Logo
image

ভাৰতৰ বজাৰত নিমখৰ নাটনিৰ আশংকা

আমাৰ অসম, ০৫ অক্টোবৰঃ আগন্তুক বৰ্ষটোত ভাৰতৰ বজাৰত নিমখৰ নাটনি হোৱাৰ আশংকাই দেখা দিছে৷ উল্লেখ্য যে ভাৰতত উৎপাদিত নিমখৰ চাৰিভাগৰ তিনিভাগেই গুজৰাটত উৎপাদন হয়৷ তদুপৰি দেশীয়ভাৱে নিমখ উৎপাদনৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে ভাৰতে সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ একমাত্ৰ গুজৰাটৰ বাবেই ভাৰতে এই মৰ্যাদা লাভ কৰিছে৷ কিন্তু শেহতীয়াকৈ গুজৰাটত নিমখৰ উৎপাদন লক্ষণীয়ভাৱে হ্ৰাস পোৱা আৰম্ভ হৈছে৷ কৰ’না কালৰ লকডাউন আৰু অতিপাত বৰষুণৰ বাবে গুজৰাটত হ্ৰাস পাইছে নিমখৰ উৎপাদন৷ যাৰ ফলত অহা বছৰ ভাৰতৰ বজাৰত নিমখৰ নাটনিয়ে দেখা দিয়াৰ আশংকা কৰিছে পৰ্যবেক্ষক মহলে৷ উল্লেখ্য যে ২০১৮-১৯ বৰ্ষত ভাৰতত ৩০০ লাখ টন নিমখ উৎপাদন হৈছিল৷ ইয়াৰে ২৬০ লাখ টন নিমখ অকল গুজৰাটতেই উৎপাদন হয়৷ কিন্তু ২০১৯ আৰু ২০২০ চনত হোৱা অতিপাত বৰষুণ আৰু যোৱা মাৰ্চ মাহৰ পৰা আৰম্ভ হোৱা কৰ’না কালৰ লকডাউনৰ বাবেই নিমখৰ কাৰখানাসমূহ বন্ধ হৈ থাকে৷ যাৰ ফলত গুজৰাটৰ লগতে দেশৰ অন্যান্য প্ৰান্তত নিমখৰ উৎপাদন অভাৱনীয় হাৰত হ্ৰাস পায়৷ কৰ’নাৰ লকডাউন আৰু  অতিবৃষ্টিৰ বাবেই চলিত বৰ্ষত গুজৰাটত নিমখৰ উৎপাদন ৩৫ শতাংশ হ্ৰাস পাইছে৷ এনে পৰিস্থিতিত অহা  বছৰ ভাৰতৰ বজাৰত নিমখৰ নাটনি হোৱাৰ আশংকা কৰা হৈছে৷