Logo
image

ঢাকাত পুনৰ নিৰ্মিত কালী মন্দিৰ উদ্ধোধন ভাৰতৰ ৰাষ্ট্ৰপতিৰ

১৯৭১ চনৰ যুদ্ধত ভাঙি পেলাইছিল পাক সেনাই

আমাৰ অসম, ১৮ ডিচেম্বৰ ঃ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে ২০১৭ চনত দায়িত্ব গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰলৈ বাংলাদেশ ভ্ৰমণ কৰে ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দে৷ বাংলাদেশৰ স্বাধীনতাৰ সোণালী জয়ন্তী উপলক্ষে বুধবাৰে ঢাকাত উপস্থিত হৈছিল ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দ৷ বাংলাদেশৰ ৰাষ্ট্ৰপতি এম আব্দুল হামিদৰ আমন্ত্ৰণ ৰক্ষা কৰি দেশখনলৈ যোৱা  ভাৰতৰ ৰাষ্ট্ৰপতি ক’বিন্দে বৃহস্পতিবাৰে বাংলাদেশৰ স্বাধীনতা দিৱসৰ সোণালী জয়ন্তী অনুষ্ঠানত ভাগ লয় আৰু স্বাধীনতা যুদ্ধত প্ৰাণ হেৰুওৱা ভাৰতীয় আৰু বাংলাদেশী বীৰ সেনালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ আজি অৰ্থাৎ শুকুৰবাৰে ৰাষ্ট্ৰপতি ক’বিন্দে ঢাকাত পুনৰ নিৰ্মাণ কৰা ঐতিহাসিক ৰামনা কালী মন্দিৰটো উদ্ধোধন কৰে৷ উল্লেখ্য, ১৯৭১ চনৰ বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ সময়ত পাকিস্তানী সেনাই ‘অপাৰেশ্বন ছাৰ্চলাইট’ৰ জৰিয়তে এই কালী মন্দিৰটো সম্পূৰ্ণৰূপে ধবংস কৰিছিল৷ পাকিস্তানী সেনাই মন্দিৰটো ধবংস কৰি জ্বলাই দিয়াৰ লগতে মন্দিৰৰ ভিতৰত আশ্ৰয় লোৱা বহু লোকক হত্যা কৰিছিল৷ উক্ত ঘটনাৰ পাছত বিগত বহু বছৰে কালী মন্দিৰটো ধবসস্তূপত পৰিণত হৈ আছিল যদিও ভাৰতৰ সহযোগিতাত বাংলাদেশ চৰকাৰে এইটোৰ পুনৰ নিৰ্মাণ আৰম্ভ কৰে আৰু অলপতে নিৰ্মাণ সম্পূৰ্ণ হৈছিল৷