Logo
image

কোহলিৰ আৰ চি বিৰ বিৰুদ্ধে আজি দিল্লীৰ প্ৰত্যাহ্বান

আমাৰ অসম, ০৫ অক্টোবৰঃ আই পি এলৰ ত্ৰয়োদশ ছীজনত  শনিবাৰলৈ পইণ্ট তালিকাৰ শীৰ্ষৰ দুটা স্থানত থকা ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ [আৰ চি বি] আৰু দিল্লী কেপিটেলছ সোমবাৰে পৰস্পৰৰ সন্মুখীন হ’ব৷ বিৰাট কোহলিৰ সবল নেতৃত্বৰ বিৰুদ্ধে দিল্লী কেপিটেলছৰ যুৱ অধিনায়ক শ্ৰেয়স আয়াৰৰ ৰণকৌশল হ’ব লক্ষ্যণীয়৷ দুয়োটা দলে এতিয়ালৈকে চৰিখনকৈ খেল খেলি তিনিখনত জয়ী হৈছে৷ দিল্লী কেপিটেলছৰ চাৰিওখন খেলতে আয়াৰৰ প্ৰদৰ্শন  আছিল সন্তোষজনক৷ তাৰ বিপৰীতে কোহলি প্ৰথম তিনিখন খেলত ব্যৰ্থ হোৱাৰ পাছত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে শনিবাৰে ৭২ ৰানৰ ইনিংছ খেলি ফৰ্ম ঘূৰাই পাইছে৷ শনিবাৰৰ আন এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে আয়াৰে ৩৬টা বলত ৮৮ ৰান সংগ্ৰহ কৰিছিল৷ আনহাতে, ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে কোহলি ৫৩টা বলত ৭২ ৰানত অপৰাজিত আছিল৷ এতিয়ালৈকে দল দুটাৰ প্ৰদৰ্শনলৈ চাই কাইলৈৰ প্ৰতিদ্বন্দ্বিতা আকৰ্ষণীয় হৈ উঠাৰ আশা কৰিব পাৰি৷ দিল্লী কেপিটেলছৰ বেটিঙৰ শীষক্ৰমৰ বেটছমেন ভাল ফৰ্মত আছে৷ অৱশ্যে অ’পেনাৰ শিখৰ ধৱনৰ ফৰ্ম আয়াৰৰ বাবে চিন্তাৰ কাৰণ হ’ব পাৰে৷ বলিঙতো দক্ষিণ আফ্ৰিকাৰ পেচ  বলাৰদ্বয় কেগিছো ৰাবাডা আৰু এনৰিচ নৰ্টজেৰ ওপৰত দলটো বহুখিনি নিৰ্ভৰশীল হ’ব৷ ঈশান্ত শৰ্মাৰ স্থানত সুযোগ পোৱা হৰ্ষল পেটেলেও কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে চাৰি অভাৰত ৩৪ ৰান খৰচ কৰি দুটা উইকেট লাভ কৰিছিল৷ ইপিনে, ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ অ’পেনাৰ দেৱদূত পাড়িক্কালৰ প্ৰদৰ্শন দলটোৰ বাবে উৎসাহৰ বিষয়৷ বেটছমেনজনে এতিয়ালৈকে চাৰিখন খেলত তিনিটা অৰ্ধ-শতকৰ সহায়েৰে ১৭৪ ৰান সংগ্ৰহ কৰিছে৷ যদি এৰ’ন ফিন্সো স্বাভাৱিক প্ৰদৰ্শন দেখুওৱাত সফল হয়, তেন্তে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ অ’পেনাৰদ্বয় দিল্লী কেপিটেলছৰ বলাৰৰ বাবে সমস্যাৰ কাৰণ হৈ পৰিব পাৰে৷ অধিনায়ক কোহলিয়ে ফৰ্ম ঘূৰাই পোৱাটো ৰয়েল চেলেঞ্জাৰ্ছৰ বাবে স্বস্তিৰ বিষয়৷ কিয়নো কোহলি স্বাভাৱিক ফৰ্মত থাকিলে এবি ডেভিলিয়াৰ্ছ, প্ৰিয়ম গাৰ্গৰ চাপ বহুখিনি হ্ৰাস পাব৷ দক্ষিণ আফ্ৰিকাৰ পেচ বলাৰ ক্ৰিছ মৰিছে আঘাতৰ বাবে খেলিব নোৱাৰিলেও শ্ৰীলংকাৰ ইছুৰু উদানা আৰু নৱদীপ সাইনী টীম মেনেজমেণ্টৰ আস্থা জয় কৰিবলৈ সক্ষম হৈছে৷ স্পিনাৰদ্বয় ৱাশ্বিংটন সুন্দৰ আৰু যুজবেন্দ্ৰ চাহলৰ প্ৰদৰ্শনো এতিয়ালৈকে সন্তোষজনক৷