Logo
image

নিশা কাশীৰ কাম-কাজ পৰিদৰ্শন প্ৰধানমন্ত্ৰী মোদীৰ

আমাৰ অসম, ১৪ ডিচেম্বৰ ঃ ৪ দিনৰ বাবে নিজ লোকসভা সমষ্টি বাৰানসীলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে মাজনিশাও কাম-কাজ পৰিদৰ্শন কৰি কাশীবাসীক আচৰিত কৰি তোলে৷ নিশা বাৰ বজালৈকে প্ৰধানমন্ত্ৰী মোদীয়ে ক্ৰুজত বিজেপিশাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বিজেপি নেতাৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত বহাৰ পাছত খোজেৰে কাশীৰ গোলাপী ষ্ট্ৰীটৰ সৌন্দৰ্য উপভোগ কৰি বিভিন্ন উন্নয়নমূলক কাম-কাজ পৰিদৰ্শন কৰে৷ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে সংগ দিয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে৷ খোজেৰে তেওঁ কাশী বিশ্বনাথ মন্দিৰত উপস্থিত হৈ কাম-কাজ পৰিদৰ্শন কৰাৰ লগতে বাৰানসী ৰে’ল ষ্টেচনো পৰিদৰ্শন কৰে৷ তেতিয়া মাজনিশা ১.১৩ বাজিছিল৷ উল্লেখ্য, প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশতে এই ৰে’ল ষ্টেচনটোৰ আগৰ ৰূপ সলাই সৰ্বাংগ সুন্দৰ কৰি তোলা হৈছিল৷ গতিকে মাজনিশাও প্ৰধানমন্ত্ৰীয়ে কাশীৰ কাম-কাজ পৰিদৰ্শন কৰা কাৰ্যই স্থানীয় ৰাইজক আচৰিত কৰি তোলে৷ বহুতে নিশাও প্ৰধানমন্ত্ৰীক চাবলৈ ঘৰৰ বাহিৰলৈ ওলাই আহে৷ উল্লেখ্য, সোমবাৰে নিশা আঠ বজাৰ পৰা ১২ বজালৈ কাশীৰ জাহাজত বহি প্ৰধানমন্ত্ৰী মোদীয়ে বিজেপি নেতাসকলৰ লগতে বিজেপিৰ দ্বাৰা শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনাত বহে৷ এই বৈঠকত আগন্তুক বিধানসভা নিৰ্বাচনক লৈ গুৰুত্বপূৰ্ণ আলোচনা হয়৷