Logo
image

ছাত্ৰ মুক্তিৰ দখলত কটন আমবাৰীৰ প্ৰাৰ্থীও নিৰ্বাচিত

আমাৰ অসম, ৫ জানুৱাৰীঃ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ১৮টা পদৰ বিপৰীতে হোৱা নিৰ্বাচনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৬ খন আসন আছুৱে ৯ খন আসন লাভ কৰে৷ ৩ খন আসন লাভ কৰে অগপৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদে৷ কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি পদত অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী নিয়ৰ ডেকা আৰু সাধাৰণ সম্পাদক পদত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থিত প্ৰাৰ্থী অভিষেক মহন্তই জয় লাভ কৰে৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বই সদৰী কৰা মতে উপ-সভাপতি পদত হীনা দেউৰী, সহকাৰী সাধাৰণ সম্পাদক পদত জুমি গগৈ, লঘু ক্ৰীড়া বিভাগ পদত ফাৰ্মাইশ্ৰী ব্ৰহ্ম, ছাত্ৰী জিৰণি চ’ৰা পদত নম্ৰতা বৰুৱা আৰু  ক’ৰ্ট মেম্বাৰ পদত ছন্দামিতা দাসে জয়লাভ কৰিছে উক্ত ছয়গৰাকী ছাত্ৰ মুক্তি সমৰ্থিত প্ৰাৰ্থী৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মানস কোৱৰে সকলো জয়ী প্ৰাৰ্থীকে শুভেচ্ছা আৰু অভিবাদন জ্ঞাপন কৰিছে৷ আছু নেতৃত্বই আমাৰ অসমক জনোৱা মতে আছু সমৰ্থিত প্ৰাৰ্থী শ্বাশ্বতী প্ৰিয়দৰ্শিনী ‘কটনিয়ান’ৰ সম্পাদক পদত, আকাশ ভট্টাচাৰ্যই ছাত্ৰ জিৰণি কোঠাৰ সম্পাদক পদত, সুদশন [কৌশিক] শৰ্মা তৰ্ক আৰু আলোচনা চক্ৰৰ সম্পাদক পদত, নম্ৰতা শৰ্মা সমাজসেৱা বিভাগৰ সম্পাদক পদত, উজ্জীৱিত বৰুৱা সংগীত বিভাগৰ সম্পাদক পদত, ৰূপম দেউৰী ফুটবল আৰু হকীৰ সম্পাদক পদত এনিশা বুংৰং এথলেটিকচৰ সম্পাদক পদত দীপশিখা কাকতি টেনিচ-সাতোৰ আৰু শৰীৰ চৰ্চাৰ সম্পাদক পদত জয়ী হয়৷ কৰ্টমেম্বাৰ পদত জয়ী হয় আছু সমৰ্থিত নেপূৰ ৰঞ্জন হাজৰিকা৷ আনহাতে অসম ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱাই জনোৱা মতে অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী চন্দ্ৰজ্যোতি বনিয়াই সাংস্কৃতিক সম্পাদক পদত নয়নমণি কলিতাই ক্ৰিকেট বিভাগৰ সম্পাদক পদত জয়ী হয়৷