Logo
image

কৰ’নাত আক্ৰান্ত গাংগুলী চিকিৎসালয়ত ভৰ্তি

আমাৰ অসম, ২৯ ডিচেম্বৰঃ কৰ’নাত আক্ৰান্ত হৈছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ [বি চি চি আই]ৰ সভাপতি সৌৰভ গাংগুলী৷ সোমবাৰে পুৱা প্ৰাথমিক পৰীক্ষাত তেওঁৰ ফলাফল পজিটিভ পোৱা গৈছিল৷ তাৰ পাছত দ্বিতীয়টো টেষ্টৰ ফলাফলো পজিটিভ আছিল৷ সোমবাৰে নিশাই দক্ষিণ কলকাতাৰ হাস্পতাল এখনত তেওঁক ভৰ্তি কৰোৱা হয়৷ গাংগুলীৰ টেষ্টৰ ফলাফল পজিটিভ পোৱা গ’লেও তেওঁৰ পত্নী ডোনা আৰু কন্যা ছানাৰ টেষ্টৰ ফলাফল নিগেটিভ আছিল৷ চিকিৎসালয়ত ভৰ্তি কৰোৱা হ’লেও তেওঁৰ তাতেই চিকিৎসা চলোৱা হয় নে ঘৰত তেওঁ আইছ’লেশ্বনত থাকে, সেয়া জানিব পৰা হোৱা নাই৷ চিকিৎসকৰ পৰামৰ্শমতে তাৰ সিদ্ধান্ত লোৱা হ’ব৷ টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়কজনে অৱশ্যে ঘৰতে তেওঁৰ চিকিৎসা হোৱাটো বিচাৰিছে৷ উল্লেখ্য, সোমবাৰে পুৱা অসুস্থ অনুভৱ কৰাৰ পাছত তেওঁৰ টেলিভিশ্বন শ্ব’ৰ শ্বুটিং বাতিল কৰা হৈছিল৷ তাৰ পূৰ্বে অৱশ্যে তেওঁ একাধিক পণ্যৰ বিজ্ঞাপনৰ শ্বুটিঙত ভাগ লৈছিল৷ টেলিশ্বিন শ্ব’ৰ শ্বুটিঙতো ভাগ লৈছিল৷ গাংগুলীৰ দেহলৈ কেনেদৰে ভাইৰাছৰ সংক্ৰমিত হ’ল সেয়া জানিব পৰা হোৱা নাই৷ বিগত কিছু সময় ধৰি তেওঁ বিভিন্ন কামত দেশ-বিদেশৰ বিভিন্ন চহৰ ভ্ৰমণ কৰিছিল৷ শেহতীয়াকৈ তেওঁ ভ্ৰমণ কৰিছিল মুম্বাই৷ মুম্বাইতে তেওঁ আক্ৰান্ত হোৱা বুলিও ভবা হৈছে যদিও সেয়াও নিশ্চিত নহয়৷ টেষ্টৰ ফলাফল পজিটিভ পোৱাৰ পাছত গাংগুলীয়ে পৰিচিত বিভিন্ন চিকিৎসকৰ সৈতে আলোচনা চলাইছিল আৰু সকলেৱে তেওঁক চিকিৎসালয়ত ভৰ্তি হোৱাৰ পৰামৰ্শ দিছিল৷