Logo
image

অষ্ট্ৰেলিয়াত অমিক্ৰন বাঢ়িলেও ক’ভিড বিধি শিথিল

আমাৰ অসম, ১৭ ডিচেম্বৰঃ অষ্ট্ৰেলিয়াৰ বৃহৎ ৰাজ্য নিউ ছাউথ ৱেলছত বিগত তিনি মাহৰ ভিতৰত সৰ্বাধিক লোক কৰ’নাত আক্ৰান্ত হয়৷ আক্ৰান্ত হোৱাসকলৰ ভিতৰত অমিক্ৰনত আক্ৰান্ত হোৱা লোকো আছে৷ কিন্তু অমিক্ৰনৰ ভয় আৰু কৰ’না সংক্ৰমণ বাঢ়িলেও অষ্টে˜লিয়া চৰকাৰে ক’ভিড বিধি শিথিল কৰাৰ সিদ্ধান্ত লয়৷ ১২ দিনত নিউ ছাউথ ৱেলছত ১৩০জন লোক অমিক্ৰনৰ দ্বাৰা আক্ৰান্ত হয়৷ স্থানীয় লোকেও প্ৰকাশ কৰিছে যে অমিক্ৰনে দ্ৰুতগতিত সংক্ৰমণ বৃদ্ধি কৰাটো স্পষ্ট হৈ পৰিছে৷ কিন্তু অষ্ট্ৰেলিয়াৰ বিভিন্ন ৰাজ্যৰ চৰকাৰে ক’ভিড বিধি শিথিল কৰি দিয়াৰ সিদ্ধান্ত লয়৷ কঠোৰ ক’ভিড বিধিৰ ফলত দেশখনৰ কাম-কাজ আৰু অৰ্থনীতিত কুপ্ৰভাৱ পৰিছে৷ জনতাও অতিষ্ঠ হৈ পৰিছে৷ সেয়ে  ৰাজ্য চৰকাৰবোৰে এনে সিদ্ধান্ত লয়৷ নিউ ছাউথ ৱেলছৰ স্বাস্থ্যমন্ত্ৰী ব্ৰেড হাজাৰ্ডে স্বীকাৰ কৰে যে অমিক্ৰনৰ বাবেই ৰাজ্যখনত কৰ’নাৰ সংক্ৰমণ দ্ৰুতভাৱে বাঢ়িছে৷ ফ্ৰেব্ৰুৱাৰীৰ অন্তত অমিক্ৰনত আক্ৰান্তৰ সংখ্যা ২৫ হাজাৰৰো অধিক হোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ কয়৷ অষ্টে˜লিয়াত ভেক্‌চিন নোলোৱা লোকেও ভেক্‌চিন লোৱাসকলৰ দৰেই সকলোধৰণৰ সা-সুবিধা লাভ কৰিব বুলিও অষ্টে˜লিয়া চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে৷