Logo
image

ডিব্ৰুগড়ত অমিক্ৰন সন্দৰ্ভত নীৰৱ কতৃৰ্পক্ষ

ৰাজ্যৰ বহু ঠাইত গণসংক্ৰমণ


আমাৰ অসম,৫জানুৱাৰীঃ দেশত এতিয়া অমিক্ৰনে ত্ৰাসৰ সৃষ্টি কৰিছে৷ অমিক্ৰনক লৈ অধিকাংশ ৰাইজ্যই ইতিমধ্যে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে৷ তাৎপৰ্যপূৰ্ণভাৱে অসমত ডিব্ৰুগড়স্থিত ৰিজিঅ’নেল মেডিকেল ৰিচাৰ্ছ চেণ্টাৰৰ পৰীক্ষা কিটত ২৮ জনকৈ লোকৰ নমুনাত অমিক্ৰন ষ্ট্ৰেইন পজিটিভ ধৰা পৰাত চিন্তিত কৰি তুলিছে চিকিৎসক- বিশেষজ্ঞসকলক৷ অসমতো অমিক্ৰনৰ সংক্ৰমণ আৰম্ভ হোৱা বুলি চৰ্চা চলিছে যদিও বৰ্তমানলৈ ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে কোনো তথ্য প্ৰকাশ নকৰাত চিন্তাৰ  বিষয় হৈ পৰিছে৷ ডিব্ৰুগড়ৰ লাহোৱালস্থিত আই চি এম আৰৰ লেব’ৰেটৰীত প্ৰাথমিক পৰীক্ষাত অমিক্ৰন ষ্ট্ৰেইন পজিটিভ ধৰা পৰা নমুনাসমূহ যোৰহাটৰ নৰ্থ ইষ্ট ইনষ্টিটিউট অৱ ছায়েন্স এণ্ড টেকন’লজীলৈ সম্পূৰ্ণ জিনম ছিকুৱেন্সিঙৰ বাবে প্ৰেৰণ কৰিছে যদিও নেইষ্টৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে ফলাফল ৰাজহুৱা কৰা নাই৷ আনহাতে ৰাজ্যৰ স্বাস্থ্য বিভাগেও অমিক্ৰন সংক্ৰণৰ  বিষয়টোক লৈ মৌনতা অৱলম্বন কৰাৰ অভিযোগ উঠিছে৷ অৱশ্যে ডিব্ৰুগড়ত অমিক্ৰন সংক্ৰমণৰ সন্দেহত কতৃৰ্পক্ষ নীৰৱ হ’লেও ৰাজ্যৰ ঠায়ে ঠায়ে ক’ভিডে গণ সংক্ৰমণৰ ৰূপ লৈছে৷ লামডিঙৰ আৰ পি এফৰ শিবিৰত দুকুৰি জোৱান ক’ভিডত আক্ৰান্ত হোৱাৰ পাছত নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্ৰাৱাসত একেদিনাই ১০জন ছাত্ৰৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে৷ ইতিমধ্যে ছাত্ৰাবাসটোৰ সকলো আৱাসীৰ ক’ভিড পৰীক্ষাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য