Logo
image

অৱসৰী শিক্ষকে নিযুক্তি পাব স্কুলত

 কেবিনেটৰ সিদ্ধান্ত

আমাৰ অসম, ১৮ ডিচেম্বৰঃ গো-সুৰক্ষা আইনৰ সংশোধনৰ সিদ্ধান্ত গ্ৰহণ কৰে অসম কেবিনেটে৷ ৰাজ্যিক কেবিনেটৰ পাছত এই কথা সদৰী কৰে মন্ত্ৰী কেশব মহন্তই৷ কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে সদৰী কৰি মন্ত্ৰী মহন্তই কয়—  চাকৰিৰ নিযুক্তিৰ পৰীক্ষা ৩য় আৰু ৪ৰ্থ বৰ্গৰ চাকৰিৰ ৰাজ্যিক পৰ্যায়ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ ৰাজ্য চৰকাৰৰ অধীনৰ বিভাগ সমূহত এক লাখ সংস্থাপনৰ সিদ্ধান্ত লয়৷ জিলা আৰু ৰাজ্য সকলোতে থকা খালী থকা পদ একেলগে পূৰণ কৰিব পৰা হোৱা নাই৷ এপি এচ চি দৰে নিযুক্তিৰ দৰে এখন নিযুক্তিৰ বাবে এখন ব’ৰ্ড গঠন কৰিব৷ পাঠদান ক্ষেত্ৰত যদি শিক্ষকে ৩০ দিনতকৈ বেছি চুটি লয় তেনেহ’লে অতিথি শিক্ষকে পাঠদান কৰাব পাৰিব৷ অৱসৰ প্ৰাপ্ত শিক্ষক বা অৱসৰপ্ৰাপ্ত জিলা বিষয়াক শিক্ষকৰ নিযুক্তি দিব পাৰিব বিদ্যালয়ৰ অধ্যক্ষই৷ চৰকাৰে তেওঁলোকৰ পাৰিতোষিক হিচাপে ১০হাজাৰ টকা দিব৷ গো-সুৰক্ষা আইন [Assam Cattle Reservation Act]ৰ উপৰি State Level Police Commission Act ৰো সংশোধনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷ ৩য় আৰু ৪ ৰ্থ বৰ্গৰ চাকৰিৰ ক্ষেত্ৰত ৰাজ্যিক পৰ্যায়ত বাছনি কৰাৰ সিদ্ধান্ত লোৱা হয়৷ ৩ য় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰিৰ ক্ষেত্ৰত ৰাজ্যিক পৰ্যায়ৰ এখন নিযুক্তি আয়োগ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ এই আয়োগে নিযুক্ত সম্পৰ্কীয় সকলো দিশ চোৱাচিতা কৰিব৷ অসম আন্দোলনৰ শ্বহীদ সকললৈ অনুদান দিয়াৰ উদ্দেশ্য গঠন কৰা ন্যাসত আছুৰ সদস্যৰ সংখ্যা বৃদ্ধি কৰা হ’ব৷ য’ত আছুৰ তিনিজনকৈ সদস্য থাকিব৷ বছৰি সেই ট্ৰাষ্টলৈ ৫ কোটি টকা অনুদান দিয়া হব৷ সুলভ মূল্যৰ দোকানৰ লাইছেন্স এবছৰৰ পৰিৱৰ্তে তিনি বছৰলৈ বৃদ্ধি কৰা হৈছে৷ ৭৫ তম অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰীৰ আহ্বান মৰ্মে এমাহ বা দুমাহৰ ভিত্তিত গ্ৰামাঞ্চল আৰু চহৰাঞ্চলৰ নাম ৰাইজৰ ইচ্ছানুসৰি সলনি কৰাৰ ব্যৱস্থা কৰা হৈছে৷ পৌৰসভা অথবা গাঁৱৰ স্থাপিত হোৱা তাৰিখটোত জন্মদিন পালন কৰা সিদ্ধান্ত লোৱা হ’ব৷