Logo
image

সোণতকৈও দামী গুৱাহাটীৰ মাটি

৯০০ পৰ্যন্ত মূল্যবৃদ্ধি মাটিৰ  পঞ্জীয়ন, খাজানা, ফ্লেটৰো বাঢ়িব দাম

আমাৰ অসম,৪ জানুৱাৰীঃ সোণতকৈও মহঙা হ’ল গুৱাহাটীৰ মাটিৰ মূল্য৷ ৭০০-৯০০ শতাংশ পৰ্যন্ত মাটিৰ চৰকাৰী মূল্য বৃদ্ধি পাব গুৱাহাটী মহানগৰীত৷ কেৱল গুৱাহাটী মহানগৰীতে নহয়, সমগ্ৰ ৰাজ্যতে বৃদ্ধি পাব মাটিৰ চৰকাৰী মূল্য৷ এই মূল্যবৃদ্ধিৰ ফলত মাটিৰ পঞ্জীয়ন, কৰ, খাজনাও আকাশলংঘী হৈ পৰিব৷ সমান্তৰালভাৱে ফ্লেটৰো মূল্যবৃদ্ধি পাব৷– এইখিনিতে প্ৰশ্ন উঠিছে শূন্য ৰাজকোষ পূৰ্ণ কৰিবলৈ সুৰাৰ পাছত এইবাৰ ৰাজ্যৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ভূমিক ব্যৱহাৰ কৰিব বিচাৰিছে নেকি৷ উল্লেখ্য, ৰাজ্যৰ ৰাজহ বিভাগৰ প্ৰধান সচিব অবিনাশ যোশীয়ে অলপতে এখন চৰকাৰী জাননী জাৰি কৰি ৰাজ্যৰ প্ৰতিখন জিলাৰ উপায়ুক্তক জনেলভিত্তিক মাটিৰ চৰকাৰী মূল্য বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিছে৷ ৰাজহ বিভাগৰ সেই নিৰ্দেশৰ ভিত্তিত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই গুৱাহাটী মহানগৰীৰ পাঁচটা ৰাজহ চক্ৰৰ কাৰ্যালয় ক্ৰমে গুৱাহাটী, দিছপুৰ, সোণাপুৰ, চন্দ্ৰপুৰ আৰু আজাৰাত নতুনকৈ মাটিৰ চৰকাৰী মূল্যৰ খচৰা প্ৰকাশ কৰি আজি জাননী প্ৰকাশ কৰিছে৷ এই খচৰাত ৭০০-৯০০ শতাংশ পৰ্যন্ত মাটিৰ চৰকাৰী মূল্যবৃদ্ধিৰ প্ৰস্তাৱ দিয়া হৈছে৷ মাটিৰ চৰকাৰী মূল্য বৃদ্ধি সন্দৰ্ভত ৰাইজৰ কিবা ওজৰ আপত্তি থাকিলে ১০ জানুৱাৰীৰ ভিতৰত জিলা উপায়ুক্তক লিখিতভাৱে জনাব পাৰিব বুলি জাননীত উল্লেখ আছে৷ লক্ষণীয় যে ৰাজহ বিভাগৰ প্ৰধান সচিবে চলিত জানুৱাৰীৰ পৰাই চৰকাৰী মাটিৰ মূল্য বৃদ্ধি কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে৷ কামৰূপ মহানগৰ জিলা প্ৰশাসনে প্ৰকাশ কৰা ২০২০-২১ বৰ্ষৰ ভূমিৰ জনেল ভেল্যু ৰিপ’ৰ্টত ৰাষ্ট˜ীয় ঘাইপথৰ পৰা ১০০ মিটাৰৰ ভিতৰত, ৰাষ্ট˜ীয় ঘাইপথৰ পৰা ১০০ মিটাৰৰ বাহিৰত, মূলপথৰ পৰা ১০০ মিটাৰৰ ভিতৰত আৰু মূল পথৰ পৰা ১০০ মিটাৰৰ বাহিৰত, গড়কাপ্তানি পথৰ পৰা ১০০ মিটাৰৰ ভিতৰত আৰু গড়কাপ্তানি পথৰ পৰা ১০০ মিটাৰৰ বাহিৰত– ইত্যাদি শ্ৰেণীত মাটিৰ চৰকাৰী মূল্য নতুনকৈ নিৰ্ধাৰণৰ প্ৰস্তাৱ দিছে৷ সেই অনুসৰি আজৰাৰ দক্ষিণৰাণী মৌজাৰ কৃষিভূমিৰ চৰকাৰী মূল্য ৭০০-৯০০ শতাংশ বৃদ্ধি কৰা হৈছে৷ একেদৰে দিছপুৰ ৰাজহ চক্ৰৰ ফটাশিলত ৭০-২০০ শতাংশ, বৰ্ষাপাৰাত ৭০-২০০ শতাংশ পৰ্যন্ত মাটিৰ চৰকাৰী মূল্য বৃদ্ধি কৰা হৈছে৷ গুৱাহাটী মহানগৰীৰ প্ৰায় সকলোবোৰ স্থানতে ৭০১ পৰা ১৫০-২০০ শতাংশ পৰ্যন্ত মাটিৰ চৰকাৰী মূল্য বৃদ্ধি কৰা হৈছে৷ উদাহৰণস্বৰূপে গুৱাহাটীৰ সাতগাঁৱত বৰ্তমান প্ৰতিকঠা মাটিৰ দাম ছয় লাখ টকা৷ প্ৰতিবিঘা মাটিৰ দাম ত্ৰিশ লাখ টকা৷ চৰকাৰী মূল্য ৭০ শতাংশ বৃদ্ধি কৰিলে সাতগাঁৱত মাটিৰ দাম হ’বগৈ প্ৰতিকঠাত ১০.২০ লাখ টকা৷ একেদৰে গুৱাহাটীৰ হাতীগাঁৱত বৰ্তমান প্ৰতিবিঘা মাটিত মাটিৰ মূল্য ৭৫ লাখ টকা, গীতানগৰত ৭০ লাখ টকা, জ্যোতিকুছিত ৫০ লাখ টকা, কাহিলিপাৰাত ৬০ লাখ টকা, খানাপাৰাত ৪০ লাখ টকা নিৰ্ধাৰিত হৈ আছিল৷ এই মূল্য নতুন বদ্ধিৰ্ত হাৰত ৭০ শতাংশলৈ বৃদ্ধিৰ প্ৰস্তাৱ দিয়া হৈছে৷ গুৱাহাটীৰ সৰুমটৰীয়াত বৰ্তমানে প্ৰতিবিঘা মাটিৰ দাম ৮৭ লাখ টকা হৈ থকাৰ বিপৰীতে ইয়াৰ মূল্য ২০০ শতাংশ বৃদ্ধিৰ প্ৰস্তাৱ দিয়া হৈছে৷ উল্লেখ্য, মাটিৰ চৰকাৰী মূল্য বৃদ্ধিৰ ফলত ভূমি ক্ৰয় বা ফ্লেটৰ পঞ্জীয়ন মূল্যও বৃদ্ধি পাব৷ ফ্লেটৰ প্ৰতিবৰ্গ ফুটৰ মূল্যৰ বৰ্তমানৰ তুলনাত বৃদ্ধি পাব৷ বৰ্তমান গুৱাহাটীৰ মূল বসতিপ্ৰধান অঞ্চলসমূহত চৰকাৰী হিচাপত প্ৰতিবৰ্গফুটত ১১৪০ টকাকৈ জ্জ শতাংশ পঞ্জীয়ন কৰ আদায় দিব লাগে ফ্লেটৰ গ্ৰাহকে৷ মাটিৰ চৰকাৰী ভেল্যু বৃদ্ধিৰ ফলত প্ৰতিবৰ্গফুটৰ ফ্লেটৰ চৰকাৰী মূল্যও ১১৪০টকাৰ পৰা ৫০০০-৬০০০ পৰ্যন্ত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ ফলস্বৰূপে গ্ৰাহকে ফ্লেট ক্ৰয়ৰ বিনিময়ত এতিয়াৰে পৰা চ্ছ্ৰ-প্ত লাখ টকা পৰ্যন্ত কেৱল চৰকাৰকে পঞ্জীয়ন মাচুল আদায় দিব লাগিব৷ ভূমি ক্ৰয়ৰ ক্ষেত্ৰতো একেদৰে পঞ্জীয়ন মাচুল ৰকেটৰ গতিত ঊধবৰ্গামী হ’ব৷