Logo
image

আজি দীৰ্ঘতম চন্দ্ৰগ্ৰহণ

আমাৰ অসম, ১৯নৱেম্বৰঃ আজি চন্দ্ৰগ্ৰহণ৷ এই চন্দ্ৰগ্ৰহণ হ’ব ৬০০ বছৰৰ পাছত আটাইতকৈ দীঘলীয়া চন্দ্ৰগ্ৰহণ৷ দুপৰীয়া ১২-৪৮ বজাত আৰম্ভ হ’বলগীয়া গ্ৰহণৰ সামৰণি পৰিব বিয়লি ৪-১৭ বজাত৷ প্ৰায় তিনি ঘণ্টা ২৮ মিনিটৰ দীঘলীয়া এই আংশিক গ্ৰহণৰ সময়ত চন্দ্ৰপৃষ্ঠৰ ৯৭ শতাংশ ঢাক খাব৷ ভাৰতৰ অৰুণাচল আৰু অসমৰ লগতে উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, পশ্চিমবংগ আৰু উৰিষ্যাত অলপ সময়ৰ বাবেহে দৃশ্যমান হ’বলগীয়া এই গ্ৰহণ পশ্চিম আফ্ৰিকা, পশ্চিম ইউৰোপ, উত্তৰ আৰু দক্ষিণ আমেৰিকা, অষ্টে˜লিয়া, আটলাণ্টিক আৰু প্ৰশান্ত মহাসাগৰৰ পৰা ভালদৰে দৃশ্যমান হ’ব৷ স্মৰ্তব্য যে আংশিক চন্দ্ৰগ্ৰহণ সাধাৰণতে ক্ষন্তেকৰ বাবেহে হয়৷ কিন্তু আজি হ’বলগীয়া আংশিক চন্দ্ৰগ্ৰহণ হ’ব আটাইতকৈ দীৰ্ঘতম৷ ইয়াৰ পূৰ্বে ১৪৪০ চনৰ ১৮ ফেব্ৰুৱাৰীত হৈছিল অন্তিমটো দীঘলীয়া আংশিক চন্দ্ৰগ্ৰহণ৷ সেইবাৰ এই গ্ৰহণ আছিল ছঘণ্টীয়া আৰু ভাৰতকে ধৰি বিশ্বৰ সকলো প্ৰান্ততে ই দৃশ্যমান হৈছিল৷