
এনকাউণ্টাৰ! আৰক্ষীক প্ৰতিবেদন দিয়াৰ নিৰ্দেশ ৰাষ্ট্ৰীয় মানৱ অধিকাৰৰ
আমাৰ অসম, ১৬ ছেপ্টেম্বৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগৰ দায়িত্ব লোৱাৰ পাছতেই অভিযুক্ত তথা অপৰাধীৰ ক্ষেত্ৰত কঠোৰ হৈ পৰিছে অসম আৰক্ষী৷ অপৰাধীৰে বুজাবুজি থকা বুলি অসম আৰক্ষীৰ বিৰুদ্ধে বদনাম আছিল যদিও মুখ্যমন্ত্ৰীৰ সেউজ সংকেত লাভ কৰাৰ পাছত বলাৎকাৰী, ড্ৰাগছ মাফিয়া, হত্যাকাৰী, অপহৰণকাৰী তথা ছিণ্ডিকেট মাফিয়াৰ বিৰুদ্ধে গৰজি উঠিছে আৰক্ষীৰ ৰাইফল৷ ফলত অভিযুক্তই আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰোতেই কৰ্তব্যৰত আৰক্ষীয়ে এনকাউণ্টাৰ কৰি গুলীবিদ্ধ কৰা বা গুলী চালনা কৰি অভিযুক্তক হত্যা কৰা ঘটনা অবিশ্বাস্য হাৰত বৃদ্ধি পাইছে৷ বিগত প্ৰায় ১২০টা দিনত স্মাৰ্ট অসম আৰক্ষীয়ে ৬০টাৰো অধিক এনকাউণ্টাৰ সংঘটিত কৰাই নহয়, এনকাউণ্টাৰত ২৪জনক গুলীয়াই হত্যাও কৰিছে৷ অৱশ্যে আৰক্ষীৰ এনে কেইবাটাও এনকাউণ্টাৰক সন্দেহৰ দৃষ্টিয়ে চাইছে ৰাইজে৷ ইতিমধ্যে নগাঁও আৰু বৰাকত সংঘটিত হোৱা দুটা এনকাউণ্টাৰ ভুৱা বুলি অভিযোগ উঠাৰ পাছতেই দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিবলৈও চৰকাৰ প্ৰশাসন বাধ্য হৈছে৷ শেহতীয়াকৈ গুৱাহাটীৰ ক’কেইন পাৰ্টিৰ গোচৰত গ্ৰেপ্তাৰ কৰা বিশাল চৌধুৰী নামৰ অভিযুক্ত যুৱকজনক ভুৱা এনকাউণ্টাৰত গুলীবিদ্ধ কৰাৰ অভিযোগ তুলি গুলীবিদ্ধ যুৱকজনৰ পিতৃয়ে আৰক্ষীৰ বিৰুদ্ধে গোচৰো ৰুজু কৰিছে৷ এনে সন্দেহজনক এনকাউণ্টাৰ অব্যাহত ৰাখি বিৰত্ব প্ৰদৰ্শন কৰিলেও এইবাৰ ৰাষ্ট্ৰীয় মানব অধিকাৰ আয়োগৰ ৰোষত পৰিছে অসম আৰক্ষী৷ আৰক্ষীয়ে সংঘটিত কৰা ভুৱা এনকাউণ্টাৰৰ সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক স্থিতি স্পষ্ট কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে৷ অসম আৰক্ষীয়ে জিম্মাত থকা অভিযুক্তক ভুৱা এনকাউণ্টাৰত গুলীবিদ্ধ কৰাৰ অভিযোগ তুলি দিল্লীৰ আৰিফ জুৱাড্ডাৰ নামৰ এজন অধিবক্তাই এমাহ পূৰ্বে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক অভিযোগ দাখিল কৰিছিল৷ অসম আৰক্ষীয়ে জিম্মাত থকা অভিযুক্তক এনকাউণ্টাৰ কৰি অভিযুক্তৰ মানৱ অধিকাৰ উলংঘন কৰা বুলিও অভিযোগ কৰিছিল৷ উক্ত অভিযোগৰ ভিত্তিতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে মঙলবাৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক চাৰি সপ্তাহৰ ভিতৰত এনকাউণ্টাৰৰ সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিব লাগিব বুলিও স্পষ্ট কৰি দিছে৷ তদুপৰি এনকাউণ্টাৰ সম্পৰ্কত ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ পৰাও যদি পূৰ্বত কিবা নিৰ্দেশনা লাভ কৰিছিল সেই তথ্যও দাখিল কৰিবলৈ নিৰ্দেশ দিছে৷ উল্লেখ্য, ইয়াৰ পূৰ্বে অসম মানৱ অধিকাৰ আয়োগেও ‘আমাৰ অসম’ৰ বাতৰিৰ ভিত্তিত এনকাউণ্টাৰ সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিল৷ তদুপৰি জিম্মাত থকা অভিযুক্তক যি গৃহ বিভাগৰ নিৰ্দেশত আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছে, সেই গৃহ বিভাগকে তদন্ত কৰি ৰাজ্যিক মানৱ অধিকাৰ আয়োগে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়াও দেখা গৈছিল৷