দেশজুৰি ক’ভিডৰ বিস্ফোৰণ আহিল তৃতীয় ঢৌ
আমাৰ অসম, ৪ জানুৱাৰীঃ দেশত পুনৰ ক’ভিডৰ বিস্ফোৰণ ঘটিছে৷ ভাৰতত ক’ভিডৰ তৃতীয় ঢৌ আৰম্ভ হৈ গৈছে৷ দৈনিক সংক্ৰমণৰ সংখ্যা আৰু বৃদ্ধিৰ হাৰ দেখি বিনাদ্বিধাই কেন্দ্ৰীয় চৰকাৰ, কেইবাখনো ৰাজ্যৰ চৰকাৰ আৰু দেশৰ শীৰ্ষ স্বাস্থ্য বিশেষজ্ঞ সকলোৱেই তৃতীয় ঢৌ আৰম্ভ হোৱা বুলি স্বীকাৰ কৰি লৈছে৷ যি গতিত ক’ভিডৰ সংক্ৰমণ বাঢ়িছে সেয়া অবিশ্বাস্য৷ প্ৰথম ঢৌত সংক্ৰমণৰ গতি ধীৰ আছিল৷ ডেল্টা নামৰ ক’ভিডৰ নতুন প্ৰজাতিৰ আগমনত ভাৰতত দ্বিতীয় ঢৌ দ্ৰুতবেগী হৈছিল৷ এইবাৰ অমিক্ৰন নামৰ নৱতম প্ৰজাতিৰ ফলত ভাৰতত ক’ভিডৰ সংক্ৰমণৰ গতি অবিশ্বাস্যভাৱে দ্ৰুতবেগী হৈছে৷ সেই কথা সত্যত প্ৰমাণিত কৰি যোৱা সাতদিনত ভাৰতত ক’ভিডৰ সংক্ৰমণৰ হাৰ ৪৩০.৮৩ শতাংশ হৈছে৷ ভেক্চিন টাস্ক ফ’ৰ্চৰ মুৰব্বী ডাঃ এন কে অৰোৰাই সোমবাৰে প্ৰকাশ কৰা অনুসৰি, দেশৰ মেট্ৰ’চহৰত সংক্ৰমিত হোৱা ৭৫ শতাংশই অমিক্ৰনৰ দ্বাৰা আক্ৰান্ত হৈছে৷ যোৱা ২৮ ডিচেম্বৰৰ পৰাই দেশত ক’ভিডৰ সংক্ৰমণৰ গতি দ্ৰুতভাৱে বৃদ্ধি পাইছে৷ ২৮ ডিচেম্বৰ অৰ্থাৎ যোৱা মঙলবাৰে দেশত ক’ভিডত সংক্ৰমিত হোৱাৰ সংখ্যা আছিল ৬,৩৫৮ জন৷ ইয়াৰ পৰৱৰ্তী দিনকেইটাত অৰ্থাৎ বুধবাৰে এই সংখ্যা হয়গৈ ৯,১৯৫ জন, বৃহস্পতিবাৰে ১৩,১৫৪ জন, শুকুৰবাৰে ১৬,৭৬৪ জন, শনিবাৰে ২২,৭১৫ জন, দেওবাৰে ২৭,৭১৫ জন আৰু সোমবাৰে হয়গৈ ৩৩,৭৫০ জন৷ সংক্ৰমণৰ বৃদ্ধিৰ এই হাৰ সাতদিনত প্ৰায় ৪০০.৩১ শতাংশ৷ ক’ভিডৰ সংক্ৰমণৰ সৈতে জপিয়াই বাঢ়িছে অমিক্ৰন আক্ৰান্তৰ সংখ্যাও৷ দেশজুৰি যোৱা ২৪ ঘণ্টাত অমিক্ৰনত আক্ৰান্ত হৈছে ১৭০০ জন৷ অমিক্ৰনৰ আক্ৰান্তৰ ক্ষেত্ৰত শীৰ্ষত আছে মহাৰাষ্ট্ৰ ৷ সেই ৰাজ্যত মুঠতে ৫১০ জন অমিক্ৰন আক্ৰান্তৰ সন্ধান পোৱা গৈছে৷ দিল্লীত অমিক্ৰন আক্ৰান্তৰ সংখ্যা ৩৫১ জন৷ এইক্ষেত্ৰত দিল্লী দ্বিতীয় স্থানত থাকিলেও কেন্দ্ৰীয় শাসিত প্ৰদেশখনৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনে জনাইছে যে বছৰৰ অন্তিম দুটা দিনত ক’ভিডত আক্ৰান্তৰ ৮৪ শতাংশই অমিক্ৰনৰ চিকাৰ হৈছে৷ বিগত তিনিদিনত এই হাৰ অধিক বৃদ্ধি পাব বুলি স্বাস্থ্যমন্ত্ৰীজনে মন্তব্য কৰিছে৷ কিয়নো জিনম চিকুয়েন্স বা জিন বিন্যাসৰ পাছতহে অমিক্ৰনত আক্ৰান্ত চিহ্নিত কৰা হয়৷ বিগত ২৪ ঘণ্টাত দিল্লীত ৪০০০ জন ক’ভিডত আক্ৰান্ত হৈছে যদিও তেওঁলোকৰ জিন বিন্যাসৰ ফলাফল এতিয়াও পোৱা হোৱা নাই৷ সেই তথ্য আহিলে দিল্লীৰ প্ৰায় সকলো সংক্ৰমণেই অমিক্ৰনৰ দ্বাৰা হোৱা বুলি চিহ্নিত হ’ব পাৰে৷প্ৰাথমিক পৰীক্ষাত অসমত ২৮জনৰ দেহত অমিক্ৰন ষ্ট্ৰেইন পজিটিভ |