Logo
image

তলা কিয় লাগিল? সাহিত্য সভাৰ ব্যাখ্যা

আমাৰ অসম, ৫ জানুৱাৰীঃ ক’ভিড সৃষ্ট পৰিবেশৰ বাবে অসম সাহিত্য সভাৰ বিভিন্ন অঞ্চলত থকা সভাগৃহৰ ভাড়াৰ বিনিময়ত পোৱা ধনৰাশি নিৰ্দিষ্ট সময়ত লাভ কৰাৰ পৰা বঞ্চিত হোৱাৰ বাবে পুঁজিপ্ৰাপ্তিত ব্যাঘাত জন্মিছে৷ যাৰবাবে অসম সাহিত্য সভাই প্ৰাপ্য দৰমহা দিব পৰা নাই সভাৰ ৩৯জন স্থায়ী কৰ্মচাৰীক৷ এইদৰে অসম সাহিত্য সভাই স্থায়ী কৰ্মচাৰীক নিজৰ প্ৰাপ্য দিব  নোৱাৰাৰ সন্দৰ্ভত নিজৰ স্থিতি মঙলবাৰে স্পষ্ট কৰে৷ ইফালে দ্বিতীয় দিনাও ৰাজ্যৰ ৮ কাৰ্যালয়ত প্ৰাপ্য বিচাৰি সভাৰ ৩৯জন স্থায়ী কৰ্মচাৰীয়ে গ্ৰহণ কৰে কলম বিৰতি কাৰ্যসূচী৷ কৰ্মচাৰী কল্যাণ সমিতিয়ে দুদিনীয়া কাৰ্যসূচীৰ পাছতে ৭ আৰু ৮ জানুৱাৰীৰ পৰা একো সিদ্ধান্ত নোহোৱা পৰ্যন্ত প্ৰতিবাদী কাৰ্যসূচী পুনৰ গ্ৰহণ কৰি যাব বুলি ঘোষণা কৰে৷ এই সম্পৰ্কে কৰ্মচাৰী কল্যাণ সমিতিৰ সভাপতি কনক ডেকা আৰু সম্পাদক ধ্ৰnৱজ্যোতি বৰদলৈয়ে কয়’ অসম সাহিত্য সভাৰ কৰ্মচাৰী কল্যাণ সমিতিয়ে দুদিনীয়া কাৰ্যসূচীত কৰ্মবিৰতি সভাৰ সভাপতি প্ৰধান সম্পাদকে কোনো ধৰণৰ সঁহাৰি বা যোগাযোগ আমাক কৰা নাই তথাপিতো আমাৰ কৰ্মচাৰী কল্যাণ সমিতিয়ে দুদিন কৰ্মবিৰতিৰ পৰা বিৰতি থাকিম তাৰ পিচতো যদি কোনো সঁহাৰি নাপাও তেনেহলে ৭ আৰু ৮ জানুৱাৰীৰ পৰা পুনৰ কৰ্মবিৰতি কাৰ্যসূচী হাতত লম৷ উল্লেখ্য, ১০৫ বছৰীয়া জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ ৮ টা কাৰ্যালয়ৰ ৩৯জন স্থায়ী কৰ্মচাৰীয়ে সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কলম বিৰতি কাৰ্যসূচী গ্ৰহণ কৰে৷ মূলত বিগত চাৰিমাহ ধৰি অসম সাহিত্য সভাৰ ৮ টা কাৰ্যালয়ৰ ৩৯জন স্থায়ী কৰ্মচাৰীয়ে প্ৰাপ্য দৰমহা আৰু সময়মতে পি এফ ই এছ আই জমা নিদিয়াৰ ফলত কলম বিৰতি কাৰ্যসূচী গ্ৰহণ কৰে৷ অসম সাহিত্য সভা মুখ্য কাৰ্যালয় যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভবন, গুৱাহাটীৰ প্ৰশাসনীয় কাৰ্যালয়, ডিফুৰ আঞ্চলিক কাৰ্যালয়, ডিব্ৰুগড়ৰ আঞ্চলিক কাৰ্যালয়, ধুবুৰীৰ আঞ্চলিক কাৰ্যালয়, লখিমপুৰৰ আঞ্চলিক কাৰ্যালয়, নগাঁও আঞ্চলিক