Logo
image

এদিনৰ বাবে প্ৰধানমন্ত্ৰী হ’ল কিশোৰী

আমাৰ অসম, ০৯ অক্টোবৰঃ ৰাজনীতিৰ অংশ হৈ পৰিছে৷ নাৰীক লৈ চলা নানা দমন-উৎপীড়নৰ মাজতে এক আশাব্যঞ্জক বাতৰিয়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে৷ বলীউডৰ অনিল কাপুৰ অভিনীত ‘নায়ক’ ছবিত দৰ্শক দেখিছিল কিদৰে সাধাৰণ নাগৰিক এজনৰ এদিনৰ বাবে মুখ্যমন্ত্ৰী হৈছিল৷ এয়া আছিল বলীউডৰ কাহিনীৰ চমক৷ কিন্তু বুধবাৰে বাস্তৱতে ঘটিল তেনে এক চমৎকাৰ ঘটনা৷ ফিনলেণ্ডত ঘটা এই ঘটনাই নাৰীৰ প্ৰতি থকা সন্মানবোধকে প্ৰতিপন্ন কৰিছে৷ দেশখনৰ প্ৰধানমন্ত্ৰী ছানা মাৰিনে এদিনৰ বাবে নিজৰ দায়িত্ব তুলি দিয়ে ১৬ বছৰীয়া এগৰাকী কিশোৰীৰ হাতত৷ উল্লেখ্য নাৰী অধিকাৰ ৰক্ষাৰ প্ৰচাৰ অভিযানৰ অংশ হিচাপে দেশখনে এই পদক্ষেপ গ্ৰহণ কৰিছে৷ এদিনৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হৈ উচ্ছাসিত ১৬ বছৰীয়া আভা মুৰতো নামৰ কিশোৰী গৰাকী৷ দক্ষিণ ফিনলেণ্ডৰ বাসিন্দা আভা নামৰ কিশোৰীগৰাকী পৰিৱেশ আৰু মানৱ অধিকাৰ কৰ্মী৷ এদিনৰ প্ৰধানমন্ত্ৰী হৈ তেওঁ দেশৰ আইন ব্যৱস্থাৰ বিষয়ে বিশেষভাৱে অৱগত হৈছে বুলি সংবাদ মাধ্যমক জনায়৷ উল্লেখ্য ফিনলেণ্ডৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী ছানা মাৰিন [৩৪] বিশ্বৰ কনিষ্ঠতম ৰাষ্ট্ৰপ্ৰধান৷