Logo
image

১২ সাংসদৰ নিলম্বনক লৈ উত্তাল ৰাজ্যসভা

আমাৰ অসম,১ ডিচেম্বৰঃ সংসদৰ বৰ্ষাকালীন অধিৱেশনত কৰা অশোভনীয় আচৰণৰ বাবে সোমবাৰে শীতকালীন অধিৱেশনত ৰাজ্যসভাৰ বাৰজন বিৰোধী সাংসদক নিলম্বিত কৰাৰ সিদ্ধান্তক লৈ মঙলবাৰে পুনৰ ৰাজ্যসভা উত্তাল হৈ পৰে৷ বিৰোধী দলৰ সদস্যসকলে নিলম্বিতকৰণ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনালেও ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকায়া নাইডুৱে সেই দাবী প্ৰত্যাখ্যান কৰে৷ উল্লেখ্য, বৰ্ষাকালীন অধিৱেশনৰ অন্তিমটো দিনত এই বাৰজন সাংসদে সংসদৰ ভিতৰত হিংসাত্মক আচৰণ কৰাৰ অভিযোগ তুলি সোমবাৰে শীতকালীন অধিৱেশনৰ প্ৰথমটো দিনতে তেওঁলোকক নিলম্বিত কৰিছিল৷ নিলম্বিত ৰাজ্যসভাৰ সাংসদৰ ভিতৰত আছিল অসমৰ ৰাজ্যসভাৰ সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰা৷ নিলম্বিত আন সাংসদকেইজন হৈছে– এলামাৰাম কৰিম [চিপিএম], ফুলু দেৱী নিতম [কংগ্ৰেছ], ছায়া বাৰ্মা [কংগ্ৰেছ], বিজয় বিস্বাম [চিপিআই],  ৰাজামণি পেটেল [কংগ্ৰেছ], ডোলা সেন [তৃণমূল], শান্ত ছেত্ৰী [তৃণমূল], চৈয়দ নাছিৰ হুছেইন [কংগ্ৰেছ],  প্ৰিয়ংকা চতুৰ্বেদী [শিৱসেনা], অনিল দেশাই [শিৱসেনা] আৰু অখিলেশ প্ৰসাদ সিং [কংগ্ৰেছ]৷ বিগত অধিৱেশনত কৰা অশোভনীয় আচৰণৰ বাবে সোমবাৰৰ পৰা আৰম্ভ হোৱা শীতকালীন অধিৱেশনত সাংসদৰ বিৰুদ্ধে শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা অসাংবিধানিক বুলি বিৰোধী দলসমূহে আজিও প্ৰতিবাদ কৰে৷ নিলম্বিতকৰণ প্ৰত্যাহাৰ নকৰিলে সকলো বিৰোধী দলে চলিত অধিৱেশন বৰ্জন কৰিব বুলি ভাবুকি দিলেও অধ্যক্ষ এম ভেংকায়া নাইডুৱে তেওঁলোকৰ দাবী প্ৰত্যাখ্যান কৰে৷ অধ্যক্ষ নাইডুৱে কয় যে, যিকেইজন সাংসদক বিগত অধিৱেশনত কৰা অশোভনীয় আচৰণৰ বাবে নিলম্বিত কৰা হৈছে তেওঁলোকৰ এজনৰো নিজৰ কাৰ্যৰ ক্ষেত্ৰত মুঠেই অনুশোচনা নাই৷ ইয়াৰ বিপৰীতে তেওঁলোকে সংবাদ মাধ্যমৰ আগত ৰাজ্যসভাই গ্ৰহণ কৰা সিদ্ধান্ত ভুল বুলিহে মন্তব্য কৰিছে৷ বৰং তেওঁলোকে নিজৰ আচৰণৰ বাবে অনুশোচনা ব্যক্ত কৰিব লাগিছিল৷ নাইডুৰ মতে সংসদৰ অধিৱেশনৰ নীতি-নিয়ম পালন কৰিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, যি সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ কোনো সম্ভাৱনা নাই৷ উল্লেখ্য, নিলম্বিত সাংসদসকলৰ হৈ মঙলবাৰে ৰাজ্যসভাৰ কংগ্ৰেছ দলৰ নেতা মল্লিকাৰ্জুন খৰ্গেই ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকায়া নাইডুক সাক্ষাৎ কৰি নিলম্বনৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনাইছিল৷ পিছে খৰ্গেৰ এই অনুৰোধেও ৰাজ্যসভাৰ অধ্যক্ষৰ হূদয় গলাবলৈ সক্ষম নহ’ল৷ ৰাজ্যসভাত এই বিষয়টোক লৈ বিৰোধী দলৰ আন সদস্যসকলে আজিও উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