বিমানৰ পৰা জাঁপ ১০৩ বছৰীয়া বৃদ্ধৰ
আমাৰ অসম, ০৯ অক্টোবৰঃ ১০৩ বছৰ বয়সীয়া এজন বৃদ্ধই ‘স্কাই ড্ৰাইভে’ৰে সৃষ্টি কৰিলে এক অভিলেখ৷ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এই লোকজনৰ নাম আলফ্ৰেড আল বাক্সি৷ ১৪ হাজাৰ ফুট উচ্ছতাৰ পৰা শূন্যত একপ্ৰকাৰ তেওঁ সাঁতুৰি যেন তললৈ নামি আহিল৷ তেওঁৰ অজানিতেই গীনিজ বুকত নাম লিপিবদ্ধ হ’ল৷ তেওঁ নাতিক প্ৰতিশ্ৰুতি দিছিল যে যিদিনা তেওঁলোকে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হ’ব সেই দিনাই বিমানৰ পৰা শূন্যত তেওঁ জাপ দিব৷ সেই প্ৰতিজ্ঞা ৰক্ষাৰ বাবেই এই জাঁপ৷