Logo
image

নেতৃত্ব এৰিবলৈ কোহলিক ৪৮ ঘণ্টাৰ সময় দিছিল বি চি চি আয়ে

আমাৰ অসম, ১০ ডিচেম্বৰ ঃ নিউজীলেণ্ডৰ বিৰুদ্ধে সদ্যসমাপ্ত টুৱেণ্টী২০ শৃংখলাটোৰ সময়ৰ পৰাই ভাৰতীয় এদিনীয়া দলৰো অধিনায়ক সলনি হোৱাৰ সম্ভাৱনাক লৈ চৰ্চা চলিছিল যদিও ইমান সোনকালে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে [বি চি চি আই] তাৰ সিদ্ধান্ত ল’ব বুলি হয়তো কোনেও ধাৰণা কৰা নাছিল৷ কিন্তু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চ্ছ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া তিনিখন টেষ্টৰ শৃংখলাৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰাৰ দিনাই বি চি চি আয়ে বিৰাট কোহলিৰ স্থানত ৰোহিত শৰ্মাক ভাৰতীয় এদিনীয়া দলটোৰো অধিনায়কৰ দায়িত্ব দিয়াৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে৷ ভাৰতীয় টুৱেণ্টী২০ দলৰ নেতৃত্বৰ পৰা অব্যাহতি লোৱাৰ সিদ্ধান্ত কোহলিয়ে নিজেই লৈছিল৷ ৫০ অভাৰৰ দলটোৰ ক্ষেত্ৰতো একেই হ’ব বুলিও ধাৰণা কৰা হৈছিল৷ কিন্তু তেনে নহ’ল৷ কোহলিক হঠাৎ এদিনীয়া দলৰ নেতৃত্বৰ পৰাও আঁতৰোৱাৰ প্ৰকৃত কাৰণ কি বাৰু? জানিব পৰা মতে, বি চি চি আইৰ ফালৰ পৰায়ে কোহলিক এদিনীয়া দলৰ নেতৃত্বৰ পৰা অব্যাহতি ল’বলৈ কোৱা হৈছিল৷ আনকি তেওঁক সিদ্ধান্ত লোৱাৰ বাবে ৪৮ ঘণ্টাৰ সময়ো দিয়া হৈছিল৷ কিন্তু কোহলি নেতৃত্ব এৰিবলৈ সন্মত নাছিল৷ তেনে স্থিতিত তেওঁক অপসাৰণ কৰি ৰোহিত শৰ্মাক নতুন অধিনায়কৰ দায়িত্ব দিয়া হৈছিল৷ বিশ্বৰ কোনো এখন দেশতে টুৱেণ্টী২০ আৰু ৫০ অভাৰৰ ক্ৰিকেটৰ বাবে পৃথক অধিনায়ক নাই৷ সেইবাবেই ৰোহিত শৰ্মাক ভাৰতীয় টুৱেণ্টী২০ দলৰ অধিনায়কৰ দায়িত্ব দিয়াৰ সময়ত এই প্ৰসংগ উত্থাপন হৈছিল৷ অষ্টে˜লিয়া আৰু ইংলেণ্ডৰ দৰে ভাৰততো টেষ্ট আৰু সীমিত অভাৰৰ ক্ৰিকেটৰ বাবে দুজন অধিনায়কক দায়িত্ব দিয়াৰ বিষয়েও চিন্তা-চৰ্চা চলাই থকা হৈছিল৷ ভাৰতীয় ক্ৰিকেটত পূবেওৰ্ টেষ্ট আৰু এদিনীয়া দলৰ বাবে পৃথক অধিনায়কক দায়িত্ব দিয়াৰ উদাহৰণ আছে৷  কিন্তু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে  হ’বলগীয়া গুৰুত্বপূৰ্ণ শৃংখলা এটাৰ পূৰ্বে কোহলিক নেতৃত্বৰ পৰা অব্যাহতি দিয়া হ’ব বুলি কোনেও ভবা নাছিল৷ এই সন্দৰ্ভত বি চি চি আইৰ যুক্তি হৈছে যে বিশ্বকাপলৈ লক্ষ্য ৰাখিয়েই এনে সিদ্ধান্ত লোৱা হৈছে৷ অহা বছৰ অষ্টে˜লিয়াত অনুষ্ঠিত হ’ব টুৱেণ্টী২০ বিশ্বকাপ৷ আনহাতে, ২০২৩ চনত ভাৰতত অনুষ্ঠিত হ’ব ৫০ অভাৰৰ বিশ্বকাপ৷ তাৰ পূৰ্বে নতুন অধিনায়কজনক কিছু সময় দিব বিচাৰে ক্ৰিকেট ব’ৰ্ডে৷ উল্লেখ্য, বিৰাট কোহলিয়ে ৯৫ খন এদিনীয়াত ভাৰতক নেতৃত্ব দিছে৷ কিন্তু কোহলিৰ নেতৃত্বত আই চি চিৰ কোনো টুৰ্নামেণ্ট জয় কৰিব পৰা নাই ভাৰতে৷ ইপিনে, শেহতীয়াভাৱে টীম ইণ্ডিয়াৰ সতীৰ্থসকলৰ সৈতে কোহলিৰ সম্পৰ্ক পূৰ্বৰ দৰে মধুৰ নোহোৱাৰো অভিযোগ উত্থাপন হৈছিল৷ সতীৰ্থৰ সমস্যাক গুৰুত্ব নিদিয়াৰো অভিযোগ উঠিছিল৷ কোহলিক এদিনীয়া দলৰ অধিনায়কৰ পৰা অপসাৰণ কৰাৰ এয়াও এটা অন্যতম কাৰণ হিচাপে গণ্য কৰা হৈছে৷