Logo
image

৫ বছৰত নাগৰিকত্ব এৰিলে ৬ লাখ ভাৰতীয়ই

আমাৰ অসম,১ ডিচেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসনকালত দেশত্যাগৰ হেতা-ওপৰা লাগিছে ভাৰতীয়ৰ৷ অতি বিষ্ময়কৰভাৱে যোৱা পাঁচ বছৰত ৬ লাখৰো অধিকসংখ্যক ভাৰতীয়ই ভাৰতৰ নাগৰিকত্ব পৰিহাৰ কৰি বিদেশী ৰাষ্ট্ৰৰ নাগৰিকত্ব লাভ কৰিছে৷ ইয়াৰ বিপৰীতে বিগত পাঁচ বছৰত ভাৰতৰ নাগৰিকত্ব লাভৰ বাবে আবেদন জনায় মাত্ৰ কেইবাশ বিদেশীয়ে৷ লোকসভাৰ মজিয়াত কেন্দ্ৰীয় গৃহ বিভাগৰ ৰাজ্যমন্ত্ৰীয়ে খোদ এই তথ্য প্ৰদান কৰি সকলোকে আচৰিত কৰি দিছে৷ সদনৰ প্ৰশ্নোত্তৰকালত গৃহ ৰাজ্যমন্ত্ৰীজনে প্ৰদান কৰা বিবৃতি মতে, ২০১৭ চনৰ পৰা চলিত বছৰৰ ৩০ ছেপ্টেম্বৰলৈকে ৬, ০৮, ১৬২জন ভাৰতীয়ই দেশৰ নাগৰিকত্ব ত্যাগ কৰি বিদেশী ৰাষ্ট্ৰৰ দ্বাৰস্থ হৈছে৷ ইয়াৰ বিপৰীতে ভাৰতৰ নাগৰিকত্ব গ্ৰহণ কৰিলে চ্ছ্ৰ,১৭৭জন বিদেশীয়ে৷ এই সময়ছোৱাত ভাৰতৰ নাগৰিকত্ব বিচাৰি আবেদন জনোৱা ১০,৬৪৫জন বিদেশী লোকৰ সৰহ সংখ্যকেই হৈছে পাকিস্তানৰ৷ ২০১৬ চনৰ পৰা ২০২০ চনলৈকে জ্জ, ৭৮২জন পাকিস্তানী নাগৰিকে ভাৰতৰ নাগৰিকত্ব বিচাৰিছে৷ হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বাবে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰৰ বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী আইন প্ৰণয়ন কৰিছে যদিও যোৱা পাঁচ বছৰত মাত্ৰ ১৮৪জন বাংলাদেশীয়েই আনুষ্ঠানিকভাৱে ভাৰতৰ নাগৰিকত্ব বিচাৰি আবেদন ৰজু কৰিছে৷ লক্ষণীয়ভাৱে ২০১৯ চনৰ ডিচেম্বৰ মাহত নাগৰিকত্ব সংশোধনী আইন সংসদৰ অনুমোদন লাভ কৰাৰ পৰৱৰ্তী বছৰত অৰ্থাৎ ২০২০ চনত মাত্ৰ ২৮জন বাংলাদেশীয়েই ভাৰতৰ নাগৰিকত্বৰ বাবে আবেদন জনাইছে৷ ইয়াৰ পূৰ্বে ২০১৬ চনত ৫৪ জন, ২০১৭ চনত ৪৬ জন, ২০১৮ চনত ১৯জন আৰু ২০১৯ চনত ৩৭জন বাংলদাশীয়ে ভাৰতৰ নাগৰিকত্ব বিচাৰিছিল৷ বাস্তৱত বাংলাদেশতকৈ আফগানিস্তান, শ্ৰীলংকা আনকি আমেৰিকাৰ অধিকসংখ্যক নাগৰিকে ভাৰতৰ নাগৰিকত্ব লাভৰ বাবে আবেদন জনাইছে৷ যোৱা পাঁচ বছৰত আফগানিস্তানৰ ৭৯৫জন, শ্ৰীলংকাৰ ২০৫জন আৰু আমেৰিকাৰ ২২৭জন নাগৰিকে ভাৰতৰ নাগৰিকত্ব লাভৰ বাবে আবেদন জনাইছে৷ লক্ষণীয়ভাৱে বিশ্বৰ ৪৫২জন ৰাষ্ট্ৰহীন [ষ্টেটলেছ] নাগৰিকেও ভাৰতৰ নাগৰিকত্বৰ বাবে কৰিছে আবেদন৷ কিন্তু ভাৰতৰ নাগৰিকত্ব বিচৰা বিদেশী লোকতকৈ ভাৰতৰ নাগৰিকত্ব ত্যাগ কৰি ইমান বৃহৎসংখ্যক লোকে কিয় বিদেশলৈ ঢাপলি মেলিলে তাকলৈ বহুতো প্ৰশ্নৰ উদ্ৰেক হৈছে৷ মন্ত্ৰী ৰায়ে প্ৰদান কৰা বিস্তাৰিত তথ্য অনুসৰি, ২০১৭ চনত ৰ, ৩৩, ০৪৯জন লোকে ভাৰতৰ নাগৰিকত্ব ত্যাগ কৰিছিল৷ ২০১৮ চনত ত্যাগ কৰিছিল ৰ, ৩৪, ৫৬১ জন লোক৷ ২০১৯ চনত নাগৰিকত্ব ত্যাগ কৰিছিল ৰ, ৪৪, ০১৭জন ভাৰতীয়ই৷ ২০২০ চনত ক’ভিড অতিমাৰীৰ বাবে থকা বাধা-নিষেধৰ বাবেই সম্ভৱত অপেক্ষাকৃতভাৱে কম ৮৫, ২৪৮জন ভাৰতীয়ই দেশৰ নাগৰিকত্ব ত্যাগ কৰি বিদেশত আশ্ৰয় গ্ৰহণ কৰিছিল৷ আনহাতে, চলিত বছৰৰ ৩০ ছেপ্টেম্বৰলৈকে ৰ, ১১, ২৮৭জন ভাৰতীয়ই ইতিমধ্যে নাগৰিকত্ব ত্যাগ কৰি বিদেশত স্থায়ীভাৱে বাস কৰিবলৈ আৰম্ভ কৰিছে৷ আনহাতে, কেন্দ্ৰীয় বিদেশ মন্ত্ৰণালয়ৰ পৰা লাভ কৰা তথ্যৰ আধাৰত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী ৰায়ে প্ৰদান কৰা তথ্য অনুসৰি, এই মুহূৰ্তত ৰ কোটি ৩৩ লাখ ৮৩ হাজাৰ, ৭১৮জন ভাৰতীয়ই দেশৰ পৰিৱৰ্তে বিদেশত বাস কৰি আছে৷ এওঁলোকে ভাৰতৰ নাগৰিকত্ব এৰা নাই যদিও দীৰ্ঘদিন ধৰি ভাৰতৰ বাহিৰত আছে৷ মন কৰিবলগীয়া যে কেৰালাৰ সাংসদ হিবি ইডেনে দৰাচলতে নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীকলৈ উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত গৃহ বিভাগৰ ৰাজ্যমন্ত্ৰীজনে সদনৰ মজিয়াত এই চাঞ্চল্যকৰ তথ্য প্ৰদান কৰিছে৷ আনহাতে, নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত মন্ত্ৰীজনে প্ৰকাশ কৰিছে যে ২০১৯ চনৰ ১২ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী আইনখনৰ ওপৰত জাননী জাৰি কৰা হৈছিল যদিও এতিয়ালৈকে আইনখনৰ বিধি-নিয়ম প্ৰস্তুত কৰা হোৱা নাই৷ বিধি-নিয়মসমূহৰ জাননী জাৰি হ’লেই সংশ্লিষ্ট লোকে এই আইনৰ জৰিয়তে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন জনাব পাৰিব৷ আনহাতে, দেশজুৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে এতিয়াও কোনো সিদ্ধান্ত লোৱা নাই বুলি মন্ত্ৰী ৰায়ে নিজৰ বিবৃতিত লোকসভাত স্পষ্ট কৰি দিয়ে৷