহৰণী, শিলিখাগুৰি আদিতো প্ৰবল বানৰ সৃষ্টি কৰিছে৷ ঘূনাসুঁতিৰ একাংশ পৰিয়ালৰ চাংঘৰপৰ্যন্ত পানীত বুৰ যোৱাত তেওঁলোকে ওখ ঠাইত আশ্ৰয় ল’ব লগা হৈছে৷ আনহাতে, প্ৰবল সোঁতে কলিয়নি-বালিভেটা চেকবান্ধটোত প্ৰবল খহনীয়াৰ সৃষ্টি কৰাত এই বান্ধটো ৰক্ষা কৰাৰ বাবে ঘূনাসুঁতি গাঁও পঞ্চায়তৰ সভাপতি ৰূপেন মিলিকে ধৰি স্থানীয় টি এম পি কে, এম এম কে আদিৰ নেতা-কৰ্মীসকলে বান্ধটো ৰক্ষাৰ বাবে যুদ্ধকালীন তৎপৰতাৰে প্ৰস্তুতি চলাই আছে৷ নামনি সোৱণশিৰিৰ জলবিদ্যুৎ প্ৰকল্পৰ পানীয়ে সোৱণশিৰিৰ বুকু ওফন্দাই তোলাত সোৱণশিৰি নদীৰ পাৰঘাটসমূহত চলা যন্ত্ৰচালিত নাওঁসমূহ চলাচল বন্ধ কৰি দিয়া হৈছে৷ মুঠতে এন এইচ পি চিৰ বানে নামনি অঞ্চলত এতিয়া চৌদিশে  আতংকৰ সৃষ্টি কৰিছে৷ এইপৰ্যন্ত জিলা প্ৰশাসনৰ ফালৰ পৰা বানত আক্ৰান্ত অঞ্চলসমূহত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি স্থানীয় লোকে জানিবলৈ দিছে৷