Logo
image

ভাৰতলৈ ৰ’নাল্ডোৰ আগমন

আমাৰ অসম, ৩০ ডিচেম্বৰঃ মাৰাডোনা, লিঅ’নেল মেছিৰ পাছত এইবাৰ ভাৰতভূমিত প্ৰৱেশ ঘটিব ফুটবলৰ মহাতাৰকা ৰ’নাল্ডোৰ৷ হয়, পৰ্টুগিজ মহাতাৰকা ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ কথাই কৈছোঁ৷ পিছে কায়িকভাৱে নহয়– ব্ৰঞ্জৰ মূৰ্তিৰূপে ভাৰতত ‘প্ৰৱেশ’ কৰিব ফুটবলৰ মহাতাৰকাজনে৷ গোৱাৰ কালাংগুট স্থাপন কৰা হ’ব মূৰ্তিটো৷ ভাৰতত মেছি মানে লিঅ’নেল মেছিৰ সমানে জনপ্ৰিয় ৰ’নাল্ডো৷ ৪১০ কেজি ব্ৰঞ্জৰে নিৰ্মাণ কৰা হৈছে ৰ’নাল্ডোৰ ব্ৰঞ্জৰ মূৰ্তিটো৷ গোৱাৰ মন্ত্ৰী মাইকেল লোবোৱে ৰ’নাল্ডোৰ মূৰ্তি নিৰ্মাণ সন্দৰ্ভত কয়– দেশত প্ৰথমবাৰ ৰ’নাল্ডোৰ মূৰ্তি স্থাপন হ’ব৷ ই আমাৰ যুৱ-প্ৰজন্মক অনুপ্ৰাণিত কৰিব৷ ফুটবল ভালপোৱাসকলে এবাৰ ৰ’নাল্ডোৰ ব্ৰঞ্জৰ মূৰ্তিৰ লগত ছেল্‌ফি উঠিব৷