Logo
image

অমিক্ৰনে আনিব তৃতীয় ঢৌ নিতৌ হ’ব ১৪ লাখ আক্ৰান্ত

আমাৰ অসম, ১৯ ডিচেম্বৰঃ ন’ভেল কৰ’না ভাইৰাছৰ নতুন প্ৰজাতি অমিক্ৰনে ভাৰতত অভূতপূৰ্বভাৱে ভয়ংকৰ তৃতীয় লহৰৰ সৃষ্টি কৰিব৷ তৃতীয় ঢৌ শীৰ্ষত থকাৰ সময়ত দেশত প্ৰতিদিনে ১৪ লাখকৈ লোক অমিক্ৰনৰ দ্বাৰা সংক্ৰমিত হ’ব৷ দেশৰ জনতাৰ বুকু কঁপি যোৱা এই ভৱিষ্যৎবাণী কৰিছে ভাৰতৰ ‘ক’ভিড টাস্ক ফ’ৰ্চ’ৰ মুৰব্বী তথা নীতি আয়োগৰ সদস্য ডাঃ ভি কে পালে৷ ডাঃ ভি কে পালে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ সন্মুখত তৃতীয় ঢৌৰ এই সম্ভাব্য আশংকাৰ কথা মুকলিভাৱে প্ৰকাশ কৰিছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ সৈতে ক’ভিডৰ নতুন প্ৰজাতি অমিক্ৰন সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব সেই সন্দৰ্ভত হোৱা আলোচনাত ক’ভিড টাস্ক ফ’ৰ্চৰ মুৰব্বী জনে এই আশংকা ব্যক্ত কৰে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ শীৰ্ষ বিষয়াসকলক তেওঁ কয় যে ব্ৰিটেইনৰ সাম্প্ৰতিক অমিক্ৰনৰ সংক্ৰমণৰ সৈতে যদি তুলনা কৰা হয়, তেন্তে ভাৰতৰ জনসংখ্যাৰ আধিক্যৰ বাবে তৃতীয় ঢৌ তুংগত থকাৰ সময়ত ভাৰতত প্ৰতিদিনে ১৪ লাখকৈ লোক সংক্ৰমিত হ’ব৷ তেওঁ কয়–‘যদি আমি ব্ৰিটেইনৰ সংক্ৰমণৰ গতি চাওঁ আৰু ঠিক তেনেদৰে যদি ভাৰততো অমিক্ৰনে সংক্ৰমণ বিস্তাৰ কৰে তেন্তে সেই হিচাপত দৈনিক ভাৰতত ১৪ লাখকৈ লোক আক্ৰান্ত হোৱাটো নিশ্চিত৷ এনে পৰিস্থিতি ৰোধ কৰাৰ বাবে এতিয়া দেশৰ সকলো নাগৰিকে অপ্ৰয়োজনীয় ভ্ৰমণ ত্যাগ কৰা উচিত৷ তদুপৰি ক’ভিডৰ সকলো সাৱধানতা অৱলম্বন কৰি সামাজিক ব্যৱধান বজাই ৰাখি কোনো সমাৱেশত ভাগ নল’লে সংক্ৰমণৰ হাৰ হ্ৰাস পাব পাৰে৷ অন্যথা ভাৰতে ক’ভিডৰ যি তৃতীয় ঢৌ দেখিব, সেয়া পূৰ্বৰ ডেল্টাই সৃষ্টি কৰা ঢৌতকৈ ভয়াৱহ হ’ব৷’

উল্লেখ্য যোৱা ২৪ নৱেম্বৰত প্ৰথমবাৰৰ বাবে দক্ষিণ আফ্ৰিকাত অমিক্ৰন নামৰ ক’ভিডৰ নতুন প্ৰজাতি চিহ্নিত হৈছিল৷ এই প্ৰজাতি শেহতীয়া ভয়ংকৰ ডেল্টা প্ৰজাতিতকৈ তিনিগুণ অধিক সংক্ৰামক বুলি ইতিমধ্যে প্ৰকাশ পাইছে৷ দেশত এতিয়ালৈকে ১০১ জন অমিক্ৰনত আক্ৰান্তত চিহ্নিত হৈছে৷ ভাৰতৰ মহাৰাষ্ট্ৰত ৪০ জন, দিল্লীত ২২ জন, ৰাজস্থানত ১৭ জন, তেলেংগানাত ৯ জন, কৰ্ণাটকত ৮ জন, গুজৰাটত ৭ জন, কেৰালাত ৭ জন, চণ্ডীগড়, তামিলনাডু, পশ্চিমবংগত এজনকৈ অমিক্ৰনত আক্ৰান্ত লোক ধৰা পৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাই অমিক্ৰন প্ৰজাতি উদ্বেগজনক বুলি ইতিমধ্যে জনাইছে৷ অৱশ্যে অমিক্ৰন কিমান মাৰাত্মক সেয়া এতিয়াও নিশ্চিত হোৱা নাই৷ উল্লেখযোগ্য যে ব্ৰিটেইনত অমিক্ৰনে চৰম আতংকৰ সৃষ্টি কৰিছে৷ অমিক্ৰনৰ সংক্ৰমণৰ ফলত শুকুৰবাৰে এদিনতে ব্ৰিটেইনত ৮৮,০৪২ জন আক্ৰান্ত হৈছে৷ যদিহে ব্ৰিটেইনৰ দৰে গতি ভাৰততো অব্যাহত থাকে তেন্তে ডাঃ ভি কে পালে প্ৰকাশ কৰা আতংক সত্যত পৰিণত হ’ব৷