ভিভাগে৷ ইপিনে নগাঁৱৰ এক্সিছ বেংকতো বৰ্তমানলৈ ৩জন কৰ্মচাৰী ক’ভিডত আক্ৰান্ত হৈছে৷ আনহাতে ধেমাজি জিলাৰ গোগামুখৰ এন এইচ পি চিৰ কাৰ্যালয়ৰ কলনীত ক’ভিড সংক্ৰমণে ভয়াবহ ৰূপ লৈছে৷ কলনীৰ গেৰুকামুখ কেন্দ্ৰীয় বিদ্যালয়ৰ ৭ জন শিক্ষক ক’ভিডত আক্ৰান্ত হোৱাত শিক্ষাৰ্থীসকলৰ মাজত আতংকৰ সৃষ্টি হৈছে৷ তিনিচুকীয়া জিলাৰ কাকপথাৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত ৫ জন কৰ্মচাৰী ক’ভিডত আক্ৰান্ত হৈছে৷ উদ্বেগজনকভাৱে গুৱাহাটীৰ বৰঝাৰৰ বিমান বন্দৰত মঙলবাৰে ২৪জন যাত্ৰীৰ পজিটিভ ধৰা পৰিছে৷ লক্ষণীভাৱে ৰাজ্যত দৈনিক ক’ভিড পজিটিভিটীৰ হাৰ বৃদ্ধি পাইছে৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ৪৭৫ জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷ মঙলবাৰে ক’ভিড পজিটিভিটীৰ হাৰ ১.২৯ শতাংশলৈ বৃদ্ধি পাইছে৷ গুৱাহাটী মহানগৰীতে ১৯০ জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷ অৱশ্যে সোমবাৰে ৰাজ্যত ৩৫১ জন লোক ক’ভিডত আক্ৰান্ত হৈছিল৷ মঙলবাৰৰ দিনতোত ৩ জন ক’ভিড ৰোগীৰ মৃত্যু হোৱাৰ তথ্য স্বাস্থ্য বিভাগে নিশ্চিত কৰিছে৷ আনহাতে ক’ভিডৰ আশংকাত কোনো ৰোগী যাতে চিকিৎসাৰ পৰা বঞ্চিত হ’ব নালাগে তাক নিশ্চিত কৰাৰ বাবে নিৰ্দেশ জাৰি কৰিছে স্বাস্থ্য বিভাগে৷ জৰুৰীভাৱে কোনো ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হ’লে ক’ভিড প্ৰমাণ পত্ৰ নাথাকিলেও চিকিৎসা কৰিব লাগিব চিকিৎসকসকলে৷ চৰকাৰী হাস্পতালৰ লগতে ব্যক্তিগত হাস্পতালসমূহেও এই নিয়ম মানি চলিব লাগিব বুলি স্পষ্ট কৰি দিছে স্বাস্থ্য বিভাগে৷ একেটা নিৰ্দেশনাতে উপায়ুক্তসকলক এই দিশটো তদাৰকৰ দায়িত্ব দিছে স্বাস্থ্য বিভাগে৷

