Logo
image

সঁচাকৈ বেয়া দিন চলিছে কংগ্ৰেছৰ

 ছোনিয়াই পতাকা উত্তোলন কৰিবলৈ লওঁতেই অঘটন

আমাৰ অসম, ২৯ ডিচেম্বৰঃ সঁচাকৈয়ে বেয়া দিন চলিছে নেকি কংগ্ৰেছৰ? দেশৰ ৰাজনীতিত বিগত সাত-আঠ বছৰ ধৰি একেবাৰে শলঠেকত পৰি আছে শতাব্দীপ্ৰাচীন ৰাজনৈতিক দলটো৷ কংগ্ৰেছৰ সাম্প্ৰতিক যিকোনো কাৰ্যসূচীত সংঘটিত দুই-এক ঘটনায়ো যেন দলটোৰ বেয়া দিনকে প্ৰতিফলিত কৰে৷ মঙলবাৰে কংগ্ৰেছৰ অন্তৰ্ৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীয়ে দলীয় পতাকা উত্তোলন কৰিবলৈ লওঁতেই পতাকা উত্তোলন কৰা পোষ্টটোৱেই ভাগি পৰাত অনেকেই এয়া কংগ্ৰেছৰ চলি থকা বেয়া দিনৰে প্ৰতিফলন বুলি মন্তব্য কৰিছে৷ টুইটাৰত এই ঘটনাটোৰ ভিডিঅ’ বহুলভাৱে প্ৰচাৰিত হৈছে৷ কংগ্ৰেছ দলৰ ১৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে সভানেত্ৰী ছোনিয়া গান্ধীয়ে নতুন দিল্লীৰ এআইচিচিৰ মুখ্য কাৰ্যালয়ত দলীয় পতাকা উত্তোলন কৰিবলৈ আগবাঢ়িছিল৷ পতাকাখন উত্তোলন কৰি থকা অৱস্থাতে হঠাতে পতাকা উত্তোলন কৰা পোষ্টটো ভাগি পৰে৷ অৱশ্যে পতাকাখন ওপৰৰ পৰা আহি ছোনিয়া গান্ধীৰ হাততে পৰেহি৷ প্ৰত্যুৎপন্নতাৰে তেতিয়া ছোনিয়া গান্ধীয়ে তেওঁৰ হাতত থকা পতাকাখনকে দাঙি উৰুৱাই পৰিস্থিতি চম্ভালি লয়৷ অৱশ্যে কিছুসময়ৰ পাছতে পতাকা উত্তোলন কৰাৰ বাবে কংগ্ৰেছৰ সদস্যসকলে আন এটা পোষ্ট আনে আৰু নতুনকৈ শতাব্দী প্ৰাচীন দলটোৰ পতাকাখন উত্তোলন কৰা হয়৷ পতাকা উত্তোলনৰ পাছত ছোনিয়া গান্ধী, দলৰ জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খৰ্গে, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী আদিয়ে কংগ্ৰেছ দলৰ তাৎপৰ্য উপস্থিত দলীয় কৰ্মীসকলৰ সন্মুখত ব্যাখ্যা কৰে৷ পিছে টুইটাৰত কংগ্ৰেছ দলৰ পতাকা উত্তোলন কৰা পোষ্টটো ভাগি পৰাৰ ভিডিঅ’ক লৈ দিনজুৰি তীব্ৰ চৰ্চা হয়৷ অসংখ্য কংগ্ৰেছ বিৰোধী টুইটাৰ ব্যৱহাৰকাৰীয়ে এয়া কংগ্ৰেছৰ বেয়া দিন বুলি মন্তব্য কৰে৷ দেশৰ ৰাজনীতিত যিদৰে কংগ্ৰেছ দলটো এতিয়া ভাগি-ছিগি পৰিছে ঠিক তেনেদৰেই দলৰ পতাকা উত্তোলন কৰা পোষ্টটোও ভাগি পৰা বুলি টুইটাৰ ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছে৷