Logo
image

ধৰ্ষণৰ মজাহে ল’ব লাগে! কংগ্ৰেছ বিধায়কৰ বিতৰ্কিত মন্তব্য

আমাৰ অসম, ১৮ ডিচেম্বৰ ঃ কৰ্ণাটক বিধানসভাৰ মজিয়াত কংগ্ৰেছৰ এজন জ্যেষ্ঠ বিধায়কে মহিলাক লৈ কৰা অতি আপত্তিজনক আৰু সংবেদনশীল মন্তব্যই এতিয়া ৰাজ্যখনৰ লগতে দেশজুৰি ব্যাপক চৰ্চা চলিছে৷ সকলোৱে কংগ্ৰেছৰ বিধায়কজনক ভৎৰ্সনা কৰে৷ ভৎৰ্সনা আৰু সমালোচনাৰ সন্মুখীন হোৱাৰ পাছত শুকুৰবাৰে তেওঁ ক্ষমা খোজে৷ পূৰ্বেও মহিলাৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা এই কংগ্ৰেছী বিধায়কজনৰ নাম হ’ল কে আৰ ৰমেশ কুমাৰ৷ তেওঁ আছিল কৰ্ণাটক বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ৷ এটা সময়ত বিধানসভাৰ অধ্যক্ষৰ দৰে সন্মানীয় পদত থকাৰ পাছতো বিধানসভাৰ মজিয়াত তেওঁ মহিলাক লৈ কৰা এনে মন্তব্যই সকলোকে আচৰিত কৰি তুলিছে৷ বিধানসভাৰ মহিলা বিধায়কসকলেও কে আৰ ৰমেশ কুমাৰৰ এই মন্তব্যত লাজ পায় আৰু আপত্তি দৰ্শায়৷ তেওঁ সদনৰ হুলস্থূলীয়া পৰিৱেশ উপভোগ কৰিবলৈ বিধানসভাৰ অধ্যক্ষক পৰামৰ্শ দিবলৈ গৈ এই বিতৰ্কিত মন্তব্য কৰে৷ তেওঁ কয় ‘যেতিয়া ধৰ্ষণক ৰোধ কৰিব নোৱাৰি, ধৰ্ষণ প্ৰায় নিশ্চিত, তেতিয়া বাধা দিয়াৰ সলনি ইয়াক উপভোগহে কৰিব লাগে৷’ তেনেদৰে বিধানসভাৰ হুলস্থূল নিয়ন্ত্ৰণ কৰিব নোৱাৰি অধ্যক্ষই ইয়াক উপভোগ কৰক৷ তেওঁৰ এই মন্তব্যক ভৎৰ্সনা কৰাৰ সলনি বিধানসভাৰ অধ্যক্ষ বিশ্বেশ্বৰ হেগড়ে কাগোৰিয়ে হাঁহি হাঁহি টিপ্পনীহে দিয়ে৷ এতিয়া ইয়াৰ বাবে তেওঁ ক্ষমা খোজে৷