Logo
image

নাগালেণ্ডত ২০১৫ চনত একেধৰণৰ দুৰ্ঘটনাত দৈৱক্ৰমে ৰক্ষা পৰে ৰাৱাট

আমাৰ অসম, ৯ডিচেম্বৰ ঃ ২০১৫ চনত নাগালেণ্ডৰ ডিমাপুৰত সেনাবাহিনীৰ চিতা হেলিকপ্টাৰ এখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল আৰু তাৰ আৰোহী হিচাপে থাকিও ৰক্ষা পৰিছিল বিপিন ৰাৱাট৷ আ(ৰ্যজনকভাৱে সেইবাৰ প্ৰাণ ৰক্ষা পৰা বিপিন ৰাৱাট তেতিয়াসেনাবাহিনীৰ লেফটেনেণ্ট জেনেৰেল আছিল৷ ৬ বছৰ পাছত তেওঁ পুনৰ হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱতি ল’বলগীয়া হ’ল৷ ২০১৫ চনৰ ফেব্ৰুৱাৰীত ডিমাপুৰৰ ৰঙাপাহাৰৰ পৰা উৰা মৰাৰ পাছতেই হেলিকপ্টাৰখনৰ ইঞ্জিন বন্ধ হৈ মাটিত পৰি দুৰ্ঘটনাগ্ৰস্ত হৈছিল৷ ২০ ফুট ওপৰৰ পৰা পৰি যোৱা চিতা হেলিকপ্টাৰখন আংশিকভাৱে ভাগি গ’লেও বিপিন ৰাৱাট আৰু আন দুজন সেনাবিষয়া নিৰ্বিঘ্নে ৰক্ষা পৰিছিল৷