Logo
image

কৰ’নাৰ দ্বিতীয় ঢৌত অক্সিজেনৰ অভাৱত ৰোগীৰ মৃত্যু হোৱা নাছিল

 উত্তৰ প্ৰদেশৰ যোগী চৰকাৰৰ চাঞ্চল্যকৰ দাবী

যোগী চৰকাৰৰ সমান মিছলীয়া নাই! দাবী অখিলেশৰ

আমাৰ অসম, ১৮ ডিচেম্বৰঃ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে চৰকাৰ-বিৰোধীৰ মাজৰ সমালোচনা-প্ৰত্যুত্তৰৰ ধাৰা অব্যাহত আছে৷ মূল বিৰোধী দল সমাজবাদী পাৰ্টিৰ মুৰব্বী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱে শাসকীয় বিজেপি আৰু যোগী চৰকাৰক কঠোৰ সমালোচনা কৰি আহিছে৷ তেনেদৰে বিজেপিয়েও অখিলেশ যাদৱৰ দলক সমালোচনা কৰি আহিছে৷ তেনে সময়তে বৃহস্পতিবাৰে উত্তৰ প্ৰদেশ চৰকাৰে ঘোষণা কৰে যে কৰ’নাৰ দ্বিতীয় ঢৌৰ সময়ত ৰাজ্যখনত অক্সিজেনৰ অভাৱত এজনো ক’ভিড ৰোগীৰ মৃত্যু হোৱা নাছিল৷ যোগী চৰকাৰৰ এই কথা পোনচাটেই নাকচ কৰে বিৰোধী দলবোৰে৷ বিধানসভা নিৰ্বাচনৰ আগে আগে যোগী আদিত্যনাথ চৰকাৰে তিনিদিনীয়া বিশেষ শীতকালীন অধিৱেশন আয়োজন কৰে৷ ১৫ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা শীতকালীন অধিৱেশন আজি অৰ্থাৎ শুকুৰবাৰে সমাপ্ত হয়৷ বৃহস্পতিবাৰে কংগ্ৰেছৰ বিধায়ক দীপক সিঙে প্ৰশ্নকালীন ঘণ্টাত সোধা এটা প্ৰশ্নৰ উত্তৰত উত্তৰ প্ৰদেশৰ স্বাস্থ্যমন্ত্ৰী জয় প্ৰতাপ সিঙে কয় যে দ্বিতীয় ঢৌৰ সময়ত ৰাজ্যখনত অক্সিজেনৰ অভাৱত এজনো লোকৰ মৃত্যু হোৱা নাছিল৷ এই সময়ছোৱাত মৃত্যু হোৱা ২২,৯১৫জন লোকৰ মৃত্যুৰ প্ৰমাণপত্ৰত তেওঁলোকৰ মৃত্যু অক্সিজেনৰ অভাৱত হোৱা বুলি উল্লেখ নাই৷ চৰকাৰৰ এই উত্তৰে বিৰোধী বিধায়কসকলক আচৰিত কৰি তোলে৷ তেওঁলোকে যোগী চৰকাৰে মিছা কথা কোৱা  অভিযোগ আনে৷ যোগী মন্ত্ৰীসভাৰে কেইবাজনো মন্ত্ৰী আৰু বিজেপিৰ সাংসদেই অক্সিজেনৰ অভাৱত ৰোগীৰ মৃত্যু হোৱা বুলি পত্ৰ লিখিছিল৷ তেন্তে তেওঁলোকে মিছাকৈ লিখিছিল নেকি বুলিও প্ৰশ্ন কৰে বিৰোধী বিধায়কসকলে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱৰ মতে অক্সিজেন বিচাৰি জনতাই ইমান হাবাথুৰি খালে, অথচ অক্সিজেনত এজনো কৰ’না আক্ৰান্তৰ মৃত্যু হোৱা নাছিল বুলি কৈ যোগী চৰকাৰে আটাইতকৈ ডাঙৰ মিছা কথাটো ক’লে৷ গতিকে এনে মিছলীয়া চৰকাৰক জনতাই গাদীৰ পৰা আঁতৰাব লাগে বুলি তেওঁ দাবী কৰে৷