Logo
image

সুখবৰঃ ভাৰতত হ্ৰাস পাইছে দৈনিক আক্ৰান্তৰ সংখ্যা

আমাৰ অসম, ০৭ অক্টোবৰঃ  ভাৰতৰ বাবে সুখবৰ৷ লাহে লাহে ভাৰতত দৈনিক কৰ’নাত আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে৷ এটা সময়ত ভাৰতত দৈনিক আক্ৰান্তৰ সংখ্যা ৯৭ হাজাৰকৈ বৃদ্ধি পাইছিল যদিও এতিয়া এই সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাইছে৷ বিগত এসপ্তাহৰ ভিতৰত যোৱা ২৪ ঘণ্টাত ভাৰতত দৈনিক আক্ৰান্তৰ সংখ্যা সৰ্বাধিক হ্ৰাস পায়৷ সোমবাৰে পুৱাৰ পৰা মঙলবাৰে পুৱাৰ ভিতৰত ভাৰতত নতুনকৈ ৬১,২৬৭জন লোক আক্ৰান্ত হয়৷ মঙলবাৰে পুৱা কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে এই কথা প্ৰকাশ কৰে৷ এয়া অতি ভাল খবৰ৷ এনেদৰে দৈনিক আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাই আহিলে ভাৰতলৈ আগৰ দৰে স্বাভাৱিক অৱস্থা ঘূৰি আহিব বুলি আশা কৰিব পাৰিব৷ ভাৰতত বৰ্তমান কৰ’নাত আক্ৰান্তৰ সংখ্যা ৬৬,৮৫,০৮২জন যদিও ইয়াৰে ৫৬,৬২,৪৯০জন আৰোগ্য হৈছে৷ কিন্তু ভাৰতত মৃত্যুৰ সংখ্যা ১,০৩,৫৬৯জন হৈছেগৈ৷ যোৱা ২৪ ঘণ্টাত ভাৰতত কৰ’নাত ৮৮৪জন লোকৰ মৃত্যু হয়৷ ইয়াৰ আগতে ভাৰতত দৈনিক ১০০০ৰো অধিক লোকৰ মৃত্যু হৈছিল৷ ভাৰতত কৰ’নাত মৃত্যু হোৱা লোকৰ সংখ্যা ১০খন ৰাজ্যত সৰ্বাধিক৷ ভাৰতত বৰ্তমান ৯,১৯,০২৩জন লোকৰ দেহত এই ভাইৰাছ সক্ৰিয় হৈ আছে৷ এওঁলোকৰ ভিতৰত ৭৭ শতাংশ লোকেই হৈছে দেশৰ দহখন ৰাজ্যৰ৷ লাহে লাহে এই সংখ্যাও হ্ৰাস পাব৷ যোৱা ২৪ ঘণ্টাত ভাৰতত ৭৫,৭৮৭জন লোক আৰোগ্য হৈছে৷ সোম আৰু মঙলবাৰৰ ভিতৰত ভাৰতত ১০,৮৯,৪০৩জন লোকৰ কৰ’না পৰীক্ষা কৰা হৈছিল৷