Logo
image

সঘনে ৰং সলনি কৰে উত্তৰ-পূবৰ আঞ্চলিক দলে

চিদাম্বৰমৰ অভিযোগ

আমাৰ অসম, ১৭ডিচেম্বৰ ঃ ‘উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক ৰাজনৈতিক দলসমূহে সঘনে ৰং সলনি কৰে৷ দিল্লীত কংগ্ৰেছ দলৰ পাৱাৰ কাট হ’লে উত্তৰ-পূবৰ আঞ্চলিক দলসমূহেও কংগ্ৰেছৰে সম্পৰ্কৰ চুইচ অফ কৰে৷ উত্তৰ-পূবত দৃঢ় নীতিনিষ্ঠ ৰাজনীতিৰ অভাৱ৷ এয়া দুৰ্ভাগ্যজনক৷’ এই মন্তব্য প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰমৰ৷ বৃহস্পতিবাৰে ‘আকৌ নতুন প্ৰভাত হ’ব’ শীৰ্ষক কংগ্ৰেছৰ প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকি চিদাম্বৰমে কয়– ‘উত্তৰ-পূৰ্বাঞ্চলৰ অধিকসংখ্যক মুখ্যমন্ত্ৰীয়েই এসময়ত কংগ্ৰেছ দলৰ আছিল৷ বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ আসনত থকা ব্যক্তি একালত কংগ্ৰেছ মেন আছিল৷ তেওঁলোকে কংগ্ৰেছৰ পাৱাৰ যোৱাত আদৰ্শগত পথ সলনি কৰিলে৷ ৰাজনীতিত নিৰ্বাচন হৰা-জিকাই আদৰ্শ নহয়৷ কিছু পৰিমাণে হ’লেও ৰাজনীতিত আদৰ্শগত মূল্যবোধ থাকিব লাগে৷’ চিদাম্বৰমে লগতে কয় যে বিজেপিবিৰোধী সকলো ৰাজনৈতিক দল একলগ হ’ব লাগে৷ ইফালে কংগ্ৰেছৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখন ধবংসাত্মক বুলি মন্তব্য কৰি চিদাম্বৰমে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱল এটা বস্তুলৈকে ভয় কৰে, সেইটো হৈছে– ‘নিৰ্বাচনত পৰাজয়’৷ ইফালে কেন্দ্ৰীয় চৰকাৰে চীনৰ আগ্ৰাসন ৰোধ কৰিবলৈ ব্যৰ্থ হোৱা বুলি অভিযোগ কৰি চিদাম্বৰমে কয় যে মোদীৰ আমোলত চীনে সীমান্তত গাঁও পাতিছে, জম্মু-কাশ্মীৰত উগ্ৰপন্থীৰ কাম-কাজ বৃদ্ধি পাইছে, অৰ্থনীতি ভাগি পৰিছে৷ চিদাম্বৰমে কংগ্ৰেছৰ হাইকামাণ্ড ৰাহুল গান্ধীক দেশৰ ভাল জ্যোতিষী আখ্যা দিয়ে৷ তেওঁ কয় যে মোদী চৰকাৰৰ প্ৰতিটো ভুল পদক্ষেপ পাশ্বৰ্ক্ৰিয়া ৰাহুল গান্ধীয়ে পূৰ্বেই আঙুলিয়াই আহিছে৷ উল্লেখ্য, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত তিনিদিনীয়া বিশেষ প্ৰশিক্ষণ শিৱিৰত আজি বিয়লিৰ অধিৱেশনত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি পি চিদাম্বৰমে কয় যে নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনত জয়ী হ’বলৈ যিকোনো অপকৰ্ম কৰি জনগণক প্ৰতাৰণা কৰিবলৈ কুণ্ঠাবোধ নকৰা হ’ল৷ এয়া গণতন্ত্ৰৰ বাবে, দেশৰ জনতাৰ বাবে ভয়ংকৰ ভাবুকি হৈ দেখা দিছে৷ তেওঁ কয় যে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজনীতিত অসহিষ্ণুতাই মূলধন হৈ পৰিছে৷ তেওঁ নিজৰ বক্তব্যত আৰু কয় যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিৰক্ষা ব্যৱস্থাটো ইমান স্পৰ্শকাতৰ আৰু জটিল যে কেন্দ্ৰীয় চৰকাৰে এই সম্পৰ্কত লোৱা ৱ্যৱস্থাসমূহ যথেষ্ট নহয়৷ বিজেপি চৰকাৰখনে দেশৰ প্ৰচলিত অৰ্থনৈতিক ব্যৱস্থাটোক ভাঙি-ছিঙি দি জনগণৰ স্বাৰ্থৰ বিপক্ষে থিয় দিছে৷ লক্ষণীয় যে আজি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীচিদাম্বৰমে প্ৰশিক্ষণ শিৱিৰৰ চৌহদত পদাৰ্পণ কৰাৰ লগে লগে অসমৰ বাৰে ৰহণীয়া সংস্কৃতিক তুলি ধৰি কেইবাটাও সাংস্কৃতিক দলে তেওঁক মঞ্চলৈ আদৰি নিয়ে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, এঅ আই চি চিৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিৰোধী উপ-দলপতি ৰকিবুল হুছেইন, তিনিওগৰাকী কাৰ্যকৰী সভাপতি ক্ৰমে ৰাণা গোস্বামী, জাকিৰ হুছেইন শিকদাৰ আৰু কমলাক্ষ দে’ পুৰকায়স্থ, এঅ আই চি চিৰ দুগৰাকী সম্পাদক পৃথ্বীৰাজ প্ৰভাকৰ সাথে আৰু বিকাশ উপাধ্যায়, কেইবাগৰাকীও বিধায়ক, প্ৰদেশ কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মীয়ে চিদাম্বৰমক বিপুল সম্ভাষণ জনায়৷ ইয়াৰ আগেয়ে পুৱা প্ৰথম অধিবেশনত সমল ব্যক্তি হিচাপে বক্তব্য প্ৰদান কৰে সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাই৷ তেওঁ জনজাগৰণ অভিযানৰ উদ্দেশ্য সম্পৰ্কে ব্যাখ্যা দাঙি ধৰি কয় যে গাঁৱে-ভূঞে বি জে পিৰ মিথ্যাচাৰ আৰু অপশাসনৰ বিষয়ে জনগণক সজাগ আৰু সচেতন কৰি তোলাৰ লক্ষ্য লৈ দলে এই অভিযান আৰম্ভ কৰিছে আৰু ইতিমধ্য ইয়াৰ সফলতা লাভ কৰিবলৈ দল সক্ষম হৈ উঠিছে৷ তেওঁ কয় যে ২০২১ চনৰ আৰম্ভণিতে দেশত দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ পৰিসংখ্যা আছিল ৮ কোটি৷ কিন্তু ভয়ানক ৰূপত হোৱা মূল্যবৃদ্ধিয়ে তাত আৰু ১৫ কোটি লোক যোগ দিলে৷ মোদীৰ শাসনত জনমূৰি আয় আৰু মানুহৰ ক্ৰয় ক্ষমতা ভাবিব নোৱৰা হাৰত হ্ৰাস পালে৷