Logo
image

নেহৰুৰ নামত বিশ্ববিদ্যালয় থাকিলে, ভেক্‌চিনৰ চাৰ্টিফিকেটত প্ৰধানমন্ত্ৰী মোদীৰ ফটো কিয় নাথাকিব!

বিৰোধিতা কৰা আৱেদনকাৰীক প্ৰশ্ন কেৰালা উচ্ছ ন্যায়ালয়ৰ ভেক্‌চিনৰ চাৰ্টিফিকেটত প্ৰধানমন্ত্ৰীৰ ছবিৰ 

আমাৰ অসম, ১৫ ডিচেম্বৰ ঃ ভাৰতত টিকাকৰণৰ কাম দ্ৰুত গতিত অব্যাহত থকাৰ সময়তে টিকাকৰণৰ প্ৰমাণ-পত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ ফটো থকাক লৈ একাংশ লোক অসন্তুষ্ট হৈছে৷ বিশেষকৈ প্ৰধানমন্ত্ৰী মোদীক চকু পাৰি দেখিব নোৱৰা একাংশ লোক ক্ষুব্ধ হৈছে৷ গতিকে ভাৰতৰ ‘ক’-উইন’ এপৰ জৰিয়তে প্ৰদান কৰা ভেক্‌চিনৰ প্ৰমাণ-পত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ ফটোৰ বিৰোধিতা কৰি এজন লোকে কেৰালা উচ্ছ ন্যায়ালয়ত আৱেদন কৰিছিল৷ কিন্তু এই আৱেদনৰ শুনানি গ্ৰহণ কৰি কেৰালা উচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ পি ভি কুনহিকৃষ্ণণে আৱেদনকাৰীক প্ৰশ্ন কৰে টিকাকৰণৰ প্ৰমাণ-পত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ ফটো থকাত আপত্তি কিয়? যদি প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত জৱাহৰলাল নেহৰুৰ নামত বিশ্ববিদ্যালয় থাকিব পাৰে, তেন্তে ভেক্‌চিনৰ প্ৰমাণ-পত্ৰত কিয় ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ফটো থাকিব নোৱাৰে? আৱেদনকাৰীৰ হৈ আদালতত যুক্তি দৰ্শোৱা অধিবক্তা অজিত জয়ে কয় যে ব্যক্তিগত ভেক্‌চিন প্ৰমাণ-পত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ ফটো থকাটো মৌলিক অধিকাৰৰ উলংঘন৷ তেতিয়া ন্যায়াধীশ পি ভি কুনহিকৃষ্ণণে অধিবক্তাক প্ৰশ্ন কৰে ‘দেশৰ প্ৰধানমন্ত্ৰীক লৈ গৰ্ব কৰিব লাগে নে নালাগে?’ তেওঁ আৰু কয় যে নৰেন্দ্ৰ মোদী হৈছে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী৷ বেলেগ দেশৰ প্ৰধানমন্ত্ৰী নহয়৷ তেওঁক জনতাই ভোট দি নিৰ্বাচিত কৰিছে৷ গতিকে প্ৰধানমন্ত্ৰীক লৈ কিয় আৱেদনকাৰীয়ে লাজ কৰে? প্ৰমাণ-পত্ৰত থকা প্ৰধানমন্ত্ৰীৰ ফটোক লৈ যদি দেশৰ ১০০ কোটি জনতাৰ কোনো আপত্তি নাই, তেন্তে আৱেদনকাৰীৰ আপত্তি কিয়?