Logo
image

প্ৰধানমন্ত্ৰীৰ যাত্ৰাভংগ

আমাৰ অসম, ৬ জানুৱাৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যাত্ৰানাস্তি হ’ল পঞ্জাবত৷ বিগত এবছৰ ধৰি ঘাইকৈ যিখন ৰাজ্যৰ প্ৰতিবাদী কৃষক প্ৰধানমন্ত্ৰী মোদীৰ মূৰৰ কামোৰণি হৈ পৰিছিল, সেই পঞ্জাবতে প্ৰতিবাদকাৰীয়ে কৰা পথ অৱৰোধৰ বাবে নিৰ্বাচনমুখী ৰাজ্যখনত দুটাকৈ গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰি আদবাটৰ পৰাই উভতি যাবলগীয়া হয় প্ৰধানমন্ত্ৰী৷ এই ঘটনাত কোনোমতে প্ৰাণ লৈ উভতি আহিবলৈ সক্ষম হোৱা বুলি বৰ্ণনা কৰিছে স্বয়ং প্ৰধানমন্ত্ৰীয়ে৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে পঞ্জাবৰ এই ঘটনাক ৰাজ্য চৰকাৰৰ গুৰুতৰ নিৰাপত্তা গাফিলতি বুলি মন্তব্য কৰি পঞ্জাব চৰকাৰৰ পৰা জৰুৰী কৈফিয়ৎ তলব কৰিছে৷ আনহাতে, সংবাদ মেল আয়োজন কৰি কেন্দ্ৰীয় শিশু আৰু মহিলা কল্যাণ মন্ত্ৰী স্মৃতি ইৰাণীয়ে পঞ্জাবত কংগ্ৰেছে দেশৰ প্ৰধানমন্ত্ৰীৰ ক্ষতি কৰিবলৈ প্ৰচেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে৷ অৱশ্যে পঞ্জাবৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চন্নীয়ে নিৰাপত্তাৰ গাফিলতিৰ অভিযোগ অস্বীকাৰ কৰিছে আৰু ফিৰোজপুৰত আয়োজিত বিজেপিৰ দলীয় সভাত ৭০,০০০ আসন সাজু কৰি ৰাখিলেও কেৱল ৭০০ সমৰ্থকহে উপস্থিত থকাত প্ৰধানমন্ত্ৰী উভতি যোৱা বুলি মন্তব্য কৰিছে৷অহা ফেব্ৰুৱাৰীত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া পঞ্জাবত বুধবাৰে প্ৰধানমন্ত্ৰীৰ দুটাকৈ কাৰ্যসূচী আছিল৷ তাৰে প্ৰথমটো কাৰ্যসূচী আছিল চৰকাৰী, হুছেইনীৱালাত৷ সেই অনুষ্ঠানত তেওঁ জাতীয় শ্বহীদ স্মাৰকত চৰকাৰী কাৰ্যসূচীত ভাগ লৈ কেইবাটাও কেন্দ্ৰীয় আঁচনি ঘোষণা কৰাৰ কথা আছিল৷ দ্বিতীয়টো কাৰ্যসূচী আছিল ফিৰোজপুৰত, বিজেপিৰ দলীয় সভা৷ দিল্লীৰ পৰা বিমানেৰে প্ৰধানমন্ত্ৰী ভাটিণ্ডা বিমানবন্দৰত নামিছিল আৰু তাৰ পৰা তেওঁ হেলিকপ্টাৰেৰে হুছেইনীৱালালৈ যোৱাৰ কথা আছিল৷ কিন্তু নেৰানেপেৰা বৰষুণ হৈ থকাত ডাৱৰ আৰু কুঁৱলীৰ বাবে দৃশ্যমান কমি যোৱাত ভাটিণ্ডা বিমানবন্দৰত ২০ মিনিট অপেক্ষা কৰাৰ পাছত প্ৰধানমন্ত্ৰী স্থলপথেৰে হুছেইনীৱালালৈ যোৱাৰ জৰুৰী সিদ্ধান্ত লোৱা হয়৷ সেই সূচী পৰিৱৰ্তনৰ  বিষয়ে পঞ্জাবৰ আৰক্ষী সঞ্চালকপ্ৰধানকো জনোৱা হয়৷ ভাটিণ্ডা বিমান বন্দৰৰ পৰা স্থলপথেৰে হুছেইনীৱালাৰ দুৰত্ব দুই ঘণ্টাৰ৷ জৰুৰী সিদ্ধান্ত অনুসৰি প্ৰধানমন্ত্ৰীৰ কনভয় পথেৰে আগবাঢ়ে যদিও হুছেইনীৱালা পোৱাৰ পূৰ্বে এখন ফ্লাই অভাৰৰ ওপৰত প্ৰধানমন্ত্ৰীৰ কনভয় স্তব্ধ হৈ যায়৷ কিয়নো সেই স্থানত পঞ্জাবৰ কেতবোৰ সংগঠনে পথ অৱৰোধ কৰিছিল৷ একাংশৰ মতে এই অৱৰোধ আছিল প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰতিবাদত আৰু আন একাংশৰ মতে ভিন বিষয়ত প্ৰতিবাদী কাৰ্যসূচী লৈ পথ অৱৰোধ কৰাৰ ফলত প্ৰধানমন্ত্ৰীৰ কনভয়ৰ যাত্ৰা স্তব্ধ হৈ পৰে৷ ফ্লাই অভাৰৰ ওপৰতে ১৫-২০ মিনিট অপেক্ষাৰ অন্তত প্ৰধানমন্ত্ৰীক নিৰাপত্তাৰ খাতিৰত পুনৰ ওভোটাই বিমান বন্দৰলৈ লৈ যোৱাৰ সিদ্ধান্ত হয়৷ প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীয়ে তেওঁক পুনৰ ভাটিণ্ডা বিমানবন্দৰলৈ ওভোটাই লৈ যায়৷ বিমান বন্দৰত প্ৰৱেশ কৰিয়েই প্ৰধানমন্ত্ৰীয়ে তাত উপস্থিত থকা চৰকাৰী বিষয়াবৰ্গক উদ্দেশ্যি কয়– ‘আপনে চি এম কো থেংকছ কেহনা কি ম্যে ভাটিণ্ডা এয়াৰপৰ্ট টক জিন্দা লৌট পায়া’ [আপোনালোকৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই ক’ব, মই ভাটিণ্ডা বিমানবন্দৰলৈ জীৱন্তে উভতি আহিব পাৰিলো]৷প্ৰধানমন্ত্ৰীৰ এই অনাহুত মন্তব্যই বিজেপিৰ অভ্যন্তৰত আৰু কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষ মহলত জ্বলা জুইত ঘিঁউ ঢালে৷ কাল বিলম্ব নকৰাকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এই ঘটনা প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ গুৰুতৰ গাফিলতি বুলি মন্তব্য কৰি পঞ্জাব চৰকাৰৰ পৰা জৰুৰীভাৱে প্ৰতিবেদন বিচাৰে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টুইটত কয়– “গৃহ মন্ত্ৰণালয়ে পঞ্জাব চৰকাৰৰ পৰা জৰুৰী ভিত্তিত এই ঘটনাৰ প্ৰতিবেদন বিচাৰিছে৷ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ ক্ষেত্ৰত এনেধৰণৰ নিৰাপত্তাৰ গাফিলতি মুঠেই গ্ৰহণযোগ্য নহয়৷ ইয়াৰ বাবে দোষীয়ে শাস্তি পাব৷’ উল্লেখ্য, প্ৰধানমন্ত্ৰীৰ এনে কাৰ্যসূচীত নিৰাপত্তাৰ সামগ্ৰিক দিশ ৰাজ্য চৰকাৰে তদাৰক কৰে৷ চূড়ান্ত মুহূৰ্তত পূৰ্ব নিৰ্ধাৰিত সূচী সলনি হ’লে ল’বলগীয়া বিকল্প সূচীৰ পৰিকল্পনাও পূৰ্বেই সাজু ৰখা হয়৷ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিকল্প সূচী চূড়ান্ত কৰি ৰখা নাছিল বুলি গৃহ মন্ত্ৰণালয়ে অভিযোগ কৰিছে৷ অন্যথা এনেদৰে প্ৰধানমন্ত্ৰী যাবলগীয়া পথ অৱৰোধ নহ’লহেঁতেন৷ পঞ্জাবৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চন্নীয়ে অৱশ্যে দৃঢ়তাৰে নিৰাপত্তাৰ গাফিলতিৰ অভিযোগ অস্বীকাৰ কৰিছে৷ স্থানীয় টিভি চেনেলত তেওঁ কয়– ‘কোনো নিৰাপত্তাৰ গাফিলতি হোৱা নাই৷ কিয়নো, তেওঁৰ কনভয়ত আক্ৰমণৰ ঘটনা ঘটা নাই৷ তেওঁলোকে চূড়ান্ত মুহূৰ্তত হঠাতে পথেৰে অহাৰ সিদ্ধান্ত লৈ আৰক্ষীক জনাইছে৷ অথচ ১০ মিনিট আগলৈকে প্ৰধানমন্ত্ৰী হেলিকপ্টাৰেৰে আহিব বুলিয়েই জনাই আছিল৷ তেওঁ অহা পথ দুৰ্ভাগ্যবশতঃ কিছু সংগঠনে কিছু সময়ৰ বাবে অৱৰোধ কৰিছিল৷ সেই অৱৰোধ উঠাব পৰা গ’লহেঁতেন৷ কিন্তু প্ৰধানমন্ত্ৰীৰ কনভয় খন্তেক পাছতে উভতি গ’ল৷ সেই স্থানত প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কোনো প্ৰতিবাদ হোৱা নাছিল৷ সেয়ে তেওঁৰ প্ৰতি নিৰাপত্তাৰ ভীতি সৃষ্টি হোৱাৰ অভিযোগ অযুক্তিকৰ৷ সভাস্থলী মই কালি ৰাতিও পৰিদৰ্শন কৰিছোঁ, তাত সকলোবোৰ নিৰাপত্তাৰ ব্যৱস্থা পূৰ্বচৰ্ত ৰক্ষা কৰিয়েই সম্পূৰ্ণ কৰা হৈছে৷ প্ৰকৃততে প্ৰধানমন্ত্ৰীয়ে যিখন দলীয় সভাত ভাষণ দিয়াৰ কথা আছিল, তাত মুঠেই ৭০০ মানহে সমৰ্থক উপস্থিত আছিল৷ অথচ আসন যোগাৰ কৰিছিল ৭০,০০০৷  সেয়ে সভালৈ গৈ অপমান পোৱাৰ ভয়ত তেওঁক ওভোটাই নিয়া হ’ল আৰু যাওঁতে তেওঁ নাটকীয় সংলাপ আওৰাই গ’ল৷ এয়া বিজেপিৰ অভ্যাস৷’