Logo
image

লকডাউনৰ আতংক বিশ্বৰ বহু দেশত

আমাৰ অসম, ২৪ অক্টোবৰঃ ক’ভিড অতিমাৰীৰ মৰণ কামোৰৰ পৰা বিগত কেইমাহমান সমগ্ৰ বিশ্বই উশাহ ল’বলৈ সুযোগ পোৱাৰ পাছত পুনৰ বিশ্বজুৰি ক’ভিডৰ সংক্ৰমণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷ চলিত সপ্তাহত ব্ৰিটেইন, চীন, পূৱ ইউৰোপীয় দেশ আৰু এছিয়াৰ একাংশ দেশতো ক’ভিডৰ সংক্ৰমণ আৰু মৃত্যুৰ হাৰ পুনৰ ভয়ংকৰভাৱে বাঢ়িবলৈ আৰম্ভ  কৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাই [হু] প্ৰকাশ কৰা চলিত সপ্তাহৰ ক’ভিড অতিমাৰীৰ সংক্ৰমণৰ তথ্য স্বাভাৱিকতে উদ্বেগজনক হৈ পৰিছে৷ হুৱে জনোৱা অনুসৰি এই সপ্তাহত ব্ৰিটেইনত নতুনকৈ সংক্ৰমিত হৈছে ২৮৩,৭৫৬ জন,  সংক্ৰমণৰ বৃদ্ধিৰ হাৰ ১৪ শতাংশ৷ ৰাছিয়াত চলিত সপ্তাহত নতুনকৈ সংক্ৰমিত হৈছে ২১৭,৩২২ জন, য’ত সংক্ৰমণৰ বৃদ্ধিৰ হাৰ ১৫ শতাংশ৷ আনহাতে ইউৰোপৰ পূৱ অংশৰ ৰাষ্ট্ৰসমূহত চলিত সপ্তাহত ক’ভিড সংক্ৰমণৰ হাৰ ৭ শতাংশ বৃদ্ধি পাইছে৷ এয়া বিগত ছমাহৰ ভিতৰত হৈছে সৰ্বোচ্ছ বৃদ্ধি৷ আনহাতে পূব ইউৰোপত ক’ভিডত মৃত্যুৰ সংখ্যা প্ৰতি এক লাখৰ মাজত ১.৯ শতাংশলৈ বৃদ্ধি পাইছে৷ উল্লেখ্য ব্ৰিটেইনত যোৱা ১৭ জুলাইৰ পাছত আজি এদিনতে সংক্ৰমিত হৈছে ৫০,০০০ জন নাগৰিক৷ পূৱ ইউৰোপৰ ইউক্ৰেইন, জৰ্জিয়া ইত্যাদি দেশত প্ৰথম দুয়োটা লহৰৰ সময়ত ক’ভিডৰ আতিশয্য আপেক্ষিকভাৱে কম আছিল৷ এইবাৰ এই দুয়োখন দেশৰ পৰিস্থিতি ক’ভিডে সংকটজনক কৰি তুলিছে৷ এছিয়াৰ ভিতৰত চীন আৰু ছিংগাপুৰত সংক্ৰমণৰ হাৰ অভাৱনীয়ভাৱে বাঢ়িছে৷ কেৱল এদিনতে আজি ছিংগাপুৰত সংক্ৰমিত হৈছে ৩৪৩৯ জন৷ ইয়াৰে ৩৪৬ জনৰ স্বাস্থ্যৰ অৱস্থা অতি জটিল৷ তদুপৰি চীনতো চলিত সপ্তাহত সংক্ৰমণৰ হাৰ দ্ৰুতভাৱে বৃদ্ধি পাইছে৷ বিগত প্ৰায় এবছৰ ধৰি দেশখনত ক’ভিড প্ৰায় নোহোৱা হৈ পৰিছিল৷ কিন্তু পুনৰ সংক্ৰমণৰ গতি বাঢ়িবলৈ ধৰাত পৰিস্থিতি অৱনতি ঘটিছে৷ 

এই আটাইবোৰ দেশত এসময়ত ক’ভিডৰ ডেল্টা ভেৰিয়েণ্টে সংক্ৰমণৰ সৃষ্টি কৰিছিল৷ এতিয়া ভুতৰ ওপৰত দানহ পৰাৰ দৰে ডেল্টাৰ নতুন ভেৰিয়েণ্ট ডেল্টা প্লাছে এই সংক্ৰমণ বৃদ্ধি কৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাই ডেল্টা প্লাছ ভেৰিয়েণ্ট উদ্বেগজনক বুলি মন্তব্য কৰিছে৷ তাৎপৰ্যপূৰ্ণ এয়াই যে, সম্প্ৰতি যি ক’ভিডৰ প্ৰতিষেধক বিশ্বজুৰি ব্যৱহৃত হৈ আছে তাৰ উদ্ভাৱন ডেল্টা আৰু ডেল্টা প্লাছ ভেৰিয়েণ্ট সৃষ্টি হোৱাৰ পূৰ্বৰ৷ এনে পৰিস্থিতিত এই প্ৰতিষেধকসমূহে ডেল্টা আৰু ডেল্টা প্লাছ ভেৰিয়েণ্টৰ দ্বাৰা সংক্ৰমিত হোৱা সকলক কিমান সুৰক্ষা দিব পাৰে সেয়া চিন্তাৰ বিষয়৷ অৱশ্যে সকলো প্ৰতিষেধক উৎপাদনকাৰীয়ে  তেওঁলোকৰ প্ৰতিষেধক সকলো ভেৰিয়েণ্টক বাধা দিব পৰাকৈ সক্ষম বুলি দাবী কৰিছে৷ কিন্তু ক’ভিডৰ ভাইৰাছৰ ডেল্টা আৰু ডেল্টা প্লাছ ভেৰিয়েণ্ট অতি মাৰাত্মক৷ প্ৰতিষেধক উদ্ভাৱন কৰাৰ সময়ত তেতিয়া যি ভেৰিয়েণ্টে সংক্ৰমণ সৃষ্টি কৰিছিল সেই ভাইৰাছ সংগ্ৰহ কৰিয়েই তাৰ দুৰ্বল বা মৃত কৰি প্ৰতিষেধক সৃষ্টি কৰা হৈছিল৷ সেই প্ৰতিষেধকে প্ৰকৃততে এতিয়াৰ পৰা ডেৰ বছৰৰ পূৰ্বৰ ক’ভিডৰ ভাইৰাছকহে চিনি পায় আৰু তাৰ বিৰুদ্ধে মানৱ শৰীৰত প্ৰতিৰোধ ক্ষমতাৰ সৃষ্টি কৰিব পাৰে৷ ডেল্টা আৰু ডেল্টাপ্লাছ ভেৰিয়েণ্টৰ বিৰুদ্ধে তেতিয়াই উদ্ভাৱন কৰা প্ৰতিষেধকে যুঁজ দিব পাৰিব বুলি বিশ্বৰ খ্যাতনামা স্বাস্থ্যবিজ্ঞানীয়ে বিশ্বাস নকৰে৷ ইয়াৰ ফলতে টিকাকৰণ সম্পূৰ্ণ হৈ যোৱা ইউৰোপৰ অধিকাংশ দেশ তথা  ব্ৰিটেইন, ৰাছিয়া, চীন আৰু ছিংগাপুৰত সংক্ৰমণ বৃদ্ধি পোৱা বুলি ধাৰণা কৰা হৈছে৷ সেয়ে সংক্ৰমণ বৃদ্ধি পোৱা দেশসমূহত পুনৰ লকডাউন জাৰিৰ আতংক সৃষ্টি হৈছে৷