Logo
image

লখিমপুৰত পো-নাতিৰ জন্মদিনত ব্যৱসায়ীয়ে দুখীয়া ছাত্ৰ-ছাত্ৰী, শিক্ষকৰ মাজত বিলালে গৰম কাপোৰ

আমাৰ অসম, ২৪নৱেম্বৰঃ উত্তৰ লখিমপুৰ নগৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ৰাজেশ মালপানীৰ উদ্যোগত পো-নাতি হৃদয়া মালপানীৰ প্ৰথম জন্মদিনৰ উপলক্ষত আৰু সমাজসেৱী ৰাজেশ মালপানীৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সোণালী জয়ন্তীৰ উপলক্ষে মাৰোৱাৰী সন্মিলন, উত্তৰ লখিমপুৰ শাখা, জনসেৱা লখিমপুৰ, হিন্দীভাষী বিকাশ পৰিষদ, লখিমপুৰৰ যুটীয়া সহযোগত লালুক ওৱাহাট বাগানস্থিত সৰস্বতী বিদ্যাপীঠ আৰু পানীগাঁৱৰ এঘাৰমাইলস্থিত শংকৰদেৱ শিশু নিকেটনত ‘গৰম কাপোৰ বিতৰণ’ কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ সেইমৰ্মে ১৬ নৱেম্বৰৰ পুৱা ১০ বজাৰ পৰা ৰ বজালৈ অনুষ্ঠিত কাৰ্যসূচীত ১৫০জন ছাত্ৰী-ছাত্ৰীক ছুৱেটাৰ, ১০জন শিক্ষক-শিক্ষয়িত্ৰীক জেকেট- ছুৱেটাৰ প্ৰদান কৰে৷ হৃদয়া মালপানীৰ এবছৰীয়া জন্মদিনৰ উপলক্ষত অনুষ্ঠিত ব্যতিক্ৰমধৰ্মী অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে শিশু শিক্ষা সমিতিৰ ৰাজ্যিক সদস্য বিনোদ কৃষ্ণ শৰ্মা, বিশিষ্ট সমাজসেৱী ৰাজেশ মালপানী,  তেওঁৰ পত্নী সৰোজ মালপানী, পুত্ৰ সৌৰভ মালপানী, বোৱাৰী জ্যোতি মালপানী, ৰজ্ঞন কুমাৰ সিং, বলৱান শৰ্মা, ৰাজকুমাৰ স্বৰাফ, সমাজ সংগঠক ৰূপজ্যোতি দত্ত, নৰেশ দিনোদিয়া, দেৱানন্দ শৰ্মা, চি পি গুপ্তা, উৰ্মিলা দিনোদিয়া, সংগীতা পাটোৱাৰী প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকি ওৱাহাট বাগান সৰস্বতী বিদ্যাপীঠত গৰম কাপোৰ বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰে৷ ইফালে ১৭ নৱেম্বৰত উত্তৰ লখিমপুৰ নগৰৰ সমীপৱৰ্তী পানীগাঁৱৰ এঘাৰমাইলস্থিত শংকৰদেৱ শিশু নিকেটনত ১০ বজাৰ পৰা ৰ বজালৈ ১৪৫জন ছাত্ৰ-ছাত্ৰী আৰু ১৭জন শিক্ষক-শিক্ষয়িত্ৰী জেকেট- ছুৱেটাৰ প্ৰদান কৰা কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে শিশু শিক্ষা সমিতিৰ ৰাজ্যিক সদস্য বিনোদ কৃষ্ণ শৰ্মা, শিশু শিক্ষা সমিতিৰ বিভাগ সংযোজক লখিমপুৰ প্ৰদীপ হাজৰিকা, ব্যৱসায়ী ৰাজেশ মালপানী, ৰাজকুমাৰ স্বৰাফ, অসম বহুভাষিক কবি সন্মিলনৰ ৰাজ্যিক সমিতিৰ উপ-সভাপতি, বিশিষ্ট কবি ৰূপজ্যোতি দত্তই সাৰগৰ্ভ বক্তব্য ৰাখি গৰম কাপোৰ বিতৰণ কাৰ্যসূচীৰ লক্ষ্য-উদ্দেশ্যৰ বিষয়ে ব্যাখ্যা কৰে৷ সভাখনত দেৱানন্দ শৰ্মা, উৰ্মিলা দিনোদিয়া, ৰাজেশ মালপানীৰ পত্নী সৰোজ মালপানী, পুত্ৰ সৌৰভ মালপানী, সুষমা লাখটিয়াকে আদি কৰি ভালেকেইজন বিষয়ববীয়া তথা শুভাকাংক্ষী ব্যক্তি আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি সহযোগিতা আগবঢ়ায়৷ পানীগাঁৱৰ এঘাৰমাইলস্থিত শংকৰদেৱ শিশু নিকেটনৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এটা কম্পিউটাৰ ছেট শীঘ্ৰেই অনুদানৰূপে আগবঢ়াব বুলি বৰ্তমানলৈ ৫৬ বাৰ ৰক্ত দান কৰা বিশিষ্ট ব্যৱসায়ী ৰাজেশ মালপানীয়ে সভাত প্ৰতিশ্ৰুতি দিয়ে৷ সভাত ৰাখী বৰাই ‘অসমীৰে চোতালতে’ শীৰ্ষক আধুনীক গীতৰ তালে-তালে সুন্দৰ নৃত্যৰে সভাত উপস্থিতসকলক আপ্লুত কৰে৷ দুখীয়া ছাত্ৰ-ছাত্ৰীসকলক গৰম কাপোৰ বিতৰণৰ দুয়োখন বিদ্যালয়ৰ দুয়োটা কাৰ্যসূচী বন্তি প্ৰজ্বলন আৰু প্ৰাৰ্থনাৰে শুভাৰম্ভ কৰাৰ পাছত একোখনকৈ ফুলাম গামোচাৰে অতিথিসকলক সম্বৰ্ধনা জনায়৷