Logo
image

কৃষ্ণাঙ্গ হোৱাৰ বাবেই যোগ্য স্বীকৃতিৰ পৰা বঞ্চিত

আমাৰ অসম, ০৮ অক্টোবৰঃ  ক্ৰীড়া ক্ষেত্ৰত সন্মুখীন হোৱা বৰ্ণ বিদ্বেষৰ বিৰুদ্ধে সোচ্ছাৰ হৈ উঠিছে আমেৰিকাৰ তাৰকা টেনিছ খেলুৱৈ ছেৰেনা উইলিয়ামছ৷ কৃষ্ণাঙ্গ খেলুৱৈ হোৱাৰ বাবেই টেনিছ ক্ষেত্ৰত যোগ্য মৰ্যদা, যোগ্য স্বীকৃতি, যোগ্য অৰ্থ লাভ কৰা নাই বুলি ব্ৰিটিছ আলোচনীৰ আগত প্ৰকাশ কৰিছে বিশ্ব ক্ৰমৰ প্ৰাক্তন শীৰ্ষস্থানৰ খেলুৱৈ গৰাকীয়ে৷ একে সময়তে ‘ব্লেক লাইভছ মেটাৰ’ আন্দোলনকো উচ্ছ প্ৰশংসা কৰিছে ২৩ টাকৈ গ্ৰেণ্ড শ্লেমৰ খিতাপ জয়ী খেলুৱৈ গৰাকীয়ে৷ ব্ৰিটিছ ভ’গ আলোচনীৰ আগত ছেৰেনাই কয়–‘বৰ্ণবাদ, বৈষম্যমূলক ঘটনা সকলোৰে সমুখলৈ অনাৰ ক্ষেত্ৰত বৃহৎ ভূমিকা লৈছে প্ৰযুক্তিয়ে৷ বহু কথা এতিয়া প্ৰকাশ পাইছে৷ আগতে সকলো কথা পোহৰলৈ অহা নাছিল৷ ইমান দিনে মানুহে সকলোবোৰ সহ্য কৰি আহিছিল৷ ইয়াৰ আগতে কোনেও ফোন উলিয়াই এনেবোৰ ঘটনাৰ ভিডিঅ’ কৰিব পৰা নাছিল৷’ ছেৰেনাই প্ৰকাশ কৰা মতে সমগ্ৰ কেৰিয়াৰ জুৰি তেওঁ এনে আচৰণৰ প্ৰতিবাদ কৰি আহিছে৷ ছেৰেনাই প্ৰকাশ কৰা মতে বি এন পি পাৰিবাছ অ’পেনত সন্মুখীন হোৱা আচৰণৰ পিছত ঘণ্টাজুৰি তেওঁ ল’কাৰ ৰূমত কান্দি আছিল৷ ২০১৮ চনত ইউ এছ অ’পেনত নৈৰাশ্যত ভুগি ৰেকেট ভাঙি পোলোৱাৰ বাবে ছেৰেনাৰ পইণ্ট কৰ্তন কৰা হৈছিল৷ ছেৰেনাই প্ৰতিবাদ কৰিছিল নাৰী বিদ্বেষী মনোভাৱৰ বাবে৷ ব্ৰিটিছ ভ’গ আলোচনীৰ আগত ৩৯ বৰ্ষীয় ছেৰেনাই কয় যে কৃষ্ণাঙ্গ নাৰী হিচাপে তেওঁ গৰ্বিত৷ লগতে ক্ৰমাগতভাবে মানুহৰ মনোভাৱৰ সলনি হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে৷