Logo
image

মোদীৰ বাবে ২৪ কোটি টকাৰ ‘গাৰ্ড’

আমাৰ অসম, ২৯ ডিচেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুৰক্ষা ব্যৱস্থা নিষ্কণ্টক কৰাৰ বাবে ব্যৱহাৰ হ’ব ‘গাৰ্ড’৷ অৱশ্যে এই গাৰ্ড মানৱ নহয়, যন্ত্ৰহে, যাৰ মূল্য ভাৰতীয় মুদ্ৰাত ২৪ কোটি টকা৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এছপিজিয়ে সুৰক্ষা প্ৰদান কৰে৷ এই সুৰক্ষা দেশৰ যিকোনো নেতা বা ৰাজনীতিকৰ ক্ষেত্ৰত সৰ্বোচ্ছ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীতকৈ অধিক সুৰক্ষিত ব্যৱস্থা দেশৰ আন কোনো ব্যক্তিৰ ক্ষেত্ৰত নাই৷ তথাপি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুৰক্ষাক লৈ দেশৰ গৃহ মন্ত্ৰণালয় আৰু তেওঁৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত সকলো চিন্তিত হৈ থাকে৷ সেই চিন্তা আঁতৰাবৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে অনা হৈছে দুখন নতুন মাৰ্চিডিজ লিমুজিন গাড়ী৷ এই গাড়ীখনৰ প্ৰকৃত নাম হৈছে মাৰ্চিডিজ-মে বেছ এছ ৬৫০ বা চমুকৈ ‘গাৰ্ড’৷ এই গাড়ীখনক ‘গাৰ্ড’ বুলিয়েই উল্লেখ কৰা হয়৷ গাড়ীখন হৈছে মাৰ্চিডিজৰ এছ ছিৰিজৰ একেবাৰে নৱতম মডেল৷ মাৰ্চিডিজৰ এছ ছিৰিজ গাড়ীৰ মূল্য অতি বেছি৷ অৱশ্যে এই গাড়ী সাধাৰণ লোকে ব্যৱহাৰ নকৰে৷ ঘাইকৈ ৰাষ্ট্ৰপ্ৰধান বা অতি বেছি সুৰক্ষাৰ মাজত থকা ব্যক্তিয়েহে এই ‘গাৰ্ড’ নামৰ মাৰ্চিডিজ নামৰ গাড়ীখন ব্যৱহাৰ কৰে৷ ‘গাৰ্ড’ নামৰ এই গাড়ীখনে তাত উঠি যোৱা যাত্ৰীক যি পৰিমাণৰ সুৰক্ষা দিব পাৰে আন কোনো গাড়ীয়ে নোৱাৰে৷ ‘গাৰ্ড’ত ব্যৱহূত আইনাই একে-৪৭ আৰু একে-৫৬ ৰ গুলী ৰোধ কৰিব পাৰে৷ তদুপৰি যিকোনো বিস্ফোৰণে এই গাড়ীখনত আঘাত হানিব নোৱাৰে৷ পোন্ধৰ কেজিৰ বিস্ফোৰক ব্যৱহাৰ কৰি বিস্ফোৰণ ঘটালেও ‘গাৰ্ড’ৰ বনেটত সামান্য পোটোকা এটাও নপৰে৷ গাড়ীখনৰ খিৰিকীৰ ভিতৰত ব্যৱহাৰ কৰা হৈছে পলি কাৰ্বনেটৰ আৱৰণ৷ মাইনজাতীয় বিস্ফোৰণৰ পৰা ৰক্ষা পৰিবৰ বাবে গাড়ীখনৰ তলৰ অংশত আছে বিশেষ সুৰক্ষা ঢাল৷ যদি এই এই গাড়ীখনৰ ওপৰত গেছ আক্ৰমণো হয় তথাপি আৰোহীয়ে বিশুদ্ধ বতাহেই লাভ কৰি থাকিব৷ ‘গাৰ্ড’ গাড়ীখন চলে ৬.০ লিটাৰ টুইন টাৰ্বো ভি ১২ ইঞ্জিনৰ দ্বাৰা৷ এই গাড়ীখনৰ মূল্য হৈছে ভাৰতীয় মুদ্ৰাত ১২ কোটি টকা৷ প্ৰধানমন্ত্ৰী মোদীৰ বাবে এনেধৰণৰ দুখন গাড়ী অনা হৈছে৷ দুয়োখন গাড়ী ক্ৰয় কৰোতে ২৪ কোটি টকা ব্যয় কৰিছে চৰকাৰে৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ বাহনৰ ক্ষেত্ৰত সদায় চৌখিন৷ ২০১৪ চনত প্ৰধানমন্ত্ৰী হোৱাৰ পাছতে তেওঁ পূৰ্বৰ প্ৰধানমন্ত্ৰীৰ বাহন বদলি কৰি বিএমডব্লিউৰ ৭ ছিৰিজৰ এখন নতুন গাড়ী লয়৷ এই গাড়ীখনো উচ্ছ সুৰক্ষাসম্পন্ন৷ বিগত সাত বছৰত তেওঁ আৰু দুবাৰ গাড়ী সলনি কৰিছে৷ বিএমডব্লিউৰ পাছতে তেওঁ ব্যৱহাৰ কৰিবলৈ লয় লেণ্ড ৰ’ভাৰৰ ৰেঞ্জ ৰ’ভাৰ ভ’গ গাড়ী এখন৷ তাৰ পাছত মোদীয়ে ব্যৱহাৰ কৰে টয়’টাৰ লেণ্ড ক্ৰুজাৰ৷ সেই গাড়ীখনত ১৬ টা কেমেৰাৰে নজৰদাৰি কৰাৰ ব্যৱস্থা আছিল৷ অৱশেষত এইবাৰ প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ বাবে বাছি ল’লে মাৰ্চিডিজৰ লিমুজিন শ্ৰেণীৰ নতুন ‘গাৰ্ড’৷