যোৰহাটত একেদিনাই ২৬ জন ক’ভিডত আক্ৰান্ত, এজনৰ মৃত্যু

আমাৰ অসমঃ ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে যোৰহাটতো ক’ভিডৰ সংক্ৰমণ পুনৰ বৃদ্ধি পাইছে৷ ২০২১ চনৰ শেষ ভাগত জিলাখনত ক’ভিডৰ সংক্ৰমণ হ্ৰাস পাইছিল যদিও নতুন বছৰৰ আৰম্ভণিতে ক’ভিডৰ সংক্ৰমণ পুনৰ বৃদ্ধি পাইছে৷ মঙলবাৰে জিলাখনত নতুনকৈ চ্ছজন লোক ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে এজনৰ মৃত্যু হয়৷ নিহত লোকজন ধীৰেশ্বৰ ভৰালী [৬৪] বুলি জানিব পৰা গৈছে৷ আজি জিলাখনত ৰ,১১৪জন লোকৰ ৰেপিড এণ্টিজেন টেষ্ট কৰা হয় আৰু ৰ.৭১ শতাংশ হাৰে ১৯জন লোকৰ পজিটিভ পোৱা যায়৷ আনহাতে ৰেপিড এণ্টিজেন টেষ্ট আৰু আৰটিপিচিআৰসহ আজিৰ দিনটোত আক্ৰান্তৰ হাৰ ২.০৫শতাংশ৷ মন কৰিবলগীয়া যে দীৰ্ঘদিনৰ পাছত জিলাখনত আক্ৰান্তৰ হাৰ দুই শতাংশৰ ওপৰলৈ উঠিছে৷ উল্লেখ্য, সোমবাৰেও জিলাখনত ২০জন লোক ক’ভিডত আক্ৰান্ত হয়৷ ইয়াৰে চ্ছ্ৰজনক ৰেপিড এণ্টিজেন টেষ্ট যোগে আৰু ১৬জনক আৰটিপিচিআৰযট্ৰ³নাট যোগে চিনাক্ত কৰা হয়৷ উল্লেখ্য, এই পৰ্যন্ত জিলাখনত ৩২,০০৬জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷ ইফালে জিলাখনত ক’ভিডত এই পৰ্যন্ত মুঠ ৩৯১জন লোকৰ মৃত্যু হৈছে৷ এসপ্তাহৰ ভিতৰতে জিলাখনত ক’ভিডত দুজন লোকৰ মৃত্যু হোৱা বুলি জিলা প্ৰশাসনৰ তৰফৰ পৰা সদৰী কৰা হৈছে৷ ৩১ ডিচেম্বৰত যোৰহাট ক্লাব ৰোড লক্ষীনগৰৰ ভানু পাচনী [৮৯] নামৰ এগৰাকী মহিলা ক’ভিডত মৃত্যু হোৱা বুলি চৰকাৰীভাৱে ঘোষণা কৰা হৈছিল৷ উল্লেখ্য, নৱেম্বৰ মাহত যোৰহাট জিলাত ৩২৪জন লোক ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে পাঁচজন লোকৰ মৃত্যু হৈছিল৷ ডিচেম্বৰ মাহত আক্ৰান্তৰ সংখ্যা ২৩৭জনলৈ হ্ৰাস পোৱাৰ বিপৰীতে মৃত্যুৰ সংখ্যা চাৰিজনলৈ হ্ৰাস পাইছিল৷ কিন্তু শেহতীয়াভাৱে সংক্ৰমণ বৃদ্ধি পোৱাটো উদ্বেগৰ কাৰণ হৈ পৰিছে৷

নগাঁৱত দহ কলেজীয়া ছাত্ৰ, তিনি বেংক কৰ্মচাৰী ক’ভিড পজিটিভ

আমাৰ অসমঃ নগাঁৱত পুনৰ বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ৷  জিলা স্বাস্থ্য বিভাগৰ সূত্ৰ মতে, আজি জিলাখনৰ ১৮জন লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে৷ ইয়াকে লৈ জিলাখনত ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা হৈছেগৈ ৩৯জন৷ আজি চিনাক্ত হোৱা ক’ভিডত আক্ৰান্তসকলৰ ভিতৰত দহজন নগাঁৱৰ ৰামানুজন জুনিঅ’ৰ কলেজৰ ছাত্ৰ বুলি জানিব পৰা গৈছে৷ ছাত্ৰকেইজন কলেজখনৰ হোষ্টেলৰ আৱাসী৷ ইফালে, এক্সিছ বেংকৰ নগাঁও শাখাৰ তিনিজন কৰ্মচাৰী আজি ক’ভিড পজিটিভ চিনাক্ত হৈছে৷ আনহাতে,  নগাঁও চহৰৰ সমীপৱৰ্তী কাটিমাৰীৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ শিবিৰৰ কতৰ্ব্যৰত জোৱান এজনো ক’ভিডত আক্ৰান্ত হৈছে৷ ক’ভিড আক্ৰান্তসকলৰ কেইবাজনকো নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷ উল্লেখ্য যে, নগাঁও জিলাত অতি সম্প্ৰতি ক’ভিড-১৯১ সংক্ৰমণ বৃদ্ধি পোৱাত উদ্বিগ্নতাৰ সৃষ্টি কৰিছে৷ উল্লেখ্য, কিছুদিন পূৰ্বে নগাঁৱৰ ৰামানুজন জুনিঅ’ৰ কলেজৰ হোষ্টেলত থকা কেইবাজনো ছাত্ৰ ক’ভিডত আক্ৰান্ত হোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল৷