Logo
image

ব্ৰিটেইনত অমিক্ৰনৰ ‘মহা লহৰ’ এদিনত ৮৮ সহস্ৰাধিক আক্ৰান্ত

আমেৰিকাত বুষ্টাৰ ডোজৰ আহ্বান ৰাষ্ট্ৰপতি বাইডেনৰ

আমাৰ অসম, ১৮ ডিচেম্বৰঃ ব্ৰিটেইনত কৰ’না ভাইৰাছৰ ‘মহা লহৰ’ আৰম্ভ হৈছে৷ প্ৰতিদিনে অভিলেখসংখ্যক লোক আক্ৰান্ত হ’বলৈ ধৰিছে৷ যি দ্ৰুত হাৰত ব্ৰিটেইনত কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বাঢ়িবলৈ ধৰিছে, বৰিছ জনছন চৰকাৰ চিন্তিত হৈ পৰিছে৷ ব্ৰিটেইনত একেদিনাই ৮৮,৩৭৬জন লোক আক্ৰান্ত হয়৷ এয়া অভিলেখ৷ বিশ্বত কৰ’না ভাইৰাছ আৰম্ভ হোৱাৰ পাছত প্ৰথমবাৰলৈ ব্ৰিটেইনত এদিনতে ইমান বেছি লোক আক্ৰান্ত হয়৷ বৃহস্পতিবাৰে ব্ৰিটেইনত ৮৮,৩৭৬জন লোক আক্ৰান্ত হোৱাৰ লগতে ১৪৬জন লোকৰ মৃত্যু হয়৷ ইয়াৰ মানে হ’ল পুনৰ ভয়ংকৰ পৰিস্থিতিৰ দিশে আগবাঢ়িছে ব্ৰিটেইন৷ গতিকে বৰিছ জনছন চৰকাৰে পুনৰ ক’ভিড বিধি পালনৰ বাবে সিদ্ধান্ত লোৱাৰ চিন্তা-চৰ্চা কৰিছে৷ ভাৰততো বিপদৰ ছাঁ পৰিছে৷ কাৰণ ভাৰতৰ এঘাৰখন ৰাজ্যলৈ অমিক্ৰন বিয়পি পৰিছে৷ মহাৰাষ্ট্ৰ, ৰাজস্থান, দিল্লী, কেৰালা, গুজৰাট, কৰ্ণাটক, তেলেংগানা, পশ্চিমবংগ, অন্ধ্ৰ প্ৰদেশ, পঞ্জাব, তামিলনাডুত ইতিমধ্যে অমিক্ৰন আক্ৰান্ত পোৱা গৈছে৷ ২০২২ চনৰ আৰম্ভণিতে অমিক্ৰনত আক্ৰান্তৰ সংখ্যা ভাৰতত আৰু অধিক বাঢ়িব৷ মহাৰাষ্ট্ৰতে বৰ্তমান ৩২জন লোক অমিক্ৰনৰ দ্বাৰা আক্ৰান্ত হৈছে৷ ইপিনে, আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনো চিন্তিত হৈ পৰিছে৷ ঠাণ্ডা অহাৰ লগে লগে আমেৰিকাত সংক্ৰমণ আৰু অধিক বাঢ়িব৷ অমিক্ৰনে আমেৰিকাত অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে বুলি সকীয়াই দি বাইডেনে আহ্বান জনায় বুষ্টাৰ ডোজ ল’বলৈ৷ যিসকল লোকে এতিয়াও ভেক্‌চিন লোৱা নাই, তেওঁলোকৰ বাবে বিপদ অনিবাৰ্য বুলি সকীয়াই দিয়ে তেওঁ৷