Logo
image

আফ্ৰিকাৰ পৰা মুম্বাইলৈ উভতিল সহস্ৰাধিক, হোৱা নাই ক’ভিড পৰীক্ষা

কৰ’নাৰ নতুন ভেৰিয়েণ্টৰ আতংকৰ মাজতে মহাৰাষ্ট্ৰত চাঞ্চল্য

আমাৰ অসম,১ ডিচেম্বৰঃ কৰ’নাৰ নতুন ভেৰিয়েণ্ট ‘অমিক্ৰন’ক লৈ বিশ্বৰ আন আন দেশৰ লগতে ভাৰততো যথেষ্ট চিন্তা বাঢ়িছে৷ গতিকে সমগ্ৰ দেশতে সতৰ্কতা অৱলম্বন কৰা হৈছে৷ কেন্দ্ৰীয় চৰকাৰে দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত ৰাজ্যৰ চৰকাৰৰ সৈতে আলোচনা আৰম্ভ কৰিছে৷ ৰাজ্য চৰকাৰবোৰেও নিজববীয়াকৈ আলোচনা কৰি সতৰ্কতা অৱলম্বন কৰিছে৷ কিন্তু ইয়াৰ মাজতে মহাৰাষ্ট˜ৰ পৰা এটা উদ্বেগজনক বাতৰি আহিছে৷ প্ৰকাশিত বাতৰি অনুসৰি বিগত ১৫ দিনত দক্ষিণ আফ্ৰিকা আৰু আন আফ্ৰিকীয় দেশৰ পৰা মুম্বাইলৈ ১০০০ৰো অধিক লোক উভতি আহে৷ কিন্তু বিদেশৰ পৰা উভতি অহা এই লোকসকলৰ ভিতৰত মাত্ৰ এশমান লোকৰহে ক’ভিড পৰীক্ষা কৰা হৈছে৷ আফ্ৰিকাৰ দেশবোৰত এতিয়া অমিক্ৰন নামৰ নতুন কৰ’না ভেৰিয়েণ্টৰ সংক্ৰমণ দ্ৰুত গতিত বাঢ়িছে৷ গতিকে বৃহন মুম্বাই পৌৰ নিগমৰ [বি এম চি] দ্বাৰা এই তথ্য আহৰণ কৰা হৈছে৷ ঘূৰি অহা এহাজাৰৰো অধিক লোকৰ ভিতৰত মাত্ৰ ৪৬৬জন লোকৰ তথ্যহে আছে বি এম চিৰ হাতত৷ ইয়াৰে আকৌ মাত্ৰ ১০০জনৰহে ক’ভিড পৰীক্ষা কৰা হৈছে৷ ইয়াৰ ভিতৰত যিসকল লোক আক্ৰান্ত হৈছে, তেওঁলোকৰ নমুনা সংগ্ৰহ কৰি ‘অমিক্ৰন’ৰ দ্বাৰা আক্ৰান্ত হৈছে নেকি, সেয়া জানিবলৈ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হয়৷ তথ্য নথকা বাকী লোকক বিচাৰি বি এম চিয়ে অভিযান আৰম্ভ কৰিছে৷ যিসকল লোকে কৰ’না পৰীক্ষা কৰা নাই, তেওঁলোকক আগবাঢ়ি আহিবলৈ আহ৩ান জনাইছে৷ অমিক্ৰনৰ দ্বাৰা মহাৰাষ্ট˜ত যাতে কৰ’নাৰ তৃতীয় ঢৌ আৰম্ভ হ’ব নোৱাৰে, তাৰবাবে মহাৰাষ্ট˜ চৰকাৰে বৃহৎ পৰ্যায়ত কাম-কাজ আৰম্ভ কৰিছে৷