কাৰ্যালয় আৰু মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ মুঠ ৩৯জন স্থায়ী কৰ্মচাৰীয়ে কলম বিৰতি কাৰ্যসূচী গ্ৰহণ কৰে৷  সাহিত্য সভাৰ জ্জ্ব কাৰ্যালয়ত কৰ্মচাৰীৰসকলে প্ৰৱেশদ্বাৰত বহি প্ৰতিবাদ সাব্যস্ত কৰে৷ লগতে সভাৰ বিষয় ববীয়াসকলক প্ৰৱেশত বাধা দিয়ে৷ উল্লেখ্য, সভাৰ মুঠ ১০টা কাৰ্যালয় যদিও শিলচৰ আৰু বাগ্‌সাৰ কাৰ্যালয়ত এতিয়ালৈকে কোনো কৰ্মচাৰী নিযুক্তি দিয়া হোৱা নাই৷ তদুপৰি ‘কৰ্মচাৰী কল্যাণ সমিতি’ৰ তৰফৰ পৰা অসম সাহিত্য সভাৰ সভাপতি ড॰ কুলধৰ শইকীয়াক বিগত বৰ্ষৰ ২০ নৱেম্বৰ আৰু ১৭ ডিচেম্বৰত প্ৰেৰণ কৰা কৰ্মচাৰীৰ বিভিন্ন সমস্যা সম্পৰ্কত দিয়া দুখন পত্ৰৰ এখন পত্ৰৰো উত্তৰ নিদিয়াত ক্ষোভ প্ৰকাশ কৰি এই কাৰ্যসূচী গ্ৰহণ কৰে কৰ্মচাৰী সকলে৷ গুৱাহাটীৰ প্ৰশাসনীয় কাৰ্যালয় ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ সন্মুখতো কৰ্মচাৰী কল্যাণ সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি, সম্পাদক আৰু অন্যান্য কৰ্মচাৰীসকলে আদিয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷ স্থায়ী কৰ্মচাৰীসকলে বিগত বৰ্ষৰ জুন মাহৰ পৰাই দুই-তিনিমাহৰ মুৰত এমাহৰ দৰমহা প্ৰদানৰ বিপৰীতে শেহতীয়াকৈ ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ আৰু ডিচেম্বৰ মুঠ ৪ [চাৰি] মাহ ধাৰাবাহিকভাৱে দৰমহা নোপোৱা আৰু এই সম্পৰ্কত কোনোধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিবাদ গ্ৰহণ কৰে৷ কৰ্মচাৰীসকলৰ মাহিলী দৰমহাৰ পৰা কৰ্তন কৰা ই.পি.এফ. সময়মতে জমা নোহোৱা আৰু শেহতীয়াকৈ ৫[পাঁচ] মাহ ই.পি.এফ. বিভাগত ধন জমা দিয়া হোৱা নাই৷ ই.পি.এফ. বিভাগত সময়মতে ধনৰাশি জমা নিদিয়াৰ বাবে সংশ্লিষ্ট বিভাগৰ কৰ্মচাৰী গুৱাহাটী প্ৰশাসনিক কাৰ্যালয়লৈ আহি বিগত বৰ্ষৰ ৩১ ডিচেম্বৰৰ ভিতৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে জনাইছে যদিও ধন জমা দিয়াৰ যাবতীয় ব্যবস্থা গ্ৰহণ কৰা নাই৷ কৰ্মচাৰীসকলৰ ই.এছ. আই সংস্থানৰ মাহিলী বৰঙনি বিগত  ৫ৰ পৰা ৬ মাহ ধৰি সময়মতে জমা নোহোৱাত কৰ্মচাৰীসকল অনি(য়তাত ভুগিছে৷ কৰ্মচাৰীক মাহিলী দৰমহা মাহিলী প্ৰদান কৰিব নোৱাৰিলেও যিকোনো পৰিস্থিতিতই.