Logo
image

চিৰকাললৈ সংৰক্ষিত হ’ল অসম আন্দোলনৰ তথ্য

আমাৰ অসম, ১৪ ডিচেম্বৰঃ এটাকৈ এটাকৈ নথিভুক্ত হৈছে অসম আন্দোলনৰ প্ৰায় সমগ্ৰ তথ্যকোষ৷ প্ৰায় সাতটা বছৰ অসমৰ লগতে দেশৰ ৰাজনীতি জোকাৰি যোৱা, বিদেশতো খলকনি তোলা এই আন্দোলনটোৰ বিভিন্ন কথাৰ আঁৰৰ বহু ঘটনা, অজানা বহু দিশ সামৰি ছটাকৈ বিশাল খণ্ডত প্ৰকাশ পাবলৈ লৈছে ‘অসম আন্দোলনৰ তথ্যকোষ’৷ ৰাজ্য চৰকাৰৰ অসম চুক্তি ৰূপায়ণ বিভাগৰ বিশেষ উদ্যোগত প্ৰকাশ পোৱা এই তথ্যকোষৰেই দ্বিতীয় আৰু তৃতীয় খণ্ড শুকুৰবাৰে উন্মোচন কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ লক্ষণীয় যে ১৯৮০-৮১ সময়ছোৱাক সামৰি লোৱা দ্বিতীয় খণ্ডৰ মুঠ পৃষ্ঠা সংখ্যা ৰ,১৬০৷ আনহাতে ১৯৮১-৮২ সময়ছোৱাক সামৰি লোৱা তৃতীয় খণ্ডটোৰ পৃষ্ঠা সংখ্যা ৰ,১৭৬৷ উল্লেখ্য, যোৱাবছৰৰ ১০ ডিচেম্বৰত উন্মোচিত হৈছিল তথ্যকোষৰ প্ৰথম খণ্ড৷ এই খণ্ডই ১৯৭৮-১৯৮০ সময়ছোৱাক সামৰি লৈছিল৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয় আৰু তৃতীয় খণ্ড উন্মোচন কৰি যথাৰ্থতেই মন্তব্য কৰিছে যে এই তথ্যকোষত চিৰকাললৈ সংৰক্ষিত থাকিল অসম আন্দোলনৰ তথ্য৷ এই তথ্যকোষৰ সম্পাদনাৰ দায়িত্বত আছে সমাজ বিজ্ঞানৰ নিৰীক্ষক, সাহিত্যিক, সাংবাদিক দিগন্ত ওজা৷ শুকুৰবাৰৰ উন্মোচনী অনুষ্ঠানত ওজাই জানিবলৈ দিয়ামতে এক মুক্ত আৰু উদাৰ দৃষ্টিৰে সম্পাদনা কৰা এই তথ্যকোষৰ চতুৰ্থ সংখ্যা ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু চলিত মাহতে পঞ্চম খণ্ডও সম্পূৰ্ণ হৈ উঠিব৷ মূলতঃ এই পাঁচোটা খণ্ডই অসম আন্দোলনৰ সমগ্ৰ কালছোৱাৰ ঘটনাক্ৰম সামৰি লৈছে৷ লিখিত নথিপত্ৰ, আন্দোলনৰ বিভিন্ন গোহাৰি, প্ৰচাৰ পত্ৰ, চাইক্ল’ষ্টাইল কাকত-আলোচনী আদিৰ লগতে এই সময়ছোৱাৰ অগ্ৰণী দৈনিক কাকতত প্ৰকাশিত অসম আন্দোলনকেন্দ্ৰিক সকলো বা-বাতৰি সন্নিৱিষ্ট হৈছে৷ তদুপৰি আছে আন্দোলনৰ সময়ত অসম আৰক্ষীৰ বিশেষ শাখাই প্ৰস্তুত কৰা প্ৰতিবেদনৰ আন্দোলন সম্পৰ্কীয় টোকাসমূহ৷ আন্দোলন সন্দৰ্ভত প্ৰকাশিত বিভিন্ন গ্ৰন্থৰ পৰিচয় আৰু অসম আন্দোলনক লৈ এইপৰ্যন্ত হোৱা বিভিন্ন গৱেষণাপত্ৰৰ টোকাও সন্নিৱিষ্ট হৈছে অসম আন্দোলনৰ তথ্যকোষত৷ ওজাৰ মতে ভৱিষ্যতৰ গবেষকক আন্দোলনটোৰ বিভিন্ন দিশ চালিজাৰি চোৱাত এইবোৰ তথ্যই উপকৃত কৰিব৷ উল্লেখ্য, মূলতঃ পাঁচটা খণ্ডই আন্দোলনৰ সমস্ত তথ্য সামৰি ল’লেও এই পাঁচটা খণ্ডৰ উপৰি ষষ্ঠ তথা পৰিপূৰিক খণ্ড এটাও প্ৰকাশ পাব৷ এই পৰিপূৰিক খণ্ডত পলমকৈ আহি পৰা তথ্যসমূহ সন্নিৱিষ্ট হ’ব৷ এই বিদ্যায়তনিক কামত প্ৰকল্প সহযোগীৰূপে আছে ১০-১২জন মান যুৱক-যুৱতী৷ উল্লেখ্য, সম্পাদকে জনোৱা মতে ৰাজ্য চৰকাৰৰ প্ৰকল্প হ’লেও এই তথ্যকোষ সকলো মতাদৰ্শৰ উদ্ধৰ্ত৷ এক মুক্ত আৰু উদাৰ দৃষ্টিৰে চলিছে প্ৰকল্পৰ কাম৷ এই প্ৰকল্পৰ উপদেষ্টা হিচাপে আছে শিশু সাহিত্যিক, নিবন্ধকাৰ হৃষিকেশ গোস্বামী আৰু সম্পাদনা সমিতিৰ সদস্য হিচাপে আছে অসম চুক্তি ৰূপায়ণ বিভাগৰ যুটীয়া সচিব জয়ন্ত কুমাৰ গোস্বামী৷