Logo
image

মহানগৰীত ঈশ্বৰহীন মানুহৰ সন্মিলন

আমাৰ অসম, ২৭ ডিচেম্বৰঃ কেন্দ্ৰত বিজেপি চৰকাৰৰ শাসন প্ৰৱৰ্তন হোৱাৰ পৰা দেশত ধৰ্মীয় চিন্তা-চৰ্চা ক্ৰমাৎ বাঢ়িছে৷ বিজেপি ঘোষিত হিন্দুত্ববাদী দল৷ ঘাইকৈ হিন্দুত্বত বিশ্বাস কৰাৰ বাবেই বিজেপিৰ শাসনকালত মন্দিৰ নিৰ্মাণ, হিন্দু দেৱ-দেৱীক পূজাৰ ক্ষেত্ৰত অধিক গুৰুত্ব বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে৷বিজেপিৰ চৰকাৰ অসমত প্ৰতিষ্ঠা হোৱাৰ পাছত অসমতো অনুৰূপ পৰিৱেশ গঢ় লৈ উঠিছে৷ অসমত বৈষ্ণৱ সংস্কৃতি বা কৃষ্ণৰ গুণ-গান শ শ বছৰ ধৰি চলি থাকিলেও এতিয়া বিজেপিৰ কৃপাত ঠায়ে ঠায়ে আৰু সময়ে সময়ে জয় শ্ৰীৰাম ধবনি শুনা যায়৷ ব্ৰহ্মপুত্ৰক পূজা কৰি অসমত নমামী ব্ৰহ্মপুত্ৰ উৎসৱো অনুষ্ঠিত হৈছে৷ দৰাচলতে দেশৰ লগতে অসমতো এতিয়া চাৰিওফালে যেন ধৰ্মীয় পৰিৱেশ৷ ৰাজনীতিৰ সৈতে ধৰ্মও লীন হৈ গৈছে৷ এনে সময়তো ঈশ্বৰক বিশ্বাস নকৰা একাংশ লোকে অসমত এখন নাস্তিক সন্মিলন অনুষ্ঠিত কৰা কাৰ্যই বহুতকে কৌতুহলী কৰি তুলিছে৷ সন্দেহ নাই, তেওঁলোক ঘোষিতভাৱে নাস্তিক, ঈশ্বৰ নামৰ কোনো শক্তিত তেওঁলোকৰ বিশ্বাস নাই৷ শনিবাৰে গুৱাহাটীৰ চানমাৰিস্থিত আছাম ইঞ্জিনীয়াৰিং ইনষ্টিটিউটৰ প্ৰাংগণত নাস্তিকতাবাদীসকলে অনুষ্ঠিত কৰিলে চতুৰ্থ নাস্তিক সন্মিলন৷ এই সন্মিলনখনত নিৰ্দিষ্ট দুটা বিষয়ত নাস্তিক কস্তুৰী লালবেগী আৰু পৰাগ দাহলে বক্তৃতা প্ৰদান কৰাৰ পাছতে বাংলাদেশৰ প্ৰাক্তন ইছলাম তথা ইছলামী তৰুণ পণ্ডিত আব্দুল্লাহ আল মাছুদে ধৰ্মৰ মানৱতাবিৰোধী দিশবোৰ উদঙাই দেখুৱাই সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰে৷ এই সভাখনত সভাপতিত্ব কৰে অসমৰ পৰিচিত সাংবাদিক তথা নাস্তিকতাবাদত বিশ্বাসী ৰিপুঞ্জয় গগৈয়ে৷ সন্মিলনখনত উপস্থিত থাকে ৰাহুল মুক্তিয়াৰ, আয়ুব আলী শৰ্মা, হামজা চৌধুৰী, প্ৰাঞ্জল দাসকে ধৰি বহুকেইজন নাস্তিক৷ অনুষ্ঠানত ‘বিষফোঁড়া’ নামৰ অনুবাদ গ্ৰন্থ এখন দ্বিজেন বৰ্মনে আৰু ‘বৈজ্ঞানিক মানসিকতা’ নামৰ হামজা চৌধুৰীৰ এখন গ্ৰন্থ ৰিপুঞ্জয় গগৈয়ে উন্মোচন কৰে৷  ঘাইকৈ দেশত আৰু বহুপৰিমাণে ৰাজ্যতো ধৰ্মক লৈ বিভাজনৰ সৃষ্টি হোৱাৰ সময়ত ঈশ্বৰহীনতাৰ সন্দৰ্ভত নাস্তিকৰ এই সন্মিলনখনে স্বাভাৱিকতে বহু লোকক কৌতুহলী কৰি তুলিছে৷ ঈশ্বৰ বুলি ভবা এটা বিমূৰ্ত ধাৰণাক কেন্দ্ৰ কৰি সমগ্ৰ বিশ্ব পৰিচালিত হৈ থকাৰ সময়ত ঈশ্বৰক বিশ্বাস নকৰা এচাম লোক যে আছে সেই কথাও বহুতৰ বাবে অজানা আছিল৷ ঘোষিত নাস্তিক বুলিও যে এচাম লোক আছে সেই কথাও অনেকেই কিছুদিন আগলৈকে বিশ্বাসেই নকৰিছিল৷ কিন্তু গুৱাহাটীত অনুষ্ঠিত নাস্তিকৰ এই সন্মিলনখনে তেনে বহুতৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে যুক্তিবাদী অনেক লোককো আকৰ্ষিত কৰিছে৷