Logo
image

অমিক্ৰন পৰীক্ষাৰ ভাৰতীয় কিটলৈ অনুমোদন

আমাৰ অসম, ৬ জানুৱাৰীঃ ক’ভিডৰ নতুন প্ৰজাতি অমিক্ৰন জিনম চিকুৱেন্স অথবা জিন বিন্যাসৰ জৰিয়তে একেকোবে ধৰা পেলাব পৰা এবিধ নতুন ভাৰতত উদ্ভাৱন কৰা কিটক বিশ্ব স্বাস্থ্য সংস্থাই অনুমোদন জনাইছে৷ এই অমিক্ৰন ধৰা পেলাব পৰা কিট টাটা মেডিকেল এণ্ড ডাইগনেষ্টিকছে আমেৰিকাৰ এটা সংস্থাৰ সৈতে যুটীয়াভাৱে উৎপাদন কৰিছে, যাৰ নাম দিয়া হৈছে ‘অমিছিঅ’ৰ’৷ ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছ অৰ্থাৎ আই চি এম আৰে যোৱা ৩০ ডিচেম্বৰতে অমিক্ৰন ধৰা পেলাব পৰা এই কিট ভাৰতত ব্যৱহাৰ কৰাৰ বাবে অনুমোদন দিছিল৷ সম্প্ৰতি অমিছিঅ’ৰ নামৰ এই কিট দেশৰ বিভিন্ন ৰাজ্যলৈ প্ৰেৰণ কৰা হৈছে আৰু সেই অনুসৰি পৰৱৰ্তী সপ্তাহৰ পৰা সকলো ৰাজ্যই এই কিট ব্যৱহাৰ কৰি জৰুৰীভাৱে অমিক্ৰনত আক্ৰান্ত হৈছে নে নাই সেয়া ধৰা পেলাবলৈ সক্ষম হ’ব৷ সম্প্ৰতি অমিক্ৰনৰ সংক্ৰমণ ধৰা পেলাবৰ বাবে দেশৰ বেছিভাগ ৰাজ্যই জিনম চিকুৱেন্স কৰিবলৈ হায়দৰাবাদকে ধৰি আন আন স্থানলৈ প্ৰেৰণ কৰিবলগীয়া হৈছিল৷