Logo
image

আজি পাক-ভাৰত যুঁজ

আমাৰ অসম, ২৪ অক্টোবৰঃ ক্ৰিকেট ফিল্ডত দুই চিৰন্তন প্ৰতিদ্বন্দ্বী ভাৰত আৰু পাকিস্তানৰ মাজৰ প্ৰতিদ্বন্দ্বিতা বুলিলেই স্নায়ুৰ যুঁজ, আৰু তেনে এক স্নায়ুৰ যুঁজৰ বাবে আকৌ এবাৰ সাজু হৈছে বিৰাট কোহলিৰ টীম ইণ্ডিয়া আৰু বাবৰ আজম নেতৃত্বাধীন পাকিস্তান৷ টুৱেণ্টী২০ বিশ্বকাপৰ ছুপাৰ ১২ পৰ্যায়ৰ প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব এছিয়াৰ দুই ছুপাৰ পাৱাৰ৷ উল্লেখ্য, ৫০ অভাৰৰে হওক অথবা টুৱেণ্টী২০– বিশ্বকাপত এতিয়ালৈকে ভাৰতক পৰাস্ত কৰিব পৰা নাই পাকিস্তানে৷ টুৱেণ্টী২০ বিশ্বকাপত এতিয়ালৈকে দুই চিৰন্তন প্ৰতিদ্বন্দ্বী পাঁচবাৰৰ পৰস্পৰৰ সন্মুখীন হৈছে আৰু আটাইকেইবাৰেই জয় হৈছে ভাৰতৰেই৷ বিৰাট কোহলি বাহিনীয়ে সফলতাৰ এই ধাৰা আজি খেলখনত অব্যাহত ৰাখিব পৰিবনে? এই মুহূৰ্তত এয়া হৈছে এটা ডাঙৰ প্ৰশ্ন৷ পাকিস্তানৰ অধিনায়ক বাবৰ আজম বহু প্ৰতীক্ষিত এই খেলখনক লৈ বিগত কেইদিনমানৰ পৰা সৰৱ হৈ পৰিছে পাকিস্তানী অধিনায়ক বাবৰ আজম৷ কেৱল বাবৰ আজমেই নহয়, পাকিস্তানৰ কেইবাজনো প্ৰাক্তন আৰু বৰ্তমানৰ ক্ৰিকেটাৰে বিভিন্ন মন্তব্যৰে ভাৰতীয় ক্ৰিকেটাৰক মনস্তাত্বিকভাৱে চাপত ৰখাৰ চেষ্টা চলাই আছে৷ এয়া তেওঁলোকৰ এক ৰণকৌশলেই৷ পাক অধিনায়ক আজমে শনিবাৰে সংবাদ মেলত কয় যে পৰিসংখ্যাক লৈ তেওঁলোক চিন্তিত নহয়৷ দলটোৰ লক্ষ্য হৈছে আত্মবিশ্বাসেৰে ভাৰতৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱা আৰু এই আত্মবিশ্বাসেই হ’ব তেওঁলোকৰ সফলতাৰ চাবিকাঠি৷

টুৱেণ্টী২০ বিশ্বকাপৰ সূচী ঘোষণা কৰাৰ পাছৰ পৰাই ভাৰত আৰু পাকিস্তানৰ মাজৰ প্ৰতিদ্বন্দ্বিতাক লৈ চলি আছে ব্যাপক চৰ্চা৷ কেৱল ভাৰত আৰু পাকিস্তানৰ ক্ৰিকেটপ্ৰেমীয়েই নহয়, দেওবাৰে ভাৰতীয় সময় মতে সন্ধিয়া ৭.৩০ বজাৰ পৰা ডুবাই ইণ্টাৰনেশ্বনেল ষ্টেডিয়ামত  আৰম্ভ হ’বলগীয়া বিশ্বকাপৰ এই হাই ভল্টেজ খেলখন উপভোগ কৰাৰ বাবে উৎকণ্ঠাৰে বাট চাই থাকিব সমগ্ৰ বিশ্বৰ ক্ৰীড়াপ্ৰেমী৷