এছ. আই. বিভাগৰ মাহেকীয়া বৰঙনি সময়মতে জমা নহ’লে কৰ্মচাৰীসকল ¦স্বাস্থ্যৰ ক্ষেত্ৰত উপলব্ধ সা-সুবিধাৰ পৰা বঞ্চিত হ’ব লগা বিষয়টোবেও কৰ্মচাৰীসকলক অনি(য়তাত পেলাইছে৷ অসম চৰকাৰৰ অনুদানৰ ভিত্তিত মৰগীয়া বানচ বৰ্তমান ৩১ শতাংশৰ পৰিৱৰ্তে সভাৰ কৰ্মচাৰীসকলেমাত্ৰ ৰ শতাংশহে লাভ কৰে৷ কৰ্মচাৰীসকলৰ বাৰ্ষিক অভিবৰ্তন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ দাবী জনায়৷ লগতে আগন্তুক ভোগালী বিহুৰ পূৰ্বে কৰ্মচাৰীসকলৰ প্ৰাপ্যখিনি দিবলৈ দাবী জনালোঁ৷’ উল্লেখ্য, ১০৫ বছৰীয়া জাতীয় অনুষ্ঠান এটাৰ স্থায়ী কৰ্মচাৰী সকলে প্ৰাপ্যৰ বাবে কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ বাবে সোমবাৰৰ  পৰা সভাৰ কাম কাজ স্থবিৰ হৈ পৰে৷ ইফালে দ্বিতীয় দিনাৰ বাবেও অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত চলি ‘অসম গ্ৰন্থমেলা’ত অসম সাহিত্য সভাৰ বিপণী বন্ধ ৰখা হয়৷

চৰকাৰৰ অনুদান নোপোৱাত দৰমহা দিব পৰা নাই/ সাহিত্য সভা

আমাৰ অসম ঃ অসম সাহিত্য সভাৰ কৰ্মচাৰীসকলৰ বিগত চাৰি মাহ ধৰি দৰমহা অনাদায় হৈ ৰোৱাৰ পৰিপ্ৰেক্ষিতত কৰ্মচাৰীসকলৰ দ্বাৰা আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ তথা সেই সম্পৰ্কত একাংশ প্ৰচাৰ মাধ্যমত প্ৰচাৰিত সংবাদ অসম সাহিত্য সভাৰ দৃষ্টিগোচৰ হোৱাত আজি তেজপুৰত এক সংবাদ বিজ্ঞপ্তিৰ জৰিয়তে সভাৰ তৰফৰ পৰা নিজৰ স্থিতি স্পষ্ট কৰিছে৷ বিজ্ঞপ্তিটোত উল্লেখ কৰিছে যে, কৰ্মচাৰীৰ দৰমহাৰ বাবে খৰচ কৰিব লগা পৰিকল্পনা বহিৰ্ভূত শিতানৰ এক কোটি ৪৫ লাখ টকাৰ বাজেট চৰকাৰৰ ওচৰত দাখিল কৰা হৈছিল যদিও ২০২০-২১ বিত্তীয় বৰ্ষৰ ৯৩ লাখ টকাহে চৰকাৰে মোকলাই দিয়ে আৰু সেই ধন যোৱা মে’ মাহপৰ্যন্ত কৰ্মচাৰীৰ দৰমহাৰ বাবদ ব্যয় কৰা হয়৷ বিগত জুন মাহৰ দৰমহা বিভিন্ন পুঁজিৰ পৰা ঋণ লোৱা ধনেৰে আদায় দিয়াৰ লগতে কৰ্মচাৰীৰ দৰমহাৰ বাবদ প্ৰতিমাহে আদায় দিব লগা দহ লাখকৈ টকা জুলাই আৰু আগষ্ট মাহত ক্ৰমে অসম সাহিত্য সভাৰ অনুবাদ প্ৰকল্প আৰু দূৰ সংযোগ পাঠ্যক্ৰম শাখাৰ পৰা ঋণ লৈ আদায় দিয়া হৈছে৷ ২০২১-২২ বিত্তীয় বৰ্ষৰ চৰকাৰী অনুদান অসম সাহিত্য সভাই বৰ্তমানলৈকে পাবলৈ সক্ষম নোহোৱাৰ লগতে ২০২০-২১বৰ্ষৰ পৰিকল্পনা বহিৰ্ভূত শিতানৰ অনাদায় ৫০ লাখ টকা অসম চৰকাৰে আজিকোপতি অসম সাহিত্য সভাক মোকলাই দিয়া নাই৷ আনহাতেদি পৰিকল্পনা শিতানত আগতে চৰকাৰে ৩৫ লাখ টকা আগবঢ়াইছিল যদিও এই শিতানত যোৱাটো বছৰত অসম সাহিত্য সভাই মাত্ৰ ১৬ লাখ টকাহে অসম চৰকাৰৰ পৰা আদায় পাবলৈ সক্ষম হৈছে৷ এই সন্দৰ্ভত যোৱা বছৰৰ ৩ অক্টোবৰত বকলীয়াঘাটত অনুষ্ঠিত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভা আৰু কৰ্ণধাৰ কমিটীৰ সভাই অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱী, প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, ধনভৰালী প্ৰেম নাৰায়ণ নাথ আৰু যোৰহাট কেন্দ্ৰীয় কাৰ্যালয়ৰ সচিব অশোক সেনাপতিক লৈ গঠন কৰি দিয়া কমিটীখনৰ নেতৃত্বত বাকী থকা ধনৰাশি চৰকাৰৰ পৰা মোকলাই পাবৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰি থকা হৈছে৷ এই সন্দৰ্ভত সংশ্লিষ্ট কাৰ্যালয়লৈ কেইবাখনো পত্ৰও ইতিমধ্যে প্ৰেৰণ কৰা হৈছে৷ আনকি কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈও একেই পত্ৰ অসম সাহিত্য সভাই প্ৰেৰণ কৰিছে৷ এইক্ষেত্ৰত উল্লেখ্য যে, ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে সভাৰ বিভিন্ন অঞ্চলত থকা সভাগৃহৰ ভাড়াৰ বিনিময়ত পোৱা ধনৰাশিও নিৰ্দিষ্ট সময়ত লাভ কৰাৰ পৰা বঞ্চিত হোৱাৰ বাবেও পুঁজিপ্ৰাপ্তিত ব্যাঘাত জন্মিছে৷ এই সমস্যা দূৰ হোৱাৰ লগতে চৰকাৰৰ পৰা পাব লগা অনুদান পোৱাৰ লগে লগেই কৰ্মচাৰীসকলৰ দৰমহাকে ধৰি যাৱতীয় অনাদায় ধনৰাশি আদায় দিব পৰা যাব বুলি লগতে স্পষ্ট কৰি দিয়ে৷ উল্লেখ্য যে, সভাৰ এই বিত্তীয় সমস্যা সন্দৰ্ভত গুৱাহাটী কাৰ্যালয়ৰ কৰ্মচাৰীবৃন্দৰ সৈতে সভাপতিকে প্ৰমুখ্য কৰি বিভিন্ন বিষয়ববীয়াই আলোচনা কৰি আহিছে৷ সেয়েহে অসমৰ বৃহৎ জাতীয় সংগঠনটোৰ কাম-কাজসমূহ সূচাৰুৰূপে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অসমৰ ৰাইজৰ লগতে সকলোপক্ষকে ইতিবাচক সহযোগিতা আগবঢ়াই যাবলৈ প্ৰধান সম্পাদকজনে লগতে  আহ্বান জনাইছে৷