Logo
image

কয়লা কেলেংকাৰীত দোষী সাব্যস্ত এন ডি এ চৰকাৰৰ পূৰ্বৰ কেন্দ্ৰীয় মন্ত্ৰী দিলীপ ৰায়

আমাৰ অসম, ০৬ অক্টোবৰঃ পূৰ্বৰ কেন্দ্ৰীয় মন্ত্ৰী দিলীপ ৰায়ক ১৯৯৯ চনত ঝাৰখণ্ডৰ এটা কয়লা খণ্ডৰ আৱণ্টনত অনিয়ম সংঘটিত সম্পৰ্কত মংগলবাৰে দিল্লীৰ এক বিশেষ আদালতে দোষী সাব্যস্ত কৰে।বিশেষ ন্যায়াধীশ ভৰত পৰাশৰে বাজপেয়ী চৰকাৰৰ কয়লা দপ্তৰৰ পূৰ্বৰ ৰাজ্যমন্ত্ৰী দিলীপ ৰায়ক দোষী সাব্যস্ত কৰে। উল্লেখ্য যে, আদালতে সেই সময়ৰ কয়লা মন্ত্ৰালয়ৰ দুজন জ্যেষ্ঠ বিষয়া প্ৰদীপ কুমাৰ বেনাৰ্জী আৰু নিতানণ্ড গৌতম, কাষ্ট্ৰ’ন প্ৰযুক্তি লিমিটেড(CTL)ৰ পৰিচালক মহেন্দ্ৰ কুমাৰ আগৰৱালা আৰু কাষ্ট্ৰ’ন খনি লিমিটেড(CML)কো দোষী সাব্যস্ত কৰে। ১৪ অক্টোবৰত শাস্তিৰ পৰিমাণৰ ওপৰত শুনানি গ্ৰহণ কৰিব আদালতে । এই গোচৰটো ১৯৯৯ চনত ঝাৰখণ্ডৰ গিৰিদীহত থকা ব্ৰহ্মদিয়ী কয়লা খণ্ডত  চিটিএল আৱণ্টন কৰাৰ সৈতে সম্পৰ্কিত।