Logo
image

অজয় মিশ্ৰক জে’ললৈ প্ৰেৰণৰ হুংকাৰ ৰাহুল গান্ধীৰ

সাংবাদিকক বেয়া ব্যৱহাৰ কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ

আমাৰ অসম, ১৭ ডিচেম্বৰ ঃ উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰিৰ টিকুনিয়াত ৩ অক্টোবৰত সংঘটিত হিংসাত্মক ঘটনা সম্পূৰ্ণ পৰিকল্পিত আছিল বুলি বিশেষ তদন্তকাৰী গোটে ৰাজহুৱা কৰাৰ পাছতে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰ টেনিৰ পুত্ৰ আশীষ মিশ্ৰ আৰু আন ১২জন অভিযুক্তৰ বিৰুদ্ধে ‘হত্যাৰ ষড়যন্ত্ৰ’ গোচৰ ৰুজু কৰা হৈছে৷ গতিকে সংসদতো বিষয়টো চৰ্চা হ’ব লাগে বুলি কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে দাবী কৰে৷ লগতে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ পদত্যাগ দাবী কৰে৷ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা উত্তৰ প্ৰদেশৰ দায়িত্বত থকা প্ৰিয়ংকা গান্ধীয়েও কেন্দ্ৰীয় মন্ত্ৰী মিশ্ৰৰ পদত্যাগ দাবী কৰে৷ সেই সময়তে বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ এটা ভিডিঅ’ ভাইৰেল হয়, য’ত তেও সাংবাদিকক বেয়া ব্যৱহাৰ কৰা দেখা যায়৷ সাবাদিকে লখিমপুৰ খেৰিৰ ঘটনাত মিশ্ৰৰ পুত্ৰ আশীষ জড়িত থকা কথাটোক লৈ প্ৰশ্ন কৰা বাবেই অজয় মিশ্ৰ ক্ষুব্ধ হৈ পৰে সাংবাদিক চোৰ বুলি অভিহিত কৰে৷ লগতে হাতেৰে ঠেলি দিবলৈ চেষ্টা কৰে৷ গতিকে ইয়াৰ সুযোগ লয় প্ৰিয়ংকা আৰু ৰাহুল গান্ধীয়ে৷ বৃহস্পতিবাৰে সংসদলৈ অহাৰ সময়ত ৰাহুল গান্ধীয়ে অজয় মিশ্ৰক কঠোৰ সমালোচনা কৰে আৰু ভৱিষ্যতে অজয় মিশ্ৰ টেনিক জে’ললৈ প্ৰেৰণ কৰিব বুলি ভাবুকি দিয়ে৷ এতিয়া নহ’লেও ১৫ বছৰৰ পাছত হ’লেও অজয় মিশ্ৰ জে’ললৈ যাব লাগিব বুলি তেওঁ কয়৷