Logo
image

ক’ত হেৰাল হাজাৰ হাজাৰ লাইফ জেকেট

আমাৰ অসম, ১৫ ছেপ্টেম্বৰঃ ভৰা লুইতৰ বুকুত বাৰে বাৰে নাও দুৰ্ঘটনা সংঘটিত হৈছে যদিও পূৰ্বৰ ভুলৰ পৰা যেন অলপো শিক্ষা লোৱা নাই আভ্যন্তৰীণ জল পৰিবহণ বিভাগে৷ নিমাতীঘাটৰ শোকাৱহ নাও দুৰ্ঘটনাই প্ৰথম ঘটনা নহয়, ইয়াৰ পূৰ্বে মেদেৰটাৰী নাও দুৰ্ঘটনাত প্ৰায় অৰ্ধশতাধিক যাত্ৰীৰ মৃত্যু হৈছিল৷ ২০১২ চনৰ ধুবুৰীৰ মেদেৰটাৰীৰ ভয়ংকৰ নাও দুৰ্ঘটনা আৰু ৮ ছেপ্টেম্বৰৰ নিমাতীঘাটৰ শোকাৱহ নাও দুৰ্ঘটনাৰ প্ৰধান কাৰক হিচাপে চিহ্নিত হৈছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগত ব্যক্তিগত যন্ত্ৰচালিত নাওৰ দপ্‌দপনি আৰু প্ৰয়োজনীয় সুৰক্ষা সঁজুলীৰ অভাৱ৷ কাল ধুমুহাৰ বাবে মেদেৰটাৰীত ব্ৰহ্মপুত্ৰৰ বুকুত বুৰ যোৱা নাওখনত উক্তদিনা পৰ্যাপ্ত লাইফ জেকেট আৰু লাইফ ব’য় থকা হ’লে নিশ্চয়কৈ ৫০ জন লোকৰ মৃত্যু হ’ব লগা নহ’লহেঁতেন৷ একেদৰে নিমাতীঘাটৰ নাও দুৰ্ঘটনাতো ‘মা কমলা’ নামৰ ব্যক্তিগত নাওখনত যাত্ৰীৰ সুৰক্ষাৰ বাবে লাইফ জেকেট বা লাইফ ব’য় আদি কোনো সুৰক্ষা সামগ্ৰী যে নাছিল সেয়া পৰিস্ফুট হৈ পৰিছে৷ নিমাতীঘাটৰ দুৰ্ঘটনাত তিনিজন দুৰ্ভগীয়া যাত্ৰীৰ মৃত্যু হৈছে যদিও যাত্ৰীৰ বাবে সুৰক্ষা সামগ্ৰী উপলব্ধ হোৱা হ’লে এই তিনি যাত্ৰীৰো প্ৰাণ ৰক্ষা পোৱাৰ থল আছিল, সেয়া নুই কৰিব নোৱাৰি৷ কিন্তু আশ্চৰ্যজনক বিষয়টো হৈছে, ২০১২ চনৰ মেদেৰটাৰীৰ দুৰ্ঘটনাৰ পাছত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে প্ৰতিবছৰে কাগজে কলমে যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ নামত লাখ লাখ টকা ব্যয় কৰি লাইফ জেকেট আৰু লাইফ ব’য়ৰ দৰে প্ৰাথমিক অত্যাৱশ্যকীয় সুৰক্ষা সামগ্ৰীসমূহ ক্ৰয় কৰি আহিছে৷ কাগজে-কলমে এনে সুৰক্ষা সামগ্ৰী ক্ৰয় কৰি পাৰঘাট সমূহলৈ প্ৰেৰণ কৰিলেও বাস্তৱত চৰকাৰী-বেচৰকাৰী কোনো ফেৰী বা যন্ত্ৰচালিত নাওত নাই যাত্ৰীৰ বাবে লাইফ জেকেট তথা লাইফ ব’য়৷ কেৱল নাওসমূহ শুৱনি কৰাৰ বাবে দুই-এটাহে চেম্পোল ওলোমাই ৰাখি সকলোকে যেন আভুৱা-ভাঁৰি দায়িত্ব সামৰে৷ চৰকাৰী-বেচৰকাৰী সকলো ফেৰীতে গুৱাহাটীৰ চিটীবাছৰ লেখিয়াকৈ পান জপা দি অত্যধিক যাত্ৰী তুলি পাৰা-পাৰ হৈ আহিলেও বিপদৰ সময়ত যাত্ৰীয়ে বিচাৰি নাপাই এটাও লাইফ জেকেট-লাইফ ব’য়৷ শেহতীয়াকৈ ২০১৯ চনত বিশ্ব বেংকৰ ৪০ কোটি টকা সাহায্যৰে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ৭৫,৫৫০ টা লাইফ জেকেট আৰু ৭০৪০ টা লাইফ ব’য় ক্ৰয় কৰিছিল৷ ঠিকাদাৰী যোগনীয়া প্ৰতিষ্ঠানে দুয়োবিধ সুৰক্ষা সামগ্ৰী যোগান ধৰা বুলি দাবী কৰি ঠিকাৰ বিল উলিয়াই নিলে যদিও বাস্তৱত ইয়াৰ এটাও লাইফ জেকেট-লাইফ ব’য় ফেৰীসমূহত উপলব্ধ নহ’ল৷ নিমাতীঘাটৰ দুৰ্ঘটনাৰ পাছত মন্ত্ৰী-বিধায়কৰ পাৰঘাটলৈ সোঁত বোৱাত বিভাগীয় সঞ্চালক গৌতম দাস আৰু পৰিবহণ বিভাগৰ প্ৰধান সচিব কে কে দ্বিবেদীৰ নিৰ্দেশত গুদামৰ পৰা নাৱলৈ উলিয়াই অনা হয় কিছু লাইফ জেকেট-লাইফ ব’য়৷ অৱশ্যে বৰ্তমানেও এই সুৰক্ষা সামগ্ৰী নাওসমূহ পৰ্যাপ্ত নহয় বুলিহে অভিযোগ উঠিছে৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে যাত্ৰীৰ সুৰক্ষা দিশটোৰ প্ৰতি লক্ষ্য ৰাখি কোটি কোটি টকা ব্যয়ৰে ক্ৰয় কৰা ৰ’পেক্স, ৰ’ ৰ’ দৰে জাহাজ চলাচলৰ অনুমতি দিয়া আৰু নাও-ফেৰীসমূহত লাইফ জেকেট, লাইফ ব’য়কে ধৰি সুৰক্ষা সামগ্ৰী উপলব্ধ নিশ্চিত কৰা বিষয়টো তদাৰক কৰাৰ সম্পূৰ্ণ দায়িত্ব হৈছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সঞ্চালক গৌতম দাস আৰু প্ৰধান সচিব কে কে দ্বিবেদীৰ৷ কিন্তু এই দুয়োজন দায়িত্বশীল বিষয়াই ৰহস্যজনক কাৰণত ৰ’পেক্স চলাচল আৰু সুৰক্ষা সামগ্ৰী উপলব্ধ কৰা বিষয়টোত কোনো গুৰুত্বই দিয়া নাছিল৷ আনকি দায়িত্ববাহী আমোলাদ্বয়ে বছৰ বছৰ ধৰি দিছপুৰৰ এ চি কোঠাতে বহি সময় পাৰ কৰিছে যদিও নিজৰে বিভাগৰ পাৰঘাট আৰু ফেৰীসমূহৰ যাতায়াত পৰীক্ষাৰ বাবে এদিনো ক্ষেত্ৰ ভিত্তিত অনুসন্ধান নকৰিলে৷ পৰিতাপৰ বিষয়টো এয়ে যে নিমাতীঘাটৰ কথা বাদেই গুৱাহাটী-উত্তৰ গুৱাহাটী পাৰঘাটতো চাকৰি জীৱনত এদিনো গছকি পোৱা নাই এইসকল বৰমূৰীয়াই৷ আৰক্ষীয়ে এনে দায়িত্বজ্ঞানহীন বিষয়া-আমোলাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ পৰিৱৰ্তে নিমাতীঘাটৰ পানী ঘোলা কৰি খালাচী, চকীদাৰ, কনিষ্ঠ অভিযন্তাৰ দৰে পুঠি-খলিহনা ধৰি সমগ্ৰ ঘটনাটো আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অকৰ্মণ্যতাক গাপ দিয়াৰ চেষ্টা চলোৱা দেখা গৈছে৷