Logo
image

হাথৰস বলাৎকাৰ-হত্যাকাণ্ড বৰ্বৰঃ ছুপ্ৰিম ক’ৰ্ট

আমাৰ অসম, ০৭ অক্টোবৰঃ উত্তৰ প্ৰদেশৰ হাথৰস দলিত যুৱতীৰ বলাৎকাৰ-হত্যাকাণ্ডৰ ঘটনাক অতিশয় বৰ্বৰ আৰু অমানুষিক আখ্যা দিছে উচ্ছতম ন্যায়ালয়ে৷ হাথৰসৰ বলাৎকাৰ-হত্যাকাণ্ডৰ তদন্ত উচ্ছতম ন্যায়ালয়ৰ নিৰীক্ষণত চি বি আইৰ দ্বাৰা বা এছ আই টিৰ দ্বাৰা হ’ব লাগে বুলি দাখিল কৰা এখন জনস্বাৰ্থজড়িত আৱেদনৰ শুনানি গ্ৰহণ কৰাৰ সময়ত উচ্ছতম ন্যায়ালয়ে উক্ত ঘটনাক বৰ্বৰ-অমানুষিক আখ্যা দিয়ে৷ উচ্ছতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ বোবডেৰ নেতৃত্বৰ  তিনিজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে এই আৱেদনৰ শুনানি গ্ৰহণ কৰি উত্তৰ প্ৰদেশ চৰকাৰক প্ৰশ্ন কৰে যে চৰকাৰে উক্ত বৰ্বৰ ঘটনাৰ সকলো সাক্ষী-প্ৰমাণ সুৰক্ষিত কৰি ৰাখিছেনে? কেনেদৰে সাক্ষী-প্ৰমাণ সুৰক্ষিত কৰি ৰাখিছে, তাৰ সবিশেষ উচ্ছতম ন্যায়ালয়ক জনাব লাগিব৷ এই ঘটনাৰ তদন্তত কোনোধৰণৰ আসোঁৱাহ থাকিব নালাগিব বুলিও উচ্ছতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে৷ মৃত যুৱতীগৰাকীৰ পৰিয়ালক আইনী সাহায্য প্ৰদান কৰা হৈছেনে নাই সেই বিষয়েও উত্তৰ প্ৰদেশ চৰকাৰে জনাব লাগিব৷ উত্তৰ প্ৰদেশ চৰকাৰে উচ্ছতম ন্যায়ালয়ক জনায় যে তেওঁলোকেও এই ঘটনাৰ চি বি আই তদন্ত বিচাৰে আৰু এয়া উচ্ছতম ন্যায়ালয়ৰ নিৰীক্ষণত হ’ব লাগিব৷ তেতিয়া কৰোৰে সন্দেহ নাথাকিব৷ উত্তৰ প্ৰদেশ চৰকাৰে আৰু কয় যে দিল্লীৰ ছফদৰজং হাস্পতালত মৃত্যু হোৱা যুৱতীগৰাকীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছত মাজনিশাই জিলা প্ৰশাসনে জ্বলাই দি সৎকাৰ কৰাৰ সিদ্ধান্ত লয় এই কাৰণেই যে  পিছদিনা পুৱা যুৱতীগৰাকীৰ মৃতদেহ পৰিয়ালৰ লোকৰ হাতত পৰা লগে লগে ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছিল৷ এই ঘটনাক লৈ একাংশ লোকে হাথৰসত জাতিগত সংঘৰ্ষ সূচনা কৰিবলৈ ষড়যন্ত্ৰ কৰাৰ কথা গম পোৱা বাবেই প্ৰশাসনে এই সিদ্ধান্ত লয়৷