Logo
image

দিল্লী, ৰাজস্থানত পুনৰ ৮জন আক্ৰান্ত

দেশত লাহে লাহে বাঢ়িছে অমিক্ৰনৰ সংক্ৰমণ

আমাৰ অসম, ১৫ ডিচেম্বৰ ঃ ব্ৰিটেইনত অমিক্ৰন নামৰ কৰ’নাৰ নতুন ভেৰিয়েণ্টৰ সংক্ৰমণৰ বলি হৈ প্ৰথমজন লোকৰ মৃত্যু হয় সোমবাৰে৷ গতিকে ব্ৰিটেইন চৰকাৰ চিন্তিত হৈ পৰিছে৷ তেনে সময়তে ভাৰততো লাহে লাহে বাঢ়িছে অমিক্ৰনত আক্ৰান্ত হোৱা লোকৰ সংখ্যা৷ মঙলবাৰে ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী আৰু ৰাজস্থানত চাৰিজনকৈ লোক নতুনকৈ অমিক্ৰনৰ দ্বাৰা আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে৷ গতিকে ইয়াৰ পৰা এই কথা অনুমান কৰা হৈছে ভাৰতত অহা দিনবোৰত অমিক্ৰনত আক্ৰান্ত হোৱা লোকৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব আৰু অহা বছৰৰ আৰম্ভণিতে ইয়াৰ দ্বাৰা তৃতীয় ঢৌ আৰম্ভ হ’ব৷ দেশত কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা কমিছে যদিও অমিক্ৰনৰ দ্বাৰা আক্ৰান্ত হোৱা লোকৰ সংখ্যা লাহে লাহে বাঢ়িছে৷ দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনে মঙলবাৰে প্ৰকাশ কৰে নতুনকৈ চাৰিজন অমিক্ৰনত আক্ৰান্ত হোৱা বুলি৷ বুধবাৰে পুৱা গুজৰাটৰ ছুৰাটত এজন ব্যৱসায়ী অমিক্ৰনত আক্ৰান্ত হৈছিল৷ এতিয়া ৰাজস্থান আৰু দিল্লীতো চাৰিজনকৈ আক্ৰান্ত হোৱাত দেশত অমিক্ৰনত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৪৯জনলৈ বৃদ্ধি পায়৷ গতিকে দেশৰ বিভিন্ন ৰাজ্যত বিদেশৰ পৰা ঘূৰি অহা লোকৰ কৰ’না পৰীক্ষা বৃদ্ধি কৰা হৈছে আৰু তেওঁলোকক কোৱাৰেণ্টীনত ৰখা হৈছে৷ মঙলবাৰে দেশত কৰ’নাত আক্ৰান্ত হয় ৫,৭৮৪জন লোক৷