Logo
image

ৰাৱাট দম্পতীক বিদায় অশ্ৰু শুকাল দুই কন্যাৰ

আমাৰ অসম, ১১ ডিচেম্বৰঃ দেশমাতৃৰ বীৰযোদ্ধা, ভাৰতৰ প্ৰথমগৰাকী সেনা সৰ্বাধিনায়ক বিপিন ৰাৱাট আৰু তেওঁৰ পত্নী মধুলিকা ৰাৱাটক আজি শেষ বিদায় জনায় তেওঁলোকৰ দুই কন্যা কৃতিকা আৰু তাৰিণীয়ে৷ ৰাৱাটৰ নাতি-নাতিনীয়েকেও ফুলেৰে শেষবাৰৰ বাবে বিদায় জনায় ককা-আইতাকক৷ এই মুহূৰ্ত আছিল স্বাভাৱিকতে আৱেগপ্ৰৱণ৷ কিন্তু পিতৃ-মাতৃক হেৰুওৱাৰ বেদনা বুকুত সাৱতি অকণো বিচলিত নোহোৱাকৈয়ে দুই কন্যাই বিদায় জনায় ৰাৱাট দম্পতীক৷ অৱশ্যে দুয়োৰে চকু স্বাভাৱিকতে ভৰি আছিল অশ্ৰুৰে৷ কিন্তু দেশৰ বাবে সেৱা আগবঢ়াই প্ৰাণ আহুতি দিয়া যোদ্ধা পিতৃ আৰু মাতৃক  ¸চকুপানী অবিহনে শেষ বিদায় জনায় কৃতিকা আৰু তাৰিণীয়ে৷ সেই সময়ত নতুন দিল্লীৰ কামৰাজ মাৰ্গত থকা ৰাৱাটৰ চৰকাৰী বাসভৱনত উপস্থিত আছিল স্থলসেনা, বায়ুসেনা আৰু নৌসেনাৰ শীৰ্ষ বিষয়া তথা জোৱানৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াবৰ্গ তথা কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী৷ উপস্থিত আছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালো৷ উল্লেখ্য যে, আজি পুৱা ১১ বজাত ৰাৱাট আৰু তেওঁৰ পত্নীৰ নশ্বৰ দেহ পালাম বিমান বন্দৰৰ পৰা কামৰাজ মাৰ্গৰ চৰকাৰী বাসভৱনলৈ নিয়া হয়৷ তাত কেন্দ্ৰীয় বিত্তমমন্ত্ৰী নিৰ্মলা সীতাৰমণ, স্মৃতি ইৰাণী, সৰ্বানন্দ সোণোৱাল আদিকে ধৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথেও ৰাৱাট আৰু তেওঁৰ পত্নীক শেষ শ্ৰদ্ধা জনায়৷ চৰকাৰী বাসভৱনত অন্তিম শ্ৰদ্ধা জনোৱাৰ পাছত দুপৰীয়া ২ বজাত ৰাৱাট আৰু তেওঁৰ পত্নী মধুলিকাৰ কফিনবন্দী নশ্বৰ দেহ শেষকৃত্যৰ বাবে আগবঢ়াই নিয়া হয় দিল্লী কেণ্টনমেণ্টৰ ব্ৰাৰ স্কোয়েৰ শ্মশান ঘাটলৈ৷ তাত সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে একেখন চিতাতে শেষকৃত্য সম্পন্ন কৰা হয় দেশৰ প্ৰথমগৰাকী সেনা সৰ্বাধিনায়ক বিপিন ৰাৱাট আৰু তেওঁৰ পত্নী মধুলিকা ৰাৱাটৰ৷ দুয়োৰে মুখাগ্নি কৰে কন্যা কৃতিকা আৰু তাৰিণীয়ে৷ আঠ শতাধিক সেনাবাহিনীৰ বিষয়া-জোৱান আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলৰ লগতে নেপাল, শ্ৰীলংকা, ভূটান, বাংলাদেশকে ধৰি বিভিন্ন ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ উপস্থিতিত পিতৃ-মাতৃৰ চিতাত জুই দিয়ে কৃতিকা আৰু তাৰিণীয়ে৷ সেই সময়তো দুই কন্যাৰ সৈতে শ্মশানত আছিল ৰাৱাট দম্পতীৰ নাতি-নাতিনীয়েক৷ শ্মশানতো দুই কন্যাই অকণো বিচলিত নোহোৱাকৈ পিতৃ-মাতৃৰ মুখাগ্নি কৰে৷ তাৰিণী আৰু কৃতিকাৰ মতে তেওঁলোকৰ পিতৃ আছিল সঁচা অৰ্থত এগৰাকী বীৰযোদ্ধা৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে সন্ধিয়া যেতিয়া ৰাৱাট দম্পতীৰ লগতে হেলিকপ্টাৰ দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা আন ১১জন বিষয়া-জোৱানৰ নশ্বৰ দেহ দিল্লীৰ পালাম বিমান বন্দৰলৈ অনা হৈছিল সেই সময়ত ৰাষ্ট্ৰীয় পতাকাৰে ঢাকি অনা কফিন সাৱতি হুক্‌হুকাই কান্দিছিল ৰাৱাটৰ কন্যা কৃতিকা আৰু তাৰিণীয়ে৷ ইয়াৰ পূৰ্বে ব্ৰাৰ স্কোয়েৰ শ্মশানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে জেনেৰেল ৰাৱাটলৈ শেষ শ্ৰদ্ধা জনায়৷ শেষকৃত্য অনুষ্ঠানত সেনা সৰ্বাধিনায়কজনলৈ সন্মান জনাই ১৭ জাঁই টোপধবনি কৰা হয়৷ শ্মশানতো উপস্থিত থাকে নৌসেনা, স্থলসেনা আৰু বায়ুসেনাৰ তিনিওগৰাকী মুৰব্বীৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালকে ধৰি কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী৷ উল্লেখ্য যে আজি ৰাৱাট আৰু তেওঁৰ পত্নীৰ অন্তিম যাত্ৰাৰ সময়ত দুয়োৰে নশ্বৰ দেহ কঢ়িয়াই অনা পুষ্পসজ্জিত বাহনখনৰ পাছে পাছে সোঁত বৈছিল হাজাৰ হাজাৰ লোকৰ৷ পথৰ দুয়োকাষে সমাবেত হোৱা শ শ লোকে বন্দে মাতৰম, বিপিন ৰাৱাট অমৰ ৰহে ধবনিৰে চৌদিশ উত্তাল কৰি তুলিছিল৷ অজস্ৰজনে ৰাৱাট আৰু তেওঁৰপত্নীৰ নশ্বৰ দেহ কঢ়িয়াই নিয়া গাড়ীলৈ কৰিছিল পুষ্পবৃষ্টি৷ অন্তিম যাত্ৰাৰ সমদলৰ কাষে কাষে বহু সেনা জোৱান হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ আগবাঢ়িছিল৷ এক কথাত ক’বলৈ গ’লে সেনাৰ সৰ্বাধিনায়কজনক শেষ বিদায় জনাবলৈ আজি উবুৰি খাই পৰিছিল দিল্লীবাসী৷ ইপিনে হেলিকপ্টাৰ দুৰ্ঘটনাটোত নিহত হোৱা ব্ৰিগেডিয়াৰ এল এছ লিড্ডাৰৰো আজি শেষকৃত্য সম্পন্ন কৰা হয়৷ শেষকৃত্যৰ পূৰ্বে ব্ৰিগেডিয়াৰ লিড্ডাৰক অন্তিম বিদায় জনায় তেওঁৰ কন্যা আৰু পত্নীয়ে৷ পত্নী গীতিকা লিড্ডাৰ আৰু কন্যা আশনাই কফিনত চুমা খাই শেষ বিদায় জনায় ব্ৰিগেডিয়াৰ লিড্ডাৰক৷ অন্তিম¸ বিদায়ৰ সময়ত লিড্ডাৰৰ পত্নী-কন্যাৰ দুচকুও স্বাভাৱিকতে ভৰি আছিল অশ্ৰুৰে৷ কিন্তু নিজকে সংযত কৰি ৰাখিছিল দুয়ো৷ গীতিকা লিড্ডাৰৰ মতে– ‘মই সৈনিকৰ পত্নী৷ তেওঁক বিদায় জনাবই লাগিব৷ কিন্তু এই বিদায় অশ্ৰু¸ৰ নহয়, হ’ব লাগিব হাঁহিমুখেৰে৷’ কন্যা আশনাৰো একেই কথা– ‘মই ১৭ বছৰত ভৰি দিবলৈ ওলাইছো৷ আমাৰ সৈতে দেউতা ১৭ বছৰ আছিল৷ আমি তেওঁৰ সুখৰ স্মৃতি বুকুত বান্ধি আগবাঢ়িব লাগিব৷ দেউতাক হেৰুওৱাটো দেশৰ ক্ষতি৷ দেউতা আছিল এজন নায়ক৷ মোৰ বেষ্ট ফ্ৰেইণ্ড আছিল দেউতা৷ তেওঁৰ প্ৰতিটো আদৰ্শই মোক অনুপ্ৰাণিত কৰিব৷’ ব্ৰিগেডিয়াৰ লিড্ডাৰৰ কন্যাই যেতিয়া এইখিনি কথা উল্লেখ কৰিছিল যেতিয়া তাত উপস্থিত থকা বহুতেই আৱেগক ধৰি ৰাখিব পৰা নাছিল৷ হুক্‌হুকাই কান্দিছিল একাংশই৷