Logo
image

বংগৰ ৭ বছৰীয়া শিশু অমিক্ৰনত আক্ৰান্ত

হায়দৰাবাদত কেনিয়া আৰু ছোমালিয়াৰ পৰা অহা দুজন আক্ৰান্ত, দেশত অমিক্ৰনত আক্ৰান্ত হ’লগৈ ৬২

আমাৰ অসম, ১৬ ডিচেম্বৰঃ বিদেশ ভ্ৰমণ কৰি ঘূৰি অহা লোক বা বিদেশৰ পৰা ভাৰতলৈ অহা লোকৰ দ্বাৰা আমাৰ দেশত আৰম্ভ হৈছে কৰ’নাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰনৰ সংক্ৰমণ৷ মঙলবাৰে আবেলিলৈকে ভাৰতত অমিক্ৰনত আক্ৰান্তৰ সংখ্যা ৪৯ আছিল যদিও  বুধবাৰে দিনৰ ভাগলৈকে এই সংখ্যা ৬২জনলৈ বৃদ্ধি পায়৷ বৰ্তমান তেলেংগানাৰ ৰাজধানী হায়দৰাবাদতো অমিক্ৰন বিয়পি পৰিছে৷ হায়দৰাবাদলৈ কেনিয়া আৰু ছোমালিয়াৰ পৰা অহা দুজন লোকৰ দেহত অমিক্ৰন ধৰা পৰে৷  গতিকে হায়দৰাবাদত বিশেষ সতৰ্কতা অৱলম্বন কৰা হৈছে৷ কেনিয়াৰ পৰা অহা এগৰাকী ২৪ বছৰীয়া মহিলা আৰু ছোমালিয়াৰ পৰা অহা এজন ২৩ বছৰীয়া যুৱক অমিক্ৰনৰ দ্বাৰা আক্ৰান্ত হয়৷ তেওঁলোকে ১২ ডিচেম্বৰত হায়দৰাবাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছিলহি৷ বুধবাৰে তেলেংগানাৰ জনস্বাস্থ্য বিভাগৰ সঞ্চালক ডাঃ জি শ্ৰীনিবাস ৰাৱে এই কথা প্ৰকাশ কৰে৷ এই দুজনৰ লগতে ডুবাইৰ পৰা হায়দৰাবাদ হৈ বংগলৈ যোৱা এজন সাত বছৰীয়া ল’ৰাও অমিক্ৰনৰ দ্বাৰা আক্ৰান্ত হয়৷ কিন্তু পিতৃ-মাতৃৰ সৈতে কণমানি যাত্ৰীজন ইতিমধ্যে পশ্চিমবংগ পালেগৈ বুলিও ডাঃ ৰাৱে কয়৷ পশ্চিমবংগৰ মুৰ্শিদাবাদৰ বাসিন্দা শিশুজনক চিনাক্ত কৰি বংগ চৰকাৰৰ স্বাস্থ্য বিভাগে চিকিৎসালয়ত ভৰ্তি কৰিছে৷ তেওঁৰ পৰিয়ালৰ লোকৰো ক’ভিড পৰীক্ষা কৰা হৈছে আৰু সকলোৰে পৰা পৃথকে ৰখা হৈছে৷  কেনিয়া আৰু ছোমালিয়াৰ যাত্ৰী দুজনক চিকিৎসালয়ত ভৰ্তি কৰৱো  হয়৷ দেশত লাহে লাহে অমিক্ৰনত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাত নীটি আয়োগৰ সদস্য ডাঃ ভি কে পালে চিন্তা ব্যক্ত কৰে আৰু বৰ্তমানৰ ভেক্‌চিনে এই নতুন ভেৰিয়েণ্টক ৰোধ কৰিবলৈ সক্ষম নহ’ব বুলি আশংকা প্ৰকাশ কৰে৷ সেয়ে তেওঁ সকলো ঔষধ প্ৰস্তুতকাৰী কোম্পানীক আহ্বান জনায় একগোট হৈ ভেক্‌চিন প্ৰস্তুত কৰিবলৈ৷ বৰ্তমান ভাৰতৰ মহাৰাষ্ট্ৰত ২৮জন লোক অমিক্ৰনৰ দ্বাৰা আক্ৰান্ত হৈছে৷ ৰাজস্থানত ১৭জন, কৰ্ণাটকত তিনিজন, গুজৰাটত চাৰিজন, কেৰালাত এজন, দিল্লীত ছজন, চণ্ডীগড়ত এজন, হায়দৰাবাদত দুজন লোক অমিক্ৰনৰ দ্বাৰা আক্ৰান্ত হৈছে৷