Logo
image

মাৰাডোনাৰ ঘড়ী চুৰি কৰি ৱাজিদ সংবাদশীৰ্ষত


এইবাৰ ওলাল আইপেড, স্কোৱাছ ৰেকেট



আমাৰ অসম, ১৩ ডিচেম্বৰঃ কেৱল হুবলট ঘড়ী এটাই নহয়, কিম্বদন্তীসম ফুটবলাৰ ডিয়েগ’ মাৰাডোনাই ব্যৱহাৰ কৰা আৰু কেইবাপদো সামগ্ৰী শিৱসাগৰৰ ৱাজিদ হুছেইনৰ জিম্মাৰ পৰা অসম আৰক্ষীয়ে বিগত ৩৬ ঘণ্টাত উদ্ধাৰ কৰাৰ ঘটনাই বিষয়টোৰ গভীৰতা বঢ়াই তুলিছে৷ ইয়াৰ ফলত অন্ততঃ এটা বিষয় স্পষ্ট হৈ পৰিছে যে, ৱাজিদ হুছেইনে অজানিতে মাৰাডোনাৰ অমূল্য ঘড়ীটো অনা নাছিল৷ চুৰিয়েই হওঁক বা আন্তঃৰাষ্ট্ৰীয় চক্ৰৰ ষড়যন্ত্ৰ, সম্পূৰ্ণ বিষয়টোৰ সৈতে শিৱসাগৰৰ  ৱাজিদ হুছেইন জড়িত হৈ আছে বুলি সন্দেহ গাঢ় হৈছে৷ ৱাজিদ হুছেইনে আৰক্ষীৰ প্ৰাৰম্ভিক সোধা-পোছাত ডেৰেক নামৰ ডুবাইত থকা এজন নাইজেৰিয়াৰ ব্যক্তিৰ পৰা আনৰ ব্যৱহাৰ্য সামগ্ৰী ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰাত অজানিতে মাৰাডোনাৰ বহুমূল্যবান ঘড়ী ক্ৰয় কৰি আনে আৰু সেই ঘড়ী যে মাৰাডোনাৰ আৰু ই অমূল্য সেই বিষয়ে নাজানে বুলি দিয়া স্বীকাৰোক্তিৰ সত্যতা নথকা বুলি সন্দেহৰ সৃষ্টি হৈছে৷ তদন্তকাৰী আৰক্ষীৰো তেনে বিশ্বাস৷ উল্লেখ্য, ৱাজিদ হুছেইনৰ জিম্মাৰ পৰা মাৰাডোনাই ব্যৱহাৰ কৰা আৰু তেওঁৰ বাবে বিশেষভাৱে হুবলটে নিৰ্মাণ কৰি দিয়া ঘড়ীটোৰ উপৰি শহুৰেকৰ ঘৰৰ পৰা মাৰাডোনাই ব্যৱহাৰ কৰা বুলি ভবা দুটা আইপেড, দুখন স্কোৱাছৰ ৰেকেট, ৬টা লাইটাৰ, দুযোৰ জোতা, এটা জেকেট, এটা টি ছাৰ্ট, এটা টুপি আৰু এটা পুতলা উদ্ধাৰ কৰিছে শিৱসাগৰ আৰক্ষীয়ে৷ অৱশ্যে এই সকলো সামগ্ৰী যে মাৰাডোনাৰে আছিল, সেই বিষয়ে এতিয়াও তদন্তকাৰী আৰক্ষী নিশ্চিত হ’ব পৰা নাই৷ কিন্তু শিৱসাগৰ আৰক্ষীয়ে সংযুক্ত আৰব আমিৰ শ্বাহী চৰকাৰে ৱাজিদক বিচাৰিলে প্ৰত্যৰ্পন কৰিব বুলি দিয়া মন্তব্যই ৱাজিদৰ পৰিয়ালত আতংকৰ সৃষ্টি কৰিছে৷ কিয়নো আন অপৰাধৰ দৰে সংযুক্ত আৰব আমিৰ শ্বাহীত চুৰিৰ শাস্তিও কঠোৰ৷ এই চুৰি কাৰ্যৰ ঘটনাই কেৱল অসম বা দেশতে নহয়, সমগ্ৰ বিশ্বতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মাৰাডোনা এজন আন্তঃৰাষ্ট্ৰীয় চেলেব্ৰিটী আছিল আৰু তেওঁ এতিয়াও চূড়ান্ত প্ৰাসংগিক৷ মৃত্যুৰ পাছতো মাৰাডোনাৰ যিকোনো বাতৰি ‘হট কেক’ৰ দৰে বিক্ৰী হয়৷ সেয়ে বিশ্বৰ প্ৰতিখন দেশতে মাৰাডোনাৰ সামগ্ৰী চুৰিৰ খবৰ আৰু উদ্ধাৰৰ সবিশেষ গুৰুত্ব সহকাৰে প্ৰকাশ হৈছে৷ ফলত অনাকাংক্ষিতভাৱে মাৰাডোনাৰ সামগ্ৰী চুৰিৰ সৈতে অসমৰ নাম জড়িত হৈ পৰিছে আৰু একে সময়তে সেই সামগ্ৰী উদ্ধাৰৰ বাবে অসম আৰক্ষী বিশ্বজুৰি প্ৰশংসিত হৈছে৷

 ৱাজিদৰ বিৰুদ্ধে আৰক্ষীৰ গোচৰ ৰুজু, আদালতত হাজিৰ

শিৱসাগৰ জিলাৰ দৰিকাঘাটৰ ৱাজিদ হুছেইন নামৰ এজন ব্যক্তিৰ জিম্মাৰ পৰা কালি শিৱসাগৰ আৰক্ষীয়ে ফুটবলৰ ঈশ্বৰ খ্যাত ডিয়েগ’ মাৰাডোনাৰ এটা মূল্যবান হাতঘড়ী উদ্ধাৰ হোৱাৰ ঘটনাৰ প্ৰতিক্ৰিয়া এতিয়াও মাৰ যোৱা নাই৷ ডুবাই আৰক্ষীৰ জৰিয়তে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ পৰা লাভ কৰা সূত্ৰ অনুসৰি শিৱসাগৰ আৰক্ষীয়ে শনিবাৰে পুৱা প্ৰায় চ্ছ্ৰ বজাত চৰইদেউ জিলাৰ মথুৰাপুৰৰ সেউজপুৰত থকা ৱাজিদ হুছেইনৰ শহুৰেকৰ ঘৰৰ পৰা মাৰাডোনাৰ চুৰি হাতঘড়ীসহ ৱাজিদক আটক কৰি আনিছিল৷ উক্ত আন্তঃৰাষ্ট্ৰীয় অপৰাধক লৈ শিৱসাগৰ আৰক্ষীয়ে আজি আগবঢ়োৱা তদন্ত প্ৰক্ৰিয়াত উদ্ধাৰ হৈছে আন কেতবোৰ সন্দেহজনক সামগ্ৰী৷ আজি ৱাজিদৰ শহুৰেকৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই আই পেড ২টা, জেকেট ৰটা, ট্ৰেক পেণ্ট ৰ টা, টি-চাৰ্ট ৰটা, জোতা ২ যোৰ, পুতলা ৰটা, স্কোৱাছ ৰেকেট ২খন, হাতঘড়ী ৰটা, লাইটাৰ ৬টা, ভেচলিন ৰটা আৰু টুপী ৰটা উদ্ধাৰ কৰে৷ শিৱসাগৰ আৰক্ষীয়ে সকলো আইনী প্ৰক্ৰিয়া ৰক্ষা কৰি জব্দ কৰা এই সামগ্ৰী সমূহক লৈ অনুসন্ধান অব্যাহত ৰাখিছে যদিও এই সমূহ সামগ্ৰীৰ ভিতৰত কিমান সংখ্যক বিশ্ব প্ৰসিদ্ধ ফুটবলাৰ মাৰাডোনাৰ হয় সেই বিষয়ত নিশ্চিত হ’ব পৰা নাই বুলি শিৱসাগৰ জিলা আৰক্ষীয়ে জানিবলৈ দিছে৷ আনহাতে অসম আৰক্ষীৰ আইন-শৃংখলা বিভাগৰ বিশেষ সঞ্চালক জি পি সিঙে আজি পুৱা টুইটাৰ যোগে উদ্ধাৰ হোৱা সামগ্ৰী সমূহৰ ফটো দি memorabilia শব্দটো ব্যৱহাৰ কৰি কয় যে-মাৰাডোনাৰ হেবলট ঘড়ী উদ্ধাৰৰ পাছত তেওঁৰ স্মৃতি সংপৃক্ত আন বহু সামগ্ৰী উদ্ধাৰ কৰা হৈছে৷ ইয়াৰ বিপৰীতে শিৱসাগৰ আৰক্ষীৰ শীৰ্ষ সূত্ৰই এতিয়াও এই সমূহ সামগ্ৰী কিংবদন্তি ফুটবল খেলুৱৈ মাৰাডোনাৰ হয় নে নহয় সেয়া এতিয়াও নিশ্চিত নহয় বুলি সামাজিক মাধ্যমত সদৰি কৰিছে৷ উল্লেখযোগ্য যে কালি বিশ্বৰ আগশাৰীৰ হেবলট কোম্পানীৰ দ্বাৰা নিৰ্মিত মাৰাডোনাৰ লিমিটেড এডিচনৰ চুৰি ঘড়ীটো শিৱসাগৰৰ ৱাজিদ হুছেইনৰ পৰা উদ্ধাৰ হোৱাক লৈ সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ স্বাভাৱিকতে শিৱসাগৰ আৰক্ষীও এই বিষয়ত বিমোৰত পৰিছিল৷ ডুবাইৰ ক’ত, কেতিয়া, কেনেকৈ মাৰাডোনাৰ হাতঘড়ীকে ধৰি আন আন সামগ্ৰী সমূহ চুৰি হ”ল ইয়াৰ কোনো তথ্য নথকাকৈ কেৱল মাত্ৰ ৱাজিদ হুছেইনৰ তথ্য কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ পৰা লাভ কৰাৰ পাছত ৱাজিদক লৈ কি কৰিব সেই বিষয়ক লৈও নিশ্চিত নাছিল অসম আৰক্ষীৰ লগতে শিৱসাগৰ আৰক্ষী৷ সেয়েহে চুৰি কাণ্ডৰ সৈতে জড়িত ৱাজিদক লৈ বিভিন্ন বিভ্ৰান্তিকৰ তথ্য আহিছিল৷ আনহে নালাগে ঘড়ীটো মাৰাডোনাৰ হয় নে নহয় সেই বিষয়ক লৈও সৃষ্টি হৈছিল প্ৰশ্নৰ৷ ইয়াৰ সমান্তৰালভাৱে শিৱসাগৰত কোনো অপৰাধ সংঘটিত নকৰা কিন্তু ডুবাইত সংঘটিত কৰা চুৰি সামগ্ৰী ইয়াত উদ্ধাৰ হোৱাৰ পাছত অভিযুক্ত ৱাজিদ হুছেইনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নে নকৰে সেই সন্দৰ্ভতো স্পষ্ট নাছিল শিৱসাগৰ আৰক্ষী৷ শিৱসাগৰ আৰক্ষীয়ে শেষতীয়াভাৱে এক নিজাববীয়া গোচৰৰ ভিত্তিত ৱাজিদ হুছেইনক গ্ৰেপ্তাৰ কৰিছে বুলি জানিবলৈ দিছে৷ ঘটনা সন্দৰ্ভত শিৱসাগৰ সদৰ থানাত ১৩৮৮/২১ নম্বৰৰ এক গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৮০/৪১১ৰ আধাৰত অভিযুক্ত ৱাজিদ হুছেইনক আদালতত হাজিৰ কৰা হয